সময়ৰ সমাধিত জীৱন (লিপিকা গগৈ)

 
কোমলকৈ পাহ মেলা ডেহেচীয়া ঢেঁকিয়াডাল চিঙো বুলি হাত মেলোতেই হঠাত্ তপিনাৰ এচুকত এক চেঁচা অনুভৱ হ'ল ৷ কিবাহে কামুৰি দিয়া যেন লগাত জেতুকীয়ে মেখেলাখন উজাই দেখিলে ৰঙচুৱা মুগা চিন দিয়া এটা চীনাজোক ৷ একে আঁজুৰে জোকটো এৰুৱাই অালিত উঠিল ৷ মাকজনীলৈ মনে মনে খং এটা উজাই আহিল ৷ এই চেঁচুকীয়া জেগাডোখৰত ওলাই থকা ঢেঁকিয়া কেইডাল মাকৰ চকুতহে পৰিব লাগে নে ৷ ঘৰ পাই চিধাই তাইক এই ঠাইলৈ পঠাই দিছে ৷ তাতে জেপজেপীয়া বৰষুণৰ বতৰ ৷
ফাগুণ মাহৰ ফিৰফিৰিয়া বতাহৰ লগতে দিয়া বৰষুণজাক বাৰিষাৰ প্ৰথমজাক বৰষুণ বুলিয়েই ক'ব পাৰি ৷ কোমলকৈ ওলাই থকা কঁচু-ঢেঁকিয়া কেইডাল এই কেইমাহত খাবলৈ ভাল ৷ বজাৰতো দাম বেছি ৷ মাকে এই কেইদিন ভায়েকক বজাৰলৈ দহ বাৰ মুঠিমান ঢেকিয়া, কঁচু দি পঠাইছে ৷ সৰু সৰু আকাৰত বনোৱা দহ বাৰ মুঠি এইখন গাঁৱৰ মানুহে এসাঁজতে খাব ৷ কিন্তু চহৰৰ মানুহবোৰৰ বাবে ঔটেঙা, ঢেঁকিয়া, কঁচু বৰ দুস্পাপ্য বস্তু তাতে আকৌ আগতীয়াকৈ ৷ জেতুকীৰ নিজকে আগতীয়া পাচলিৰ খেতিৰ মালিক যেন লাগিল ৷ লাভৰ শেষত মুখত এটা সন্তুষ্টিৰ হাঁহিও বিয়পি পৰিল ৷
ছেহঃ এতিয়া কি কৰা যায় ৷ মাকৰ গালিটো শুনিবই লাগিব ৷ ভায়েকে দহ মাইল দূৰৰ বজাৰত এই বনৰীয়া শাক কেই মুঠি লৈ বাটকুৰি বাই নিশা ঘৰত সোমাইহি আৰু তাই ঘৰৰ কাষতে নিচিঙাকৈ আছে ৷ যেনেকৈ হ'লেও চিঙিব লাগিব ৷ মেখেলাখন এইবাৰ ওপৰলৈ দাঙি খুপি খুপি আগবাঢ়িল ৷
বাটে বাটে দুপিয়াই দুপিয়াই আহোতে জেতুকীৰ মনলৈ আহিল ৷ জোকে খাব পৰাকৈ তাই দেহাটোত কিবা আছেগৈ জানো ৷ দুকুৰি পাঁচ বছৰত ভৰি দিয়া তাইৰ ক্ষীণকায় শৰীটোলৈচোন আজিকালি কোনেও চকু নিদিয়ে ৷ ভগৱানেও তাইক ভৰি এখন চুটি কৰি স্বজিলে ৷ ৰ'দৰ পোহৰত দীঘল হৈ যোৱা ছাঁটো দুপিয়াই যোৱা দেখিলে কেতিয়াবা নিজৰেই ভয় লাগে ৷ মানুহবোৰৰ বাবে তাই হ'ল বিনা পইচাত কাম কৰা বাই দৰে ৷ কাৰোবাৰ ঘৰত চাউলখোৱা তাত জেতুকী যাবই লাগিব ৷ আন কাৰোবাৰ ঘৰত ডাঙৰ সকাম তাতো জেতুকী হাজিৰ হ'ব লাগিব ৷ এনেকৈয়ে চলি আছে তাই জীৱনতো ৷ অজলা যেন লগা ভাইটোৰ ওপৰতেই ঘৰখন ৷ জেতুকীৰ মাক বুঢ়ি হৈছে যদিও ভালদৰেই খুজ-কাটল কৰিব পাৰে ৷ কাৰোবাৰ পেত চলিলে, মুখ লাগিলে, পিঠাখোনা হ'লে, ভূতে পালে জৰা-ফুকা কৰি দি দুই-এপইচা পায় আৰু তাৰ পৰাই তামোল চালিব পৰা ঘৰৰ নিমখ-হালধী কন যোগাৰ কৰে ৷ মানুহ মৰি গ'লেও এই ঠাইত ডাক্টৰ দেখা নাপায় ৷ গাঁৱত জেতুকীৰ দৰে আৰু ভালেকৈ জনী আবিয়ৈ ছোৱালী আছে ৷ কেতিয়াবা লগ হ'লে কথা পাতে সুখ দুখৰ ৷ এতিয়াও গাভৰু হ'বৰ মন যায় সিহঁতৰ ৷
গাওঁখনত পঢ়া-শুনা মানুহ নাই বুলিয়েই ক'ব পাৰি ৷ সিটো মুৰে থকা এল• পি• স্কুল খনলৈ মাষ্টৰ এজন আহে তাকো সপ্তাহত এদিন বা দুদিন ৷ জেতুকীয়ে দুই শ্ৰেণী মান পঢ়িছিল ৷ হিচাপ কৰিব পাৰে যেনে তেনে ৷ ভায়েকে বজাৰৰ পৰা অনা টকা কেইটা হিচাপ কৰি ঘৰৰ লাগতিয়াল বস্তুৰ বাবে ৰাখে ৷ সি বতৰ অনুসৰি শাক-পাচলি বজাৰলৈ নিয়েই থাকে ৷ ঘূৰি আহোতে কেতিয়াবা ৰাতি হয় আৰু সেইদিনা সি আহিয়েই ক'ব-
-বাই, বজাৰৰ কাষে কাষে থকা মানুহবোৰৰ ঘৰত বিজুলী চাকি আছে ৷ ৰাতিও ভয় নালাগে তাত ৷ আমাৰ নিচিনা কেৰাচিন শেষ হ'লে নাহৰগুটিও জ্বলাব নালাগে চাগে ন'হ বাই ৷
- অ' হয়, পিছে তাত বহুত বেয়া মানুহো থাকে ৷ শাক-পাতবোৰ শেষ হ'লে ৰৈ নাথাকিবি ৷ গুচি আহিবি ৷
অজলা ভায়েকক বুজোৱাৰ আৰু উপায় নাই ৷ তাৰো বিয়াৰ বয়স পাৰেই হ'ল ৷ যেনে তেনে এজনী গোটাই দিব পৰা হ'লে মাকজনীয়ে অন্তত শান্তিৰে মৰিব পাৰিলেহেঁতেন ৷
কথাবোৰ ভাবি ভাবি আহোতে ঘৰ পালেহি ৷ মাক ঘৰত নাই ৷ দুৱাৰ দাং ডাল খুলি কাপোৰ এখন লৈ বাৰীৰ পুখুৰীটোতে জোবোৰ এটা মাৰি গাটো ধুলে ৷ এই পুখুৰীটোৰ বাবেই জেতুকীৰ মাকৰ লগত দদাযয়েকৰ এখন ডাঙৰ কাজিয়া হ'ল ৷ দদায়েকৰ মতে, সিহঁত সৰু হৈ থাকোতে জেতুকীৰ দেউতাকে এই পুখুৰীটো দদায়েকক বিক্ৰী কৰিছিল ৷ গতিয়ে এতিয়া তাত লাগে ৷ সি মাছ পুঁহিব ৷ মাকে কৈছে এইটো দদায়েকৰ বুদ্ধি ৷ বিনা দৰত পুখুৰীটো সৰকাব বিচাৰিছে ৷ মাকজনী এইখন ঘৰলৈ অহাৰ পৰা কাপোৰ ধোৱা, গা-ধোৱাকে আৰম্ভ কৰি সকলোবোৰ এই পুখুৰীটোতে কৰি আহিছে ৷ কেনোদিনে বিক্ৰী কৰা দেখাও নাই ৷ জীয়াই থাকোতে দেউতাইটৌ এই কথা কেতিয়াও কোৱা নাছিল ৷

খপজপকৈ মাকক অহা দেখি জেতুকী ভিতৰলৈ আহিল ৷
- তই আহিলি ৷ ভাতকেইটা বাঢ়গৈ যা ৷ মই মুখখন ধুই আহোগৈ ৷
- ক'লৈ গিছিলি নো ? ভাইটি ক'ত গ'ল ?
