তুমিতো অন্ধ নাছিলা
সংস্কাৰ মানিলা
জীৱনৰ চিনাকি পথৰ
সহচৰ হ'বলৈ সাঁজিলো
নিজকে বন্দিত্বৰ চকুলোৰে
সংস্কাৰ মানিলা
জীৱনৰ চিনাকি পথৰ
সহচৰ হ'বলৈ সাঁজিলো
নিজকে বন্দিত্বৰ চকুলোৰে
নিঃকিন নোহোৱা তুমি
ৰাজনন্দিনী হৈ তুমি অপাৰগ
সমৰ্পন শিকিলা অন্ধ বেশ ধৰি
সহচৰ হৈ পালিলা জীৱন ব্ৰত
ৰাজনন্দিনী হৈ তুমি অপাৰগ
সমৰ্পন শিকিলা অন্ধ বেশ ধৰি
সহচৰ হৈ পালিলা জীৱন ব্ৰত
জনম তোমাৰ হাস্যমধুৰ
নিষ্ঠুৰ হস্তিনাপুৰৰ শাসকে
গাঁথি দিলে জ্বলন্ত অঙঠা
জীৱনটিৰ জোখেৰে
নিষ্ঠুৰ হস্তিনাপুৰৰ শাসকে
গাঁথি দিলে জ্বলন্ত অঙঠা
জীৱনটিৰ জোখেৰে
তুমি শক্তিৰে মহিয়ান
তোমাৰ শৌৰ্যৰ চিনাকি চিত্ৰ
কুৰুৰ পাশত মিশ্ৰণ হৈ
খেলি গ'লা প্ৰত্যাশাৰ ক্ৰীড়া
তোমাৰ শৌৰ্যৰ চিনাকি চিত্ৰ
কুৰুৰ পাশত মিশ্ৰণ হৈ
খেলি গ'লা প্ৰত্যাশাৰ ক্ৰীড়া
তুমি নিজৰ মাজেৰে
বশ কৰিলা ৰিপুক
জীৱনৰ ৰং বিচাৰি
সতীৰ সান্নিধ্য পালা
তুমি গান্ধাৰী
ৰাজনন্দিনীৰ ভৃক্ষু কায়া ৷
বশ কৰিলা ৰিপুক
জীৱনৰ ৰং বিচাৰি
সতীৰ সান্নিধ্য পালা
তুমি গান্ধাৰী
ৰাজনন্দিনীৰ ভৃক্ষু কায়া ৷







