আন্ধাৰৰ হাট (আইলুং লাহন বৰা)


দুখ যন্ত্রণাৰ খেলাৰ মাজত
আন্ধাৰৰ এখন হাট
দৰদাম চলি থাকে
ৰঙা আৰু গুলপীয়াৰ...
সেই হাটলৈ ঈশ্বৰ নাহে
তেজেৰে লুটুৰি-পুটুৰি হৈ
অথচ সেই হাটৰ

অবাধ অহংকাৰ
জীৱন এটাৰ জোখাৰে
তাত বেনাম হয়
সম্পৰ্কৰ নাম
হয়তো সেয়ে সেই হাটত
বৰণহীন হয় আন্ধাৰ!!