- সি পথাৰলৈ গৈছে ৷ এইবাৰ আগবাৰিষা আহিব যেন পাইছো ৷ মইয়ে ক'লো পথাৰত দম লগাই থোৱা নৰাখেৰ খিনি বেছিকৈ নিতিতিলে গধূলিলৈ জ্বলাই দিবি বুলি ৷ সি তাকে চাবলৈ গৈছে ৷ কাইলৈ হাট আছে ৷ গতিকে, আজিয়েই পাৰিলে কৰি আহিবলৈ কৈছিলো ৷
- তইনো ক'লৈ গৈছিলি ?
- এহঃ নকবি ৷ কণপাই হঁতৰ ল'ৰাটো পেট চলিছে ৷ কালিয়ে ভীমকলৰ পানীকন দিলো নাখালে ভালদৰে ৷ আজি তেজকেই গৈছে ৷
-তোক কিমান কৈছো আই ৷ এইবোৰ এৰি পেলা ৷ সেইদিনা মনাই বৰপাই হঁতৰ নাতিজনী পেট চলি মৰোতে মানুহে তোৰ কথাই কিবা কিবি বকিছিল তোৰ মনত নাই ৷ এইবোৰ কিবা অচিন বেমা আহিছে ৷ কণপাই হঁতৰ ৰেডি'অটোতে কৈ আছিল ৷ ডায়েৰীয়া নে কলেৰা কিবা এটা ৷
- মানুহবোৰে মোক বিচাৰি আহে আৰু মইনো কি দিওঁ ৷ সৰুতে আই বোপাই পেট চলিলে ভীমকলৰ পানী, জ্বৰ উঠিলে ডেমডেলুকা, থুবুকি লতা খুন্দি দিয়ে ৷ তাকেই দি থাকো আৰু এই মানুহবোৰক তোৰ দদায়েৰে উচতাই দিছে কাৰণ আমাৰ পানী টোপাটোত তাৰ চকু ৷
- হ'লেও তই এইবোৰ এৰি পেলা আই ৷ তই যাদু মন্ত্ৰ কৰা বুলিহে হৈ চৈ কৰিছে মানুহবোৰে ৷ যোৱা বছৰ সিখন গাঁৱত কি হৈছিল পাহৰিলি ৷ এতিয়া জৰা ফুকাৰ দিন উকলিল ৷ বেমাৰৰ চৰিত্ৰও সলনি হ'ল ৷ এটাৰ হ'লেই কাষৰটোক সাৱতি ধৰে ৷

সেইদিনা আবেলিলৈ দৌৰি দৌৰি পুতুলী পেহী ওলালহি ৷
- অ' বৌটি তই এতিয়াই পলাই যা অ' ৷ গাঁৱৰ মানুহে তোক ডাইনী বুলি ৰচনা কৰিছে ৷ তই অহাৰ পাছতে কণপাই ল'ৰাটো ঢুকাল ৷ হজৰৰ ল'ৰাটোৰ তই দিয়া পানী খাই বেছি হৈছে ৷ ৰাতিলৈ কি হয় ঠিক নাই ৷ তহঁত দুজনী এতিয়াই তামুলী বাগান হৈ পলাই যা ৷
- ৰ'হ চোন পুতুলী ৷ গাঁৱৰ মানুহে মোৰ ইমান অবিশ্বাস কৰিছেনে ৷ মই এইখন ঘৰলৈ অহাৰ পৰা মোৰ বনদৰৱেৰেই গাঁৱৰ মানুহবিলাকক উদ্ধাৰ কৰিছো ৷
- সেইবোৰ এতিয়া বাদ দে ৷ মানুহবোৰ আগৰ দৰে হৈ থকা নাই ৷
- মই ক'লৈকো নাযাওঁ ৷ পলাই গ'লে মানুহবোৰে মোক বেছিহে সন্দেহ কৰিব ৷

