বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
সমাধি (ডিম্পলী শইকীয়া)
মোৰ সমাধিত
তুমি ৰুই যাবাহি
এজোপি কৃষ্ণচূড়া,
জিৰাবহি দুটি প্ৰেমাতুৰ পখীয়ে,
মনত পৰিলে
তুমিয়ো আহিবা
সুযোগ বিচাৰি,
ময়ো প্ৰাণ পাই উঠিম
আৰু এচাতি বতাহ হৈ
তোমাক সাৱটি ধৰিম ।