জীৱন নিৰৱধি নদী (ৰানু গগৈ)

কোনে জানে
সৃষ্টিৰ অমিয়া বুটলি
ক'ত লুকাই থাকে
জীৱনৰ শেষ সমিধান ৷
আচলতে
জীৱন নিৰৱধি নদীৰ দৰে
নিয়তিৰ নিৰ্দেশ মানি
গুছি যাব পাৰে জীৱন
অহাৰ বাটেৰে আহি
অকাল বেলাত
যোৱাৰ বাটেৰে
উন্মুক্ত হিয়াৰ আবেদনত
থমকি নৰয় জীৱন
বাগৰ সলোৱা সময়ৰ বোকোচাত
সৃষ্টিৰ সমৃদ্ধতাত
সেউজ সুবাস বোলাই
উল্লাসিত হোৱাৰ বেলাতো
জীৱনে নাজানে
আয়ুস ৰেখাৰ সীমনাত উঠি
কাৰ কেতিয়া উকলি যায় দিন ৷
তথাপি জীৱনে বিচাৰে
জীৱনৰ মিঠা আচ্ছাদন
ঘাত-প্ৰতিঘাত কিম্বা সংঘাতক একাষৰীয়া কৰি
থৈ যাব খোজে খোজবোৰৰ কাষতে
খোজ এটা সময়ৰ বালিত ৷