এটা প্রেমৰ পদ্য (অৰূপ কুমাৰ বৈশ্য)


আকাশীলতা,
তোমাৰ লাজুকীয়া হাঁহিত
খেপিয়াই চাম
এজাক ভাল পোৱাৰ বৰষুণ,
তুমি, মই আৰু কেইটামান ৰূপালী সপোন ।

মই সপোন ৰ'চো
শিলবোৰ গলি বৰফ হোৱাৰ...
ঠিক শাওণৰ পথাৰৰ
এজাক মৰিচিকাৰ দৰে ।


আকাশীলতা,

ফাগুন আহিলেই
তোমাৰ বুকুত ফুলেনে ?
পলাশৰ ৰঙা ফুল,
নে শাৰদীয় বতৰত সৰে শেৱালি ৷


মই তোমাক ভাল পাওঁ আকাশীলতা,
আৰু বাটে বাটে পঢ়ি যাওঁ
তোমাৰ প্রেমৰ সাধু কথা ।
.
ভ্রাম্যভাষঃ ৯৬৭৮১৪৬৪৪২