যাযাবৰ (নিতুপন চুতীয়া)

"তেওঁৰ মৰমবোৰ
মদৰ নিচাতে বিচাৰি পাওঁ,
সেয়েটো নিতৌ গধূলি
বাৰ অথবা ৱাইন চপলৈ যাওঁ ৷"

- ৱাহ! ৱাহ! ভাই তইয়ো প্ৰেমত পৰিছিলি তাৰমানে ৷
- হেঃ হেঃ, তুমি কি বুজিবা প্ৰেমাস্পদৰ কাষেদি অহা-যোৱা কৰাৰ বেদনা, তুমি কি বুজিবা চিনাকি চকুত অচিনাকি হোৱাৰ যাতনা! কথাতে নকয় নহয় মৰমে হঁহুৱায় মৰমে কন্দুৱায় ৷
- ভাল পাই কি লাভ পালি ?
- হুহ; লাভৰ বাবেই প্ৰেম সৃষ্টি হোৱা হ'লে দুনীয়াখনেই জীয়াই থকাৰ লায়ক হৈ নাথাকিলহেঁতেন ৷ তই কি বুজিবি টকা পইচাৰ বাহিৰেও অন্য এক জীৱন আছে বুলি ৷
- হেৰ' গৰম হৈ গৈছ নো কিয় ? ক'চোন তোৰ প্ৰেম কাহিনী...
- শুনিব খুজিছ টো ৷ শুন তেনেহ'লে...

মৰাণ জুনিয়ৰ কলেজৰ নাম শুনিছ কেতিয়াবা ? মেট্ৰিক পাছ কৰাৰ পাছত এডমিশ্বনটো তাতেই লৈছিলোঁ ৷ কলেজত মোৰ প্ৰথম দিন ৷ লগৰ এটা আহক বুলি গে'টৰ সন্মুখতে ৰৈ আছোঁ ৷
ওঁঠত এটি ক'লা তিল, গালৰ ভাঁজত পদুম ফুলাই মিছিকি হাঁহিৰে তাই টাউনৰ ফালৰ টেম্প এখনৰ পৰা ক'লা চেণ্ডেল এযোৰে স'তে নামিছিল ৷ পিঠিত ভৰ দি উলমি ৰৈছিল গোলাপী ৰঙৰ এটা বেগ আৰু বেগৰ চেইনত হালধীয়া ৰঙৰ স্মাইলি এটা ৷ বাহ... কিবা এটা ভাল লাগি গ'ল তাইক ৷ লগৰটোৰ কথা পাহৰি মই তাইৰ পিছে পিছে কলেজলৈ বুলি খোজ দিলো ৷

"পোহৰ, ঐ পোহৰ..."
- আৰে, কিহত মচগুল ৰে' তই ৷ সোঁৱে-বাঁৱে নোচোৱাকৈ গৈ আছ যে ৷
- অ' সূৰুয তই, এ নহয় অ' আজি প্ৰথম দিন যে, ভয়টো লাগিবই ন, সেই কাৰণে কলৈয়ো নাই চোৱা ৷ চিধা ক্লাছৰুম বিচাৰি যাওঁ ৷ আহ, আহ, ৰৈ ৰৈ ছোৱালী চাই থাকিব নালাগে ৷

