সোণালী পথাৰখনত
পিতাইৰ ঘাম-হেঁপাহবোৰ
জোনাকৰ দৰে জিলিকিছে
লুইত যেন এতিয়া শান্ত-সমাহিত
লুইত বলিয়া হোৱাৰ পৰত
পিতাই উচুপিছিল
উদং হৈয়ে থাকিব
হেঁপাহৰ ভঁৰালটো ৷
পিতাই উচুপিছিল
উদং হৈয়ে থাকিব
হেঁপাহৰ ভঁৰালটো ৷
আজি পিতাই মুখত হাঁহি
ভঁৰালত সোণগুটিৰে উপচিব বুলি
আইৰ মুখতো এমোকোৰা হাঁহি
লাৱনি দাৱনীৰ খিলখিলনিত
পথাৰ ভৰিব বুলি ৷
ভঁৰালত সোণগুটিৰে উপচিব বুলি
আইৰ মুখতো এমোকোৰা হাঁহি
লাৱনি দাৱনীৰ খিলখিলনিত
পথাৰ ভৰিব বুলি ৷
লুইতৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী
আমাৰ জীৱন ভোগালী ৷
আমাৰ জীৱন ভোগালী ৷







