অনুৰাগ (পংকজ প্ৰতীম বৰা)


স্বীকাৰোক্তিৰ আগতে
যিদৰে কবিতাবোৰ
সুহুৰি হৈ ওলাইছিল
লতাৰ সুৰত
ওখ পাহাৰৰ দূখ গলিছিল
উপচাই পেলাইছিল

সুখৰ উপত্যকা
পিয়াহৰ জলপ্ৰপাত ।
ময়ো ঠিক

তেনে এটি সুহুৰিৰ দৰে
বাজি থাকিব খোজো
আপোনাৰ হৃদয়ত ।