সেই ছোৱালীজনীৰ যে পিছ লৈছিলো, মাত্ৰ সেই ক্ষণিকৰ বাবেহে আৰু ৷ ক্লাছ্, ৰুম, পঢ়া-শুনা এইবোৰৰ মাজেৰে গতানুগতিকতভাৱে দিনবোৰ যাব ধৰিছিল ৷ তেনেতে ঘপকৈ আহিল নহয় নৱাগত আদৰণি সভা ৷ হেৰ' মোৰো যে এইখন কপাল নে চোতাল, কৈছো নহয়, আদৰণি সভাৰ দিনা ৰেগিং কৰিব বুলি মই প্ৰেক্ষাগৃহৰ চুক এটাত তলমুৰ কৰি বহি আছিলো ৷ কোননো চিনিয়ৰ এজনে মাতিলে নহয়, "পোহৰ বৰুৱা, তোমাক মঞ্চত বিচৰা হৈছে ৷" মইটো ভিগি বিল্লি, উপাই নাই, লাজ আৰু ভয়ৰ কোবত মই ৰঙা-ক'লা; তেনেকৈয়ে ষ্টেজত উঠিলো ৷"
"তোমাৰ চিনাকীটো দিয়া আৰু কি কৰি ভালপোৱা কোৱা ৷"
- নমস্কাৰ, মই পোহৰ বৰুৱা, কী-বৰ্ড বজাওঁ আৰু গান অলপ চলপ গাওঁ ৷
- ঠিক আছে তেন্তে, পোহৰে গান গাব, আৰু.... আৰু আমাক নাচনী এজনী লাগে নহয় ৷ পূজাশ্ৰী শইকীয়া আহা, উঠি আহা ৷
- নাচিব পাৰিবানে নাই ?
কওঁ নকওঁকৈ লাজ লাজকৈ ফুটা-নুফুটা মাতেৰে তাই কৈছিল, "পাৰিম"
"এনেওটো পূজা, বিহু এইবোৰত পোহৰ দৰকাৰ হয় নহয় জানো, এতিয়া তুমি নাচিবৰ বাবেও পোহৰৰে দৰকাৰ হ'ব ৷ ষ্টাৰ্ট কৰা আক'৷

দিনটো বৰ উলহ-মালহেৰে পাৰ হ'ল ৷ ভয়, লাজ, স্ফুৰ্তি, সকলোবোৰৰ এক মিশ্ৰিত সমাহাৰ ৷ জীৱনৰ অপূৰ্ব অভিজ্ঞতা ৷ সেই দিন ধৰি পূজাশ্ৰী আৰু মোৰ চিনাকী ৷ ইয়াৰ পাছত কথা-বতৰা আৰম্ভ, কলেজত অনুষ্ঠিত হোৱা অনুষ্ঠানবোৰত সহযোগিতা অথবা প্ৰতিযোগিতা আৰু শেষত পূজাশ্ৰীৰ পৰা পূজালৈ নামৰ পৰিৱৰ্তন আৰু অচিনাকীৰ পৰা বেষ্ট ফ্ৰেণ্ড অথবা বেষ্টি বোলা বিশেষ বিশেষণটোলৈ বিৱৰ্তন ৷
দিনবোৰ যে কেনেকৈ গৈছিল তলকিবই পৰা নাছিলো ৷ কিন্তু তাই অবিহনে দিনো এবছৰ যে অনুভৱ কৰিছিলো ৷ তেতিয়ালৈটো সকলো ঠিকেই আছিল ৷ বেইমান হৃদয়খনেহে মোক গাড্ডাৰ কৰি দিলে ৷ তাইক ভালপোৱাৰ প্ৰস্তাৱ দিব খোজা কখাটোত তাইৰ বান্ধৱী শিখাই বাধা দিছিল ৷ কৈছিল যে পূজায়ে এইবোৰ ভাল নাপাই ৷ তুমি মিছাতে এইবোৰ কৰি তাইৰ লগত বেয়া হ'বলৈ ওলাইছা ৷ মইনো কি জানো, "প্যাৰ কিয়া টৌ ডৰনা ক্যা" বুলি ভাবিয়েই পূজাৰ আগত বৰমতাটো হৈ প্ৰপ'জ দিবলৈ গ'লো ৷ সেই যে অচিনাকিৰ পৰা বিৱৰ্তন হৈ বেষ্টি নে কি হৈছিলো, অবিবেচিত এটি জৌছ্-ভৰা মুহূৰ্ততই চকুৰ প্ৰচাৰতে বেষ্টিৰ পৰা পুনঃবিৱৰ্তন ঘটি মোক অচিনাকি হ'বলৈ বাধ্য কৰাইছিল ৷ আৰু তাৰ পাছৰে পৰা জন্ম হৈছিল, চিনাকি চকুত অচিনাকি চাৱনি ৷
সেইদিনা ৰাতিলৈ পূজাই মেচেজ দিছিল, শেষবাৰলৈ, "মই গম পাইছিলো, তুমি এনেকুৱা কিবা এটাই কৰিবা বুলি, সেয়ে শিখাৰ হতুৱাই কৈছিলো, মই এইবোৰ বেয়া পাওঁ বুলি, যাতে কিবা বেয়া এটা বেয়া নহয় ৷ জানি বুজিও তুমি যিটো কৰিলা, তাৰ বাবে তুমি কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় ৷"

