কোনটো বাটেৰে পাৰহৈ গ'লা
মোৰ সপোন তুমি;
ছলাহী ৰহনা নেউকা লতি
ভালপোৱাৰ বাট ?
আৰু কিমান খেলিবৰ মন আছিল
দিন ৰাতিৰ লুকা চুৰি খেলখন ?
মাথোঁ প্ৰশ্নহে সকলোতে
উত্তৰত তল সৰা
এখিলা শুকান পাত ।
য'ত বিচাৰিও নাপায়
সেউজীয়াৰ গোন্ধ ।
তুমি জানানে ?
আজি জোনাকী জনীয়েও কান্দে
তুমি নহাৰ বাবেই,
কিমান মাজ ৰাতিৰ আন্ধাৰৰ মাজেদি
বাট দেখুৱাই লৈ আনিছিল
তোমাক মোৰ কাষলৈ ।
আজি তুমি গুচি গ'লা
সকলো পাহৰি,
নেদেখা এটা অচিন বাটেৰে ।
সপোন তোমাৰ নাম
সঁচাই তুমি সপোনই হোৱা ।







