জীৱনটো যেন
এটা ফেচবুকৰ ষ্টেটাচ হৈ পৰিছে,
তাতে কোনোবাই হাঁহিৰ "স্মাইলি" দিছে,
কোনোবাই দুখৰ,
কোনোবাই "ৱাও" বুলিয়েই কৈছে,
কোনোবাই আকৌ
ভালপোৱাৰে ভৰাই দিছে,
অথচ বেছিভাগেই আওকাণ কৰি গৈছে,
তাৰ মাজতো দুই এজনে
কিবা এটা পাইছে
আৰু শ্বেয়াৰ কৰিয়েই দিছে,
মোৰ বাবে সেয়া যেন বোনাচ ৷
আৰু তাৰ লগে লগে মই,
মই মূৰ্খৰ দৰে মাথোঁ "লাইক", "কমেণ্ট" গণনা কৰিছো ৷
আৰু জুখিব খুজিছো,
তাতেই প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ
কিন্তু ক্ষন্তেক পাছতেই বুজি উঠিছো,
ভাত কাপোৰ আৰু একোটা লক্ষ্য কঢ়িয়াই ফুৰা
বাস্তৱৰ কথাবোৰ,
ভাৰ্চুৱেল পৃথিৱীৰ দৰে
বাস্তৱৰ জীৱনতো যে ফেচবুক নহয়,
সহজ ভাবে ল'বলৈ
আৰু লগতে বুজিছো আমি
এতিয়া ভাবি থকাৰ দৰে
ফেচবুকেইটো একমাত্ৰ জীৱনো নহয়,
ইমান গভীৰ ভাবে ল'বলৈ ...
শেষত, দেউতাই কোৱা কথা এষাৰ
"Too much of everything is bad " !!
এটা ফেচবুকৰ ষ্টেটাচ হৈ পৰিছে,
তাতে কোনোবাই হাঁহিৰ "স্মাইলি" দিছে,
কোনোবাই দুখৰ,
কোনোবাই "ৱাও" বুলিয়েই কৈছে,
কোনোবাই আকৌ
ভালপোৱাৰে ভৰাই দিছে,
অথচ বেছিভাগেই আওকাণ কৰি গৈছে,
তাৰ মাজতো দুই এজনে
কিবা এটা পাইছে
আৰু শ্বেয়াৰ কৰিয়েই দিছে,
মোৰ বাবে সেয়া যেন বোনাচ ৷
আৰু তাৰ লগে লগে মই,
মই মূৰ্খৰ দৰে মাথোঁ "লাইক", "কমেণ্ট" গণনা কৰিছো ৷
আৰু জুখিব খুজিছো,
তাতেই প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ
কিন্তু ক্ষন্তেক পাছতেই বুজি উঠিছো,
ভাত কাপোৰ আৰু একোটা লক্ষ্য কঢ়িয়াই ফুৰা
বাস্তৱৰ কথাবোৰ,
ভাৰ্চুৱেল পৃথিৱীৰ দৰে
বাস্তৱৰ জীৱনতো যে ফেচবুক নহয়,
সহজ ভাবে ল'বলৈ
আৰু লগতে বুজিছো আমি
এতিয়া ভাবি থকাৰ দৰে
ফেচবুকেইটো একমাত্ৰ জীৱনো নহয়,
ইমান গভীৰ ভাবে ল'বলৈ ...
শেষত, দেউতাই কোৱা কথা এষাৰ
"Too much of everything is bad " !!







