চকুৰে কম দেখে
কাণেৰে কম শুনে
পুৱাৰ পৰা আবেলি লৈ
চোতালত বহি
গো বাটৰ সাঁচ গণে
চোতালত বহি
গো বাটৰ সাঁচ গণে
হেম্বেলনি কাঢ়ি চেউৰিজনীৰ
নাক ৰন্ধ্ৰই স্পৰ্শ কৰে
তাৰ শোতোৰা গা
অচিনাকি অথচ আপোন গোন্ধ
নাক ৰন্ধ্ৰই স্পৰ্শ কৰে
তাৰ শোতোৰা গা
অচিনাকি অথচ আপোন গোন্ধ
হাতৰ বুলনিত
পাৰ হ'য় একো একোটা যুগ
পাৰ হ'য় একো একোটা যুগ
চকুৰে কম দেখে
কাণেৰেও কম শুনে
অথচ চোতালৰ প্ৰতিটো খোজৰ অংক নিৰ্ভুল
কাণেৰেও কম শুনে
অথচ চোতালৰ প্ৰতিটো খোজৰ অংক নিৰ্ভুল
গধূলি পৰত যেতিয়াই খোজ পৰে
ভাঁহে
-ৰুৱাদ, ইমান দেৰি কিয় ?
ভাঁহে
-ৰুৱাদ, ইমান দেৰি কিয় ?







