তুমি বিহীনতাৰ বাৰিষা (সত্যজিত কাকতি)

"তুমি যে কথাটো একেবাৰেই গুৰুত্ব দিয়া নাই । কেতিয়াবা মোৰ এনে লাগে যেন মই বিয়া হৈ তোমাৰ পৰা চিৰ দিনলৈ আঁতৰি গ'লে তুমি খুব সুখী হ'বা । হ'ব থাকা । মই আৰু আমনি নকৰোঁ ।" 
অর্পনাৰ কান্দোনটো বাহিৰ হোৱাৰ পূৰ্বেই সিমূৰত ফোনটো কটা গ'ল । ফোনটো কাটি দিব লাগিছিল তাই কিন্তু কাটিলে প্ৰণয়ে । তাই পুণৰ কলবেক নকৰিলে । ফলপ্ৰসু নহ'ব । অর্পনাই বুজিছে, তাইৰ এই কথাবোৰ সাময়িকতে প্ৰণয়ৰ বাবে চিনেমাৰ ডাইলগৰ দৰে । বিৰক্তিকৰ, অহস্যকৰ ।
.পৃথিৱীৰ সকলো প্ৰেমৰ দীঘলীয়া পৰিক্ৰমাবোৰ হয়তো এনেদৰেই শেষ হৈ যায় । কাৰোবাৰ আগমনে কাৰোবাক বিচ্ছেদ ঘটায় । এটাই মাথোঁ অজুহাত, মা-দেউতা । আচলতে মা-দেউতাক অজুহাত বুলি ভবাটো চৰম ভুল হ'ব । প্ৰণয় ভাল ল'ৰা বুলি এদিন দেউতাই নিজেই স্বীকৃতি দিছিল । মায়ো তাক মৰম কৰিছিল । সি প্ৰাইভেট কোম্পানী এটাত সৰুকৈ এটা চাকৰিও কৰে । চেলাৰী নিচেই সীমিত যদিও চহৰৰ একাষত সৰুকৈ ফ্লেট এটা ভাড়া লৈ সিহঁত দুয়োৰে সংসাৰখন খুবেই সুখেৰে আগবাঢ়িলহেঁতেন । অর্পনাই এনেকৈয়ে ভাবিছিল । সপোন দেখিবলৈ বাধ্য কৰাইছিল প্ৰণয়ৰ অভিমানসনা আকুল মৰমবোৰে ।


বিয়াৰ কথা বিশেষ আগবঢ়া নাই । এই ক্ষেত্ৰত অর্পনাৰ বিৰোধেই প্ৰধান হেঙাৰ যদিও তাই জানে খুব সোনকালে তাই অনিচ্ছা সত্বেও বিয়াৰ কথাত সন্মতি জনাব লাগিব ।
বাৰিষাৰ সময় খিনিতে মাকৰ চাইনাছৰ অসুখটোৰ উৎপাত বাঢ়ি আহে আনফালে বিগত কিছু দিনৰ পৰা দেউতাকৰো হার্টৰ চিকিৎসা চলি আছে । অসমৰ স্বাস্থ্য বিভাগৰ লগত সময় ব্যয় কৰাতকৈ বেলেগত দেখাই লোৱাই ভাল হ'ব বুলিয়ে যোৱা সোমবাৰেই মাক-দেউতাক দিল্লীলৈ ৰাওনা হ'ল । তাইকো লগ ধৰিছিল পিছে তাইৰ এই চহৰ এৰি আন চহৰৰ আলহী হোৱাৰ সমূলি ইচ্ছা নাই । দেউতাকৰ অনুপস্থিতিত ব্যৱসাৰৰ সকলো ভাৰ অর্পনাই চম্ভালিব লগা হৈছে । 
এইবাৰ অসমত মৌচুমীৰ প্ৰকোপ বেছি । বতাহ সংমিশ্ৰিত বৰষুণৰ জাকবোৰে 'ডিব্ৰুগড় চহৰখন ঢোৱাই নিয়ে । সোঁৱৰণীৰ বাতৰি কঢ়িয়াই অনা বৰষুণ জাকক অফিচৰ সৰু-সুৰা ব্যস্ততাৰ মাজতোউপভোগ কৰে অর্পনাই । কাচৰ খিৰিকীখনতে বাৰে বাৰে অর্পনাৰ মনটোৱে আঁকি আঁকি মুচি পেলায় তাইৰ প্ৰিয় পুৰুষৰ ছবিখন । প্ৰণয়ৰ মুখখন । তিনিমাহ চাৰিদিন, আঠ ঘণ্টা অতিবাহিত কৰিলে তাৰ অবিহনে । সিমান সময় হ'ল