কথা কেইটা কৈ বেয়া লাগিল যদিও ভয়ো লাগিল কাৰণ ৰুমীয়ে যদি কিবা বেয়া ভাবত লয় ৷ যি বন্ধুৱে মোক ইমান সহায় কৰিলে সেই বন্ধু নাই বুলিয়েই বন্ধু পত্নীক মই যেন কিবা বেয়াকৈ ক'লো ৷ ভাবি ভাবি ৰাতিটো টোপনি নাহিল ৷ পিছ দিনা সময়সূচীমতে ল'ৰা-ছোৱালী হালক স্কুলত থৈ ঘৰত কি কি বস্তু লাগে বজাৰ কৰি থৈ নিজৰ বিল এখনৰ কামত ঘুৰি ফুৰি স্কুলৰ পৰা ল'ৰা-ছোৱালী হালক আনি খুৱাই- বুৱাই মাক অহালৈ বাট চাই আছো ৷ ছয় বাজিল, সাত বাজিল কিন্তু সিহঁত দুটাই এবাৰো মাকৰ কথা সোধা নাছিল ৷ মোৰ বাটলৈ চাই চাই আমনি লাগি গৈছে, মাক কিয় এতিয়াও অহা নাই ? কালি ইমান ভালকৈ কোৱাৰ পাছতো আজি বেছিহে দেৰি কৰিছে চোন ৷ যিমানেই দেৰি হৈ গৈ আছে সিমানেই মোৰ বুকু কঁপিব ধৰিছে ৷ এটা সময়ত মোৰ ধৈৰ্যৰ সীমা চেৰাই গ'ল ৷ চমৰ আৰি চিমৰণক বাইকত উঠাই অফিচ পালোগৈ ৷ গৈ দেখো অফিত বন্ধ ৷ চকীদাৰজনক পাই সুধিলোঁ-
- আজি বাইদেউৰ ক'ত পাৰ্টি আছে ?
- ছাৰ, আজি ক'তো পাৰ্টি নাই ৷ বাইদেউ দুই বজাতেই ছুটী লৈ অফিচৰ পৰা গ'ল ৷
হে প্ৰভু ৷ মই ক'লৈ যাম এতিয়া ৷ ৰুমীয়ে মোৰ কথাত আঘাত পাই নীৰেণলৈ মনত পৰি চুইচাইড কৰা নাইতো ? ঈশ্বৰ! এই কণমানি দুটাৰ কাৰণেই আপুনি ৰুমীক ৰক্ষা কৰিবা ৷ এবাৰ ভাবিছো ৰুমীক ফোন এটাই কৰো নি ? আকৌ চিন্তা কৰিছো নাই নাই ক'ৰবাত পাৰ্টি খাই আছে যদি লগৰ ষ্টাফৰ আগত হয়তো তাই বেয়াও পাব পাৰে ৷ ঘৰলৈকে ঘূৰি যাওঁচোন, কিজানি আমি এইফালে আহোতে তাই সিফালৰ ৰাস্তাৰে ঘৰ পালেগৈ ৷ তৎক্ষণাত ঘৰলৈ উভতি আহি দেখো যে গেটত তলাটো ওলমি আছে ৷ চমৰে সুধিছে আংকুল আজি মা ঘৰলৈ নাহে নি ? চিমৰণে উত্তৰ দিলে- মাৰ ঘৰলৈ নাহিলেই ভাল ৷ মই আংকুলৰ লগত শুম ৷ আংকুল আমাক চিপচ আৰু মৰ্টন আনি দিয়া ৷ এটা সময়ত মই সাহস গোটাই ৰুমীলৈ ফোন লগালো ৷ লগে লগে ফোন বাজি উঠিল ৷
- হেল্ল...........,
- ৰুমী তুমি ক'ত আছা আৰু তোমাৰ দেৰি হ'ব নি বাৰু ? ৰাতিও ভালেখিনি হ'ল ৷
- ৰণ্টু দা মই ডেচিং আইনাৰ কাষতে চিঠি এখন লিখি থৈ আহিছো ৷ আপোনাক বৰ বিশেষ একো ক'ব নোৱাৰিম ৷ আপুনি চিঠিতে সকলো গম পাব ৷"
আৰু লগে লগে ফোন কাটি দিলে ৷
গেটৰ তলাটো খুলিবলৈ মোৰ হাতখন থকথককৈ কঁপিছে, খুলিব খুজিছো কিন্তু খুলিব পৰা নাই ৷ চাবিটো এনেই ঘুৰাই আছো ৷ চমৰে মোৰ হাতৰ পৰা চাবিটো লৈ তলা খুলি লাইটৰ চুইচটো দিয়াতহে মোৰ জ্ঞান ঘূৰি আহিল ৷ টি•ভি টো লগাই সিহঁত দুটাক বহুৱাই তাই ৰুমলৈ সোমাই গ'লো আৰু ডেচিং টেবুলৰ পৰা চিঠিখন লৈ লগে লগে ৰুমটো বন্ধ কৰি সিহঁত দুটাৰ ওচৰতে পঢ়িবলৈ ল'লো যদিও পঢ়িব পৰা নাই কাৰণ তাই বেডৰুমত মই কেতিয়াও সোমোৱা নাই ৷ আজিয়েই প্ৰথম সোমাইছো ৷ মনত ভিন্ন প্ৰশ্ন আহিল- তাই বাৰু মোক কিবা বিপদত পেলাব বিচাৰিছে নি ? নাই নাই তাই ইমান বেয়া হ'ব নোৱাৰে ৷ কাৰণ মই তাই কোনো অনিষ্ট কৰা নাই ৷ মাত্ৰ সেই দু-আষাৰ কথা অলপ শাসনত ক'লো হয় বুলি ভাবোতেই সিহঁতে কাৰ্টুনত গণেশৰ মূৰ কটা দৃশ্য দেখি মোক সাবটি ধৰিলহি ৷ আংকুল মূৰ কটা আহিছে ৷ সিহঁতক বুকুৰ মাজতে সোমোৱাই বেলেগ এটা চেনেল লগাই দি ভয়ে ভয়ে চিঠিখন খুলিলো ৷ (আগলৈ)








