পিতাই, আঘোন আহিল (লুইত কিৰন দাস)


পিতাই অ'
হিলদল ভাঙি
আঘোন আহিছে
যেন সোনৰ এখনি দলিচা ৷

ভঁৰাল বিৰিয়া পাতে
বৰকৈ হাঁহিছে পিতাই
এইবাৰ হয়তো বছৰেক আঁটিব
ঘৰৰ চাউলেৰে ৷


আইক ক' দিনবাৰ গনি লগাবলৈ
কাঁচি সপোনৰ সোন গুটিত ৷


পিতাই অ'

এইবাৰ ভালদৰেই খাম
ন ধানেৰে এসাঁজ
সপোনবোৰ পূৰণ হৈছে আই,
ভনী সকলোৰে মুখবোৰ ৰঙীন ৷


পিতাই, আবেলিলৈ আনিম গৈ
তই আৰু মই ঘৰলৈ নতুন আলহী,

বৰযাত্ৰী হৈ সোমাবহি
জুনুক জানাক কৰি,


পিতাই, আঘোন আহিল
মনৰ ৰং বাহিল
সাজু হ' জীৱনৰ ৰং চাবলৈ ৷