সুন্দৰ কাজিৰঙাখনি (মীৰা দত্ত)


শীতৰ কুঁৱলি ফালি
দীঘল পথ অতিক্ৰম
পালোঁ কহৰা বাগৰী কাজিৰঙাখনি ৷
পুৱাৰ একাঁজলি ৰ'দে
জনালে স্বাগতম
প্ৰকৃতিৰ অপৰূপ সৃষ্টি
অনন্য অভয়াৰণ্য
অচিন পক্ষীৰ কাকলি
গঁড় হৰিণীৰ লুকা-ভাকু
আহ হৰিণীৰ চাৱনিয়ে
মন পুলকিত কৰে ৷
হস্তীৰ পিঠিত উঠি
ইকৰাণীৰ মাজে মাজে
নীলিম আকাশৰ তলত
মতলীয়া হ'লো উলাহত ৷
উভতিলো এবুকু মিঠা সুৱাস লৈ
সাঁচি থলো স্মৃতিৰ পাপৰিত ৷
প্ৰকৃতিৰ কোলাত হৈ ৰোৱা
চিৰ সেউজ চিৰ জ্যোতিষ্মান
সুন্দৰ কাজিৰঙাখনি ৷