প্ৰত্যয় ধ্বজা (উৰ্ম্মিলা বৰগোহাঁই)


ৰাশি ৰাশি সেউজীয়াৰ মাজত
মোৰ স্বপ্নৰ নীলিম আকাশ,
আঘোণৰ চোতালত
ন-ধানৰ অনুভূতি
এক বিৰাট নৈঃশব্দ

অথচ মধুৰ সুবাস ।
ৰূপোৱালী জোনৰ শীতল পৰশত
তুমি আহিবা সেই বাটে,
যি বাটে কবিতা আহে
মোৰ কাষলৈ গোপনে ।
মই শুনাম তোমাক
হাঁহি থকা ফুলৰ কথা
তোমাৰ ওঁঠৰ হাঁহিবোৰ হেৰাব খুজিলে,
গভীৰতাৰ আন এক গৰ্ভাংকত
ফুলবোৰ এতিয়াও ফুলি আছে ।
তুমি ক'বা মোক

নিৰবধি নদীৰ কথা
নিমিষতে সকলো সহজ হৈ পৰিব
জীৱনৰ সকলো অসহজ কবিতা,
আমাৰ আত্মীয়তা দেখি
আঁতৰি যাব নৈৰাশ্য,
যাৰ নাম আশাহীনতা নাচি উঠিব
মনোকাশত প্ৰত্যয়ৰ ধ্বজা ।


ঠিকনাঃ ১নং নাহৰণী
ডাকঘৰঃ দীঘলীয়া
জিলাঃ ডিব্ৰুগড় (অসম)
পিনঃ ৭৮৬১০১