ইয়াত মই দুটা কথাই বুজি নাপালোঁ, আচলতে কি কিবা এটা বেয়া হোৱাৰ কথা কৈছিল তাই আৰু কাৰোবাক ভালপোৱাটো কি এক ক্ষমাহীন অপৰাধ নেকি? 
ঘটনাটো ঘটি যোৱাৰ পাছত তাইক মই সদায়েই মাতিবলৈ যত্ন কৰিছিলোঁ ৷ তাইৰ হৃদয়খন লোহাৰ হোৱা হ'লেই মই ভালপালোহেঁতেন ৷ অন্ততঃ লোহাও এসময়ত গলি যায় ৷ কিন্তু তাইৰ যে মোৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাই ৷ ভালপোৱা অপ্ৰাপ্তিৰ দুখ মই অতি সোনকালেই সামৰি লৈছিলো ৷ কিন্তু আপোন দুচকুত পৰ হৈ যোৱাৰ দুখ মই কোনোদিনেই পাহৰিব পৰা নাই ৷
আৰু কি জান, পুৰণি দুখবোৰে বেছিকৈ উক্-মুকাই উঠে, যেতিয়া তাইক হায়াৰ চেকেণ্ডেৰীৰ চুলি জপৰা ল'ৰাটোৰ সতে দেখা মনত পৰে ৷ তাইটো কৈছিল, তাই প্ৰেম, ভালপোৱা এইবোৰ ভাল নাপাই ৷ আৰু প্ৰেমৰ বাবেই তাই বন্ধুত্বৰ দৰে এটি পবিত্ৰ সত্যক হত্যা কৰিছিল ৷ তাৰ পাছতো তাই কিহৰ যুক্তিত অন্য এজনৰ প্ৰেমক আঁকোৱালি ল'লে সেয়া মোৰ বাবে আজিও সাঁথৰ ৷ তাই মোৰ প্ৰেমক স্বীকৃতি নিদিলে, সেয়া মোৰ কপালৰ দোষ ৷ কিন্তু, তাই যে এজন বন্ধুক হত্যা কৰিলে, তাৰ বাবে পিছে জগৰীয়া কোন?
জান, অনুপম... মদৰ গিলাচত এইবোৰৰ সমিধান বিচাৰি বৰ প্ৰশান্তি লাভ কৰো ৷ মনত আছেনে তোৰ, স্কুলীয়া দিনত যে মই ঘূৰি-ফুৰি খুউব ভাল পাইছিলো আৰু যে তই মোক অঘৰী, যাযাবৰ এইবোৰ কৈ মাতিছিলি! তোক যে মই তেতিয়া গোটেই চুবুৰীটো খেদি ফুৰিছিলো, হি হি, এতিয়া সেই সময়ো নাই, পৰিৱেশো নাই ৷ পিছে কি জান, মই আজি সঁচাকৈয়ে যাযাবৰ ৷ কাৰোৰে হৃদয়ত যে মোৰ বাবে ঘৰ নাই...

- অনুপম, ঐ অনুপম... কিবা এটা ক' আক' ৷ শুইয়ে থাকিলি নেকি? ব'ল ব'ল ঘৰলৈ ব'ল ৷ তোৰ ঘৰতে শুই থাকিম আজি ৷ ঘৰত মোক এনেও আজি সোমাবলে' নিদিয়ে ৷"