প্ৰণয়ৰ মাত নুশুনা । সিমান সময় হ'ল প্ৰণয়ক নেদেখা । ফাগুনৰ লঠঙা গছবোৰৰ দৰেই উদং, ৰিক্ততাৰে বিৱৰ্ণ অৰ্পনাৰ চৌপাশ । প্ৰতিশ্ৰুতি আৰু প্ৰগাঢ় ভালপোৱাক অগ্ৰাধিকাৰ দিয়েই এদিন এটাই আনটোৰ হৈ অভিমানৰ দীঘলীয়া এনাজৰীডাল জীৱনৰ বাটত সুখৰ সন্ধানত মেলি দিছিল । আজি সকলো তাইৰ বাবে মাথো এক দুস্বপ্ন ৷

বিয়াৰ প্ৰসংগটো উলাইছিলহে । বিয়াৰ তাৰিখটো ঠিক হোৱা নাছিল আৰু এইক্ষেত্ৰত তাই সন্মতিও দিয়া নাছিল তেনেস্থলত প্ৰণয়ে যি অস্বাভাৱিক আচৰণ প্ৰকাশ কৰিলে সেইয়া অর্পনাৰ কল্পনাৰো অগোচৰ । অর্পনাই ক'ৰবাত পঢ়িবলৈ পাইছিল, "পুৰুষে তেওঁৰ জীৱনৰ বিশেষ কিছুমান অভাৱৰ প্ৰয়োজনীয়তাৰ বাবে কেতিয়াবা কেতিয়াবা কোনো নাৰীৰ সৈ'তে প্ৰেমৰ সম্পর্কত মচগুল হ'বলগীয়া হয়" পিছে প্ৰণয়ক সেই পুৰুষৰ শাৰীত অর্পনাই স্থান দিয়া নাছিল ।'
- উহ ৰাম ! আৰু যদি দুঘণ্টামান অফ থাকিল  হয় তেনে এই বপুৰাই অতপৰে ইহলীলা সম্বৰণ কৰিলে বুলি হার্ট লাইভত ব্ৰেকিং নিউজ পালাহেঁতেন চাগে !
- কৃষ্ণ । মোৰ কলিজাটো । এৰাতিহে মাত্ৰ। মামাহঁতৰ ইয়াত কাৰেণ্ট নাছিল জানা আৰু নেটৱর্কো পোৱা নাযায় । এৰাতিত কাৰোবাৰ অবিহনে কোনোবা নমৰে দিয়াচোন ।
- পিছে মই মৰি ইতিহাস ৰচি গ'লোহেঁতেন । কথা এটাকওঁ সুযোগ নল'বা পিছে ।
- কোৱাচোন...।
- তোমাৰ অবিহনে এক চেকেণ্ড সময়ো মোৰ বাবে এটা বছৰ যেন লাগে।
- হাঃ হাঃ হাঃ হাঃ
- হাঁহিছা ন ?
- হাঃহাঃহাঃহাঃ পাগল কি যে সুধিছা । হাঁহিছো নে কান্দিছো ধৰিবই পৰা নাই বোধ হয়। হাঃহাঃ হাঃ..
.
ক'ত গ'ল, ক'ত হেৰাই গ'ল, ক'ৰ পৰা বিচাৰি আনিম ? প্ৰণয়।মোৰ প্ৰণয়।ক'ত আছা তুমি ? প্ৰণয়ৰ নিজৰ বুলিবলৈ মা-দেউতাক, ভাই-ভনী কোনো নাই । সমন্ধীয় খুড়াক এজন আছে তাতো সম্পর্ক, আহ-যাহ তেনেই সীমিত।
অর্পনাকে জীৱনৰ সর্ব্বোচ্চ শিখৰত স্থান দি এটা মাত্ৰ অজুহাতক কেন্দ্ৰ কৰি অর্পনাৰ কাষৰ পৰা এনেধৰণে আঁতৰি গৈ তাইক যি মনোকষ্ট দিছে তাৰ বাবে সি নিজেই কেতিয়াবা সুখী হ'ব পাৰিবনে ? সি বাৰু কিবা ডাঙৰ সমস্যাত পৰিছে নেকি ? অস্থিৰতাৰ চাকনৈয়াত হাঁহাকাৰত আস্ফালন কৰে অর্পনাৰ হৃদয়ে । প্ৰতি দিনাই প্ৰণয়লৈ ফোন কৰে । তাই জ্ঞাত যদিও আনদিনাৰ দৰে সেই একেই প্ৰত্যুত্তৰ, চুইটচ অফ ।প্ৰণয় বাৰু তাইৰ জীৱনৰ পৰা সঁচাকৈয়ে সন্ধানহীন হৈ গ'ল নেকি ? প্ৰণয়ে নিজকে কিয় আত্মগোপন কৰিছে ? নে প্ৰণয়....নাই নাই এইবোৰ অবান্তৰ ধাৰণা।
