- পানী গৈছেনে ৰেণু ?
- ওম এচামুচ গৈছে ৷ঘৰটোৰ বাহিৰে ভিতৰে কাষৰিয়া মানুহ ৷ সৰলাক অন্তিম ক্ষণত পানী দি আছে ৰেণুৱে ৷ চাৰিটাকৈ সন্তানৰ মাতৃ সৰলা, ৰেণু নুমলীয়া জী ৷ বাকী দুজন ল'ৰা সন্তান উচ্চ শিক্ষাৰে শিক্ষিত হৈ অসমৰ বাহিৰত চাকৰিয়াল ৷ লগত বোৱাৰী আৰু নাতি ৷ ডাঙৰ ছোৱালী চহৰৰ কলেজ এখনৰ অধ্যাপিকা, হঠাত্ চুটি লওঁ বুলিও ল'ব নোৱাৰি, ইফালে ঘৰুৱা সমস্যা, পতি দেৱৰ অফিচ, ল'ৰাটোৰ পৰীক্ষা ৷ মাকৰ ৰোগীয়া অৱস্থাত মন থাকিলেও খবৰ ল'বলৈও যে সময়ৰ অভাৱ ৷ দায়িত্ব যে বহুত ৷ দেউতাকৰ মৃত্যুৰ বাৰ্ষিকতো আহিব নোৱাৰা বেদনা দূৰণি বতীয়া তিনি সন্তান ৷ সৰুৰ পৰা এলাগী ৰেণু ককায়েক বায়েকৰ দৰে জ্ঞান লৈ জন্ম ন'হল ৷ পঢ়াত কেঁচা, ঘৰুৱা কাম বনহে কৰি ভালপোৱা ৰেণুৱে মেট্ৰিকটো তিনিবাৰৰ মূৰত পাছ কৰি গাঁৱৰে ড্ৰাইভাৰ এজনলৈ পলাই গ'ল ৷ তাইক লৈহে মাক সৰলাৰ চিন্তা, লাজো পায় সমাজৰ আগত ৷ পলাই যোৱাৰ বাবে ঘৰলৈ আহিব দিয়া নাছিল বহু বছৰ ৷ কিন্তু তাইৰ অভাৱৰ কথা শুনি মাকে মাতিলে এদিন ৷ যি নহ'লেও পেটৰ সন্তান, কেনেকৈ আঁতৰি থাকে ৷ দেউতাক ঢুকুৱাৰ পৰা ৰেণু পাঁচ বছৰীয়া পুত্ৰ আৰু পতিৰ সৈ'তে মাকৰ লগতে থাকিব ল'লে ৷ ড্ৰাইভাৰ স্বামী বিপুলেৱো নিজা ঘৰ খনৰ লগতে ৰেণুৰ সকলো আব্দাৰ পূৰ্ণ কৰিবলৈ যত্ন কৰে ৷ মাক সৰলাকো সি শ্ৰদ্ধা কৰে, ঘৰৰ সকলো কামৰ উপৰিও অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰি আহিছে এবছৰে ৷ হঠাত্ প্ৰেচাৰ হৈ বিকল হৈ পৰা বাওঁ হাত ভৰি হাল লৈ সৰলা জঠৰ হৈ পৰিল ৷ ৰেণু আৰু বিপুলৰ মৰম আৰু যত্নত সৰলা জীৱিত হৈ আছে ৷ মাজে মাজে পুত্ৰদ্বয়ই ৰেণুক ফোন কৰি মাকৰ খবৰ লয় ৷ মাহেকীয়া মুটা অংক এটা মাকৰ পাচবুকত সোমাবলৈ থাকি নাযায় ৷ যি নহ'লেও সিহঁতৰ মাক, পাহৰি যোৱা নাই ৷ ব্যস্ততা জীৱন, পত্নী সন্তানৰ খৰচ, তাতে বাহিৰত থাকিলে কিমান খৰচ থকা জনেহে বুজে ৷ মাকৰ টেনচনত সন্ধ্যা পানীয় পী অলপ শান্তি লভে, তথাপি ৰেণু আৰু বিপুল আছেই যেতিয়া চিন্তা নাই ৷ তথাপি যেন আন এটা চিন্তাহে বাঢিছে, যদি পিতৃৰ সকলো সম্প্ৰতিৰ গৰাকী ৰেণুৰ নামত মাকে লিখি থৈ যায় ৷ এই শিক্ষা নথকা মানুহবোৰ বৰ আবেগিক, অলপ মৰম কৰিলেই চল পায় ৷ কম বেগত চিলিঙি ফেনখন চলি আছে কোঠাটোত ৷ সাগৰৰ ফেনৰ দৰে শুদ্ধ বগা বিচনা খনত মাক সৰলা শুই আছে, হয়তো সাৰে আছে ৷ ফেনৰ বতাহত নাচি আছে কাষৰ দেৱালত উলমি থকা ৰাধা কৃষ্ণ থকা কেলেণ্ডাৰখন, কঁপি আছে ডাঠ কফি ৰঙৰ পৰ্দাবোৰ ৷ বিচনাৰ কাষতে সৰু টেবুল এখন, টেবুলতে পৰি আছে দুটামান দৰৱৰ বটল, পলিথিনত