চকু (ৰাতুল দাস)


চকু থাকিও
অন্ধ হোৱাৰ ভাও ধৰিছো
আচৰিত হৈছো
মই আচৰিত হৈছো
চকু থাকি জগত জিনিব নোৱাৰিলোঁ
অন্ধ হৈ জিনিবলৈ সক্ষম হ'লো জগত ।

মমৰ দৰে গলি গলি
পোহৰ বিলালো
ক'ত কিমান পোহৰালো নাজানো
পোহৰ বিলোৱাটো মোৰ হাবিয়াস ৷

নিজে মই সুখৰ গৰাকি নহই
আনৰ বাবে বিলালো সুখ
সেই সুখৰ নাপালো সঠিক মূল্য ৷

দাঁত থাকিও
হাঁহিবলৈ ব্যৰ্থ হ'লো
হাৰ নামানিলো
হহোৱাবলৈ চলালো অপ্ৰাণ চেষ্টা
পালো মাথো শূণ্য সফলতা ।

নায়ক হোৱাৰ যত্ন কৰিলো
হ'লো আজি খলনায়ক
কিয় মই ?
কিয় মই ?
ভাল হ'বলৈ গৈ কিয় আজি বেয়া হ'লো ?
বেয়াবোৰ হে আজি ভাল
বেয়াই চলাইছে আজি
ভালৰ মাজত ৰাজত্ব
সাধু হোৱাৰ উপনাম ৰাৱন ।

কলিযুগত ৰাম মাথো বুৰঞ্জী
সীতা জনীও বনতে আবদ্ধ ।
আজি মোৰ চিন্তাবোৰে
মোৰ বিপৰীতে কৰিছে ষড়যন্ত্ৰ ।
মই মোৰ সৈ'তে যুঁজিছো
নিজৰ মাজতে মই ভাগিছো
এন্ধাৰৰ সুযোগ টানি
মই হেৰাইছো
মই লুকাইছো

বাস্তৱে মোক চুচৰাই আনিছে
মোৰ বিপক্ষে বাস্তৱে সাঁজিছে
শাস্তিৰ ন ন মেজি
জ্বলিছোঁ মই
প্ৰতিদিনে দাউ দাউ কৈ জ্বলিছোঁ ৷


ঠিকনঃ ডিব্ৰুগড়