জেতুকীয়ে কি কৰিব কি নকৰিব উপায় নাপালে ৷ পুতুলীয়ে কথাখিনি কৈ গুচি গ'ল ৷ তাই মনে মনে খবৰটো দি গৈছে ৷ মাকজনী বহা ঠাইতে বহি থাকিল ৷ ইফালে ভায়েকটোও পথাৰৰ পৰা আহি নাইপোৱাহি ৷ আবেলিৰ ৰ'দটো অলপ দিছিল বাবে বোধহয় পথাৰতে আছে ৷ কি কৰিব এতিয়া ইহঁতি ৷ জেতুকীৰ গাটো ইচাট বিচাট কৰিলে ৷ যাবই বা ক'লৈ ৷ যোৱা বছৰ সিখন গাঁৱত হোৱা ঘটনাটো মনত পৰিল আৰু গাৰ নোম শিয়ৰি উঠিল ৷
গধূলি চাকি-বাতি জ্বলাই ভাতৰ চৰুটো চৌকাত দি জেতুকীয়ে নঙলাৰ মুখলৈ গৈ বাৰে বাৰে চাই আছে ৷ কৃষ্ণপক্ষৰ ঘোপ মৰা আন্ধাৰ ৷ গাৰ নোমডালো নেদেখি ৷ মাক বহা ঠাইতে ৰ' লাগি বহি আছে ৷ জেতুকীৰ চিন্তা বেছিকৈ হ'ব ধৰিলে ৷ ৰাতিও গভীৰ হৈ আহিছে ৷ অজলা ভায়েকটো ক'ত থাকিল বাৰু ৷ তাই অকনমান আগবাঢ়ি যাওঁতেই পথাৰ ফালৰ পৰা হৈ চৈ ৰ স'তে পোহৰ ভাঁহি থকা দেখা পালে ৷ ভায়েকৰ কিবা এটা হোৱা যেন ভাব হ'ল ৷ জেতুকীৰ পথাৰ ফালে প্ৰাণটাকি দৌৰিবলৈ ধৰিলে ৷
অলপ ওচৰ পাই পথাৰত বহুত মানুহ দেখা পালে ৷ অজলা ভায়েকক ৰছী লগা খুঁটা এটাত বান্ধি ওলমাই থৈছে ৷ গালে মুখে এসোপা মান তেজ বৈ আহিছে ৷ তাইৰ মূৰ্চ্ছা যাওঁ যেন লাগিল ৷ পিছ মূহুৰ্ত্তত নিজকে চম্ভালি ল'লে ৷ ভায়েকক অস্পষ্ট কেঁকনি ইমান চিঞৰ বাখৰৰ মাজতো তাইৰ কাণত পৰিল ৷ তাৰ মানে পুতলীয়ে খবৰটো দিওঁতেই পথাৰত ভায়েকৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিলেই ৷ আগবাঢ়ি যাবলৈ তাই সাহস নহ'ল ৷
- ক' তোৰ মা আৰু বায়েৰাই কৰ পৰা দৰৱ আনি গাঁৱৰ ল'ৰা-ছোৱালীবোৰ মাৰিছে ৷
সেয়া দদায়েকৰ মাত ৷ তেজ-মঙহৰ সম্পৰ্ক এটাও আজি নিষ্ঠুৰ হৈ পৰিল ৷
- এই বেঙাটোৱে আনি দিয়ে ৷ টাউনৰ ফালে গৈ থাকে নহয় ৷ মাৰ তাক ভালকৈ ৷ ডাইনীৰ পুতেক ৷ জীৱন্তে পুৰি পেলা ৷

মাৰ মাৰ তাক, জ্বলাই দে, ভায়েকৰ ওপৰত উপৰাপৰি প্ৰহাৰ ৷ জেতুকীৰ মূৰটো আচন্দাই ঘূৰিবলৈ ধৰিলে ৷ "ভাইটি......." ৷ মুখৰ ভিতৰতে উচ্চাৰণ কৰিলে ৷ ভায়েকক ইমানবোৰ মানুহৰ পৰা কেনেকৈ বচাব ৷ অসহায় তাই অসহায় ৷
"আই.... ৷ ক'লৈ গ'ল আই " ৷ তাই কি কৰিব নকৰিব একো চিন্তা কৰিব নোৱাৰিলে ৷ মানুহ এগাল আলিবাটটোৱে আহি থকা যেন অনুভৱ হ'ল ৷ পথাৰতো খেৰৰ দম এটা দপদপাই জ্বলি উঠিল ৷ জেতুকীয়ে কোন কুৰা জুইত জাপ দিহ ?
