নিয়ঁৰত ডুব যোৱা আলি বাটটি (অংকুৰ শইকীয়া)


(১)
তুমি সিদিনাৰ দৰেই আহিলা
বুকুত মেলি দিলো
সাতোৰঙী ৰামধেনুৰ বোল গাভৰু
নদীৰ বেলিটি তোমাৰ লাজৰে বা লাগি
জুতি লগা ৰবাব টেঙাটি হৈ পৰিল ৷

(২)
মনত পৰিল তাহানিৰে এটি দিন
শেৱালি ফুল ওঁঠৰ নিৰৱতাবোৰ
চাই চাই অধিৰ হৈ পৰিছিলো
ক’ৰেনো এজাক চেঁচা আবিৰে
আঁকি গৈছিল
মৌ সনা নিভাঁজ পলকৰ বাখৰুৱা তৃপ্তি ৷

(৩)
দুচকুৰ গভীৰত
কি প্ৰশ্নৰ উত্তৰ বিচাৰি মগ্ন হ'লো
দো খোৱা আঘোণৰ পথাৰ
নে দাৱনী জাকৰ খিলখিল হাঁহি
ভাৱনা গধুৰ আকাশৰ নীলাবোৰ
প্ৰাণোচ্ছল আৱেগৰ বাণীৰে
কহুঁৱা বিৰিণা হৈ ৰ’ল ৷