আজি এটি পখিলা দেখিলো ।
পখিলা সদায় দেখো
ৰঙা, নীলা, হালধীয়া, ফুটুকীয়া
নাইবা ভিন্নৰঙী পখিলা,
কিন্তু
আজি দেখা পখিলাজনী ৰঙহীন বিবৰ্ণ,
পিন্ধা নাই ফুটুকীয়া সাজযোৰ ।
চহৰৰ কোনোবা ফুটপাথত
তাইৰ জন্মস্থান,
ডাষ্টবিনত তাই লালিত পালিত,
জাবৰৰ মলিনতাত নিঃশেষ
তাই গাৰ ফুটুকীয়া ৰহণ ।
কণমানি পখিলাটিৰ
গাৰ ছালখনৰ মাজেৰে
হাড় কেইডালৰ দৃশ্যমান ।
বহুত দিন তাই মৌখোৱা নাই,
খাব কৰ পৰা ?
ডাষ্টবিনত যে ফুল নুফুলে ।
তাইৰ নিশকতীয়া দেহাটোৰ
ভৰ ল'বলৈও পাখিত জোৰ নাই ।
চহৰৰ টাবত গজা
বিলাতী ফুলবিলাকৰ বুকুত
তাইৰ বাবে মৌ নায় ।
ৰঙীন পখিলাবোৰে
উলাহত নাচিবাগি ফুলৰ মৌ সোহে,
আৰু তাই
ডাষ্টবিনত আহাৰৰ সন্ধান কৰে ।
কিয় বাৰু ফুলবোৰে বুজি নাপায় !
আন পখিলাবোৰৰ দৰেই
তাইৰো মৌ খোৱাৰ মন ।
তাই মোৰ এধানি মৰম বিচাৰে,
বিবৰ্ণতাত ৰঙ সানিবলৈ ।
মই এপাহি অকৃত্ৰিম ফুলহৈ
তাইৰ বাবেই
ফুলি উঠাটো বিছাৰে ।