তাই সাউদকৈ খাৱৈ টোলৈ নামি বতজোপাৰ কাষেদি পাছবাৰী পালেগৈ ৷ ভীমকল এজোপাৰ গুৰিতে তাই গেজেপ মাৰি ৰ'ল ৷ মানুহ দুজন মান এতিয়াও আছে ৷ ঘৰটো আধা জ্বলি উঠিছে ৷ মাকজনীক সিহঁতে পালে নেকি ৷
- জীয়েকজনী ক'লৈ গ'ল ? তাইক বিচাৰিব লাগিব ৷ সিহঁত থাকিলে গাওঁখন উচন হ'ব ৷
- লেঙেৰী কিমান দূৰ পলাব ৷ পুৱালৈকে পাই যাম ৷

তাৰ মানে মাকক পালে ৷ মাকৰ দেহাটো ঘৰটো সৈ'তে জ্বলি আছে ৷ পথাৰত ভাইটো ৷ হুকহুকাই কান্দি উঠিল জেতুকী ৷ তাই কাকো বচাব নোৱাৰিলে ৷ তাই আত্মসমৰ্পণ কৰিবলৈও সাহস নহ'ল ৷
কিন্তু তাই যাওঁ বুলিলেও যাব ক'লৈ ৷ গাঁৱৰ মানুহে বিচাৰি নাপাবনে তাইক ৷
জেতুকী কান্দোনত ভাগি পৰিল ৷ হঠাত এই ধৰ্ ধৰ্ তাইক ধৰ্ বুলি কেইবাটাও মানুহ কল গছজোপা ফালে দৌৰি আহিল ৷ অত বছৰে আপোন হৈ থকা মানুহবোৰ ৰাতি ভিতৰতে হিংস্ৰ হৈ পৰিল ৷ তাই জাপ মাৰি হাবিয়নীখনৰ মাজৰ সোমাল ৷ বতাহৰ গতীত যোৱাৰ দৰে বেত কেইজোপাৰ মাজেৰে আন্ধাৰতে দৌৰি থাকিল ৷ যিখন হাবিত দিনতে খুপি খুপি সোমাব লগা হয় সেইখনত আজি বেতৰ কাঁইট, জেজেলি পকা, বাঘঢকা বনৰ তীক্ষ্ণ কাঁইট নেওচি আগুৱাই গৈছে ৷ লেঙেৰীয়া ভৰিখনেও সঞ্জীৱনী শক্তি পোৱাৰ দৰে জেতুকীৰ গাত জোৰ ঢালি দিছে কাৰণ পাছে পাছে আহি থকা তীক্ষ্ণ ধাৰাল মানুহৰূপী কাঁইটবোৰৰ খোচ যে অতি ভয়ংকৰ ৷ জেতুকীয়ে যিমানেই আগুৱাই গৈ আছে সিমানেই পিছুৱাই যোৱা যেন লাগিল ৷ মানুহৰ চিঞৰবোৰ তাই কাষৰ পোৱাহি যেন অনুমান হৈছে ৷
এসময়ত তাই পাটিদৈ-তৰাগছেৰে ভৰি থকা খাৱৈ এটাত ভৰি পৰি গ'ল ৷ দেহত আৰু শক্তি নাই ৷ যদি হয় ইয়াতেই শেষ হ'ব তাইৰ জীৱনটো ৷ আন্ধাৰতে নিজকে খেপিয়াই চালে ৷ চাদৰখন ক'ৰবাত থাকি আহিল ৷ ক'লৈ যাব তাই !

কি বুলি চিনাকী দিব নিজকে ৷ সঁচাকৈ তাই ডাইনী নেকি ? মাক-ভায়েকলৈ মনত পৰাত তৰাগছ কেইজোপাকে সাৱতি হুকহুকাই কান্দি উঠিল ৷ সৰ্বশৰীৰতে এক চেঁচা চেঁচা ভাব অনুভৱ হ'ল ৷ যেন দুপৰীয়া তাইৰ তেজখোৱা চিনা জোকটোৱে লগত হাজাৰজন সহযোগি লৈ তাইক আক্ৰমন কৰিছেহি ৷ তাই চকুহাল মুদি একেথৰে পৰি ৰ'ল ৷