প্ৰণয়ৰ ছবিখন যেন লাহে লাহে মনৰ পৰা হেৰাই যাব খুজিছে । পোহৰৰ পৰা আন্ধাৰ দৰে । ফে'চবুক, হোৱাটচ আপ সকলোতে প্ৰণয়ৰ ফটো এখন বিচাৰি চলাথ কৰিলে নাই তাতো ব্যর্থ । সকলোতে প্ৰাইভেচী । খঙতে ফৰফেট মৰা ফোন মেমৰীখনো শূন্য। শূন্য আকাশ, স্থবিৰ বতাহ, বিবর্ণ উশাহ, ৰিক্ত হৃদয় ।
ক্ৰমশঃ বিষাদৰ ৰিক্ততাৰে পৰিপূর্ণ হৈ পৰা বর্তমানৰ সময়ৰ আৰু জীৱনৰ পৰা এৰাই চলিবলৈকে অর্পনাই আপ্ৰাণ চেষ্টা চলাইছে । যিদৰে প্ৰণয় সলনি হৈ আঁতৰি গ'ল সেইদৰে তাইয়ো পাৰিব । তাই এইবাৰ গতানুগতিক হ'বলৈ শিকিব লাগিব । প্ৰণয় সদায় থাকিব কিন্তু অপেক্ষা হৈ নহয় এটি কাল্পনিক গল্প হৈ । ওঁহো এটা অসমাপ্ত অগল্প । সঁচাকৈয়ে তাই যেন কিছু সলনি হৈ আহিছে । এক আপেক্ষিক অগতানুগতিক পৰিৱর্তনে বিৰাজ কৰিছে তাই হৃদয়খন ।এবাৰ পৰীক্ষা কৰা যাওক । এটা দুখৰ গান বজাব আৰু তাই অনুভৱ কৰিব । তাই আশাৰত যে প্ৰণয়লৈ মনত নপৰক, পৰিলেও হৃদয়ে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰক ।
অডিয় প্লেয়াৰটো অন কৰি গান এটা বজালে । সন্ধিয়ালৈ দিল্লীৰ পৰা মা-দেউতাক উভটি আহিব । লগত আহিব ডা০ অনুৰাগ কাশ্যপ । দেউতাকে ইতিমধ্যে ফোন কৰি সকলো জনাইছে । মিষ্টাৰ কাশ্যপৰ লগতে তাইৰ বিয়া ঠিক কৰাৰ কথা । চেঁচা বতাহ জাকৰ স'তে পাতলকৈ বৰষুণজাক সৰি পৰিল । গেটৰ পোষ্টটোৰ ওপৰতে পেলাই থৈ যোৱা বাতৰি কাকতখন আনি টেবুলত ৰাখি থলে । চার্দৰ পৰা কাপোৰবোৰ চপাই আকৌ বহিলহি । টেবুলত পৰি থকা পেপাৰখন তাই মেলি চালে । আনকালে তাইৰ বাতৰি পঢ়াৰ অভ্যাস নাই । ইপিঠি সিপিঠি কৰি চাওঁতে হর্ঠাৎ অর্পনাৰ দুচকু স্থিৰ হৈ ৰ'ল । দ্বিতীয় পৃষ্ঠাত প্ৰণয়ৰ ফটো । তলত লিখা আছে,"কেন্সাৰ জনিত ৰোগত অজানিতে অসুস্থ হৈ ডিব্ৰুগড় মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰা ভাতৃপ্ৰতীম প্ৰণয় শইকীয়ালৈ শেষ শ্ৰদ্ধাঞ্জলী যাচিলোঁ । তেওঁৰ আত্মাই সদগতি লাভ কৰক ।
"বৰষুণ জাক বাঢ়ি আহিল, অডিঅ প্লেয়াৰটোৰ গানটো সলনি হ'ল ।

হে কিয়া য়ে জ তেৰে-মেৰে ডৰম্যয়া হেঅন দেখি অনশুনি কই ডাচ-টা হেলগনে লগী অব জিন্দেগী খালীহে মেৰী লগনে লগী হৰ চাঁস ভী খালীবীন তেৰে বীন তেৰে বীন তেৰেকই খ্যালিচ হে হাঁৱা অ মে বীন তেৰে ।