নিলীম আকাশত তৰাৰ চানেকী
মৰহা অতীতৰ স্মৃতি সুঁৱৰি
শিতানৰ গাৰু তিয়াই
বৈ আহে 'চকুপানী' !
ৰিণিকি ৰিণিকি ভাঁহে
হিয়াৰ উচুপনি
কোনে গাব প্ৰেমৰ নিচুকনি ?
ইকাতি-সিকাতি কৰি
পুৱাই ৰাতি বিষাদৰ জোৱাৰ উঠে
যায় ভেটা ভাগি
অশ্ৰুৰ বানত যাঁও উটি-ভাঁহি !
পুৱা দুচকু মেলি
বিষাদৰ অগ্নিত আশাবোৰ দহি
অপেক্ষাৰত তুমি আহিবা বুলি ।