ভৰাই থোৱা দুখনমান চিকিৎসাৰ কাগজ, বাতি এটা অলপ ভাতৰ নিহনী ৷ সৰলাৰ কাষতে মুঢ়া এটা পাৰি বহি চামুচেৰে পানী দি আছে ৰেণু ৷ কোঠাটোত দুগৰাকী মান বয়সীয়াল লোক, হয়তো সৰলাৰ বান্ধৱী ৷ সৰলা তিনি দিনে চকু মেলা নাই ৷ পুত্ৰ ও বৰ জীলৈ খবৰ পথোৱাই পথাইছে, ৰেণুত ফোন কৰি সোধা পোচা কৰি আছে ৷— ৰেণু, মায়ে কিবা খাইছেনে, বেছি কাপোৰ নিদিবি গাত ৷ ৰাতি সাৰে থাকিবি, মৰ টোপনি মাৰি নাথিকিবি আৰু শুন হস্পিতাললৈ নিব নালাগে, এনেই মিছা মিছি খৰচ হ'ব ৷ পাৰিলে হৰলিক্সৰ পানী খোৱাই থাকিবি ৷ পইচা লাগিলে জনাবি ৷ ৰেণুৱে শলাগ লয় ৷ ককায়েকহঁতে মাকৰ প্ৰতি ইমান মৰম, ভালপোৱা ৷ তাই আজলি মনটোৱে কান্দি পেলাই আবেগত ৷ মনে মনে চকুলো মচে তাই ৷ বিপুলে এই তিনিদিন কামলৈও যোৱা নাই ৷ দিনে নিশাই শাশুৱেকৰ লগতে আছে, ৰেণুৰ কষ্ট তাৰ সহ্য নহয় ৷ কিমান দিন যে টোপনি খতি তাইৰ, পুৰঠ চকু হাল দ' হৈ পৰিছে ৷ চকুহালৰ চাৰিও ফালে চাকি তলৰ ছাঁৰ দৰে আন্ধাৰ হৈ পৰিছে ৷ ম্লান পৰা মুখখন দেখিলে বিপুলৰ বুকুখন খোচ মাৰি ধৰে নজানাকৈ ৷ হতাশ আৰু দুখে মেৰাই ধৰা ৰেণুৰ মুখাবৰণে গ্ৰাহ কৰিছে তাই নজনাকৈয়ে ৷ পাঁচবছৰীয়া সন্তানত চাবলৈ সময়ৰ অভাৱ হৈ পৰিছে ৷ খবৰ লোৱা মানুহে ভৰি পৰিছে সৰলাৰ ঘৰ ৷ ইমান অচিনাকি মানুহ, অথচ আপোন মানুহৰ মুখবোৰ যে ঘৰটোত প্ৰৱেশ কৰা নাই ৷ গাঁৱৰ সমাজত বু-বু, বা-বা বোৰ সিহঁতি নুশুনা নহয়, কিন্তু মানুহে নাজানে নিতৌ ফোন কৰি মাকৰ খবৰ লয় পুত্ৰ কণ্যাই ৷ ব্যস্ততা জীৱন সকলোৱে ভূ নাপাই, গাঁৱৰ সমাজেনো কি জানে কেৱল তামোল পকতীয়াই লোকৰ সৎ নাম বদ নাম গোৱাৰ বাহিৰে ৷ বিপুলে কামৰ মাজে মাজে আহি ৰেণুক সোধে—
- ৰেণু, পানী গৈছেনে ? সন্ধ্যা ভাঙিছেহে সৰলাৰ কোঠাৰ পৰা ৰেণুৰ বুকু ভঙা কান্দুন ৷ মানুহবোৰৰ গুণ গুণনীবোৰ বাঢি গ'ল লগে লগে ৷ চোতালত মানুহৰ ভীৰ ৷ বিপুলে সৰলাৰ পুত্ৰ পুত্ৰীলৈ ফোন কৰিলে—
- মা আৰু নাই ৷
থুকাথুকি মাতেৰে বিপুলক ক'লে—
- আমি দুই এদিনতে গৈ আছো ৷ অন্তিম সংস্কাৰ যেন ভালকৈ হয় ৷ মুখাগ্নি যেন সৰু জোৱাইৰ হাতেৰেই কৰক ৷ শ্ৰাদ্ধৰ বাবে চিন্তা কৰিব নালাগে, আমি ডাঙৰকৈয়ে পাতিমগৈ ৷ সঁচাই, পুত্ৰ পুত্ৰীৰ মাকলৈ বৰ হেঁপাহ ,নহ'লেনো ফোনতে ইমান কান্দে নে ৷ ৰেণুৰ ৰাউচি জোৱা কান্দোনবোৰ লাহে লাহে বিপুলে নুশুনা হৈ আহিছে, ফোনৰ সিপাৰে উচুপি উঠা কান্দোনবোৰত সঁচাই চকুলো সৰিছেনে, বুকুবোৰ ভাঙিছেনে, মা বুলি শোক এটাই বুকুৰ ভিতৰখন টনটনাই উঠিছেনে ৷ দৌৰি গৈ শাশুৱেকৰ ভৰিত পৰি বিপুলে কান্দি উঠিল— মা, মই আছো মা ,মই আছো ৷








