নিশা ভাত কেইটা খাই কেম্পাচটোৰ ভিতৰতে এপাক খোজ কঢ়া অনুলেখাৰ পুৰণি অভ্যাস ৷ আন দিনাৰ দৰে ওলাই যাওঁতে সিহঁতৰ নাইট চকীদাৰ জনে দুষাৰ কথা পাতিবলৈ আগবাঢ়ি আহিল ৷ সুধিলে- "বাইদেউ বৰ লৰালৰিকৈ চাৰে চাৰি মান বজাত চাৰৰ লগত
ওলাই যোৱা দেখিলো ৷ সকলো ঠিকে আছে নহয় ৷"
অনুলেখাই অলপ বেজাৰেৰে ক'লে -"আজি মোৰ শিশু কালৰে পৰা একেলগে পঢ়া শুনা কৰা অন্তৰঙ্গ বান্ধৱী গৰাকীৰ দেউতাক ঢুকাল, ময়ো তেখেতক দেউতা সম জ্ঞান কৰিছিলোঁ ৷ চাৰি মাহ আগতে লাংত (হাওঁ-ফাওঁ) কেন্সাৰে ধৰা গম পালে, যিমান পাৰে চিকিৎসা কৰিলে আজি দুপৰীয়া ঢুকাল ৷
" চকীদাৰ জনেতো পোনচাতে কৈ উঠিল- "এইবোৰ বেমাৰ একেবাৰে বেয়া চৰিত্ৰৰ পাপী মানুহৰহে হয় ৷"
শুনি অনুলেখাৰ খংত একো নাই হ'ল ৷ তাই খংৰ ভমকত কৈ পেলালে - "তেন্তে আপোনাৰটো কেতিয়াবাই হ'ব লাগিছিল, নাই হোৱা যে ! আপুনি কিমান জানে তেখেতৰ জীৱনক যে আপুনি এনে এটা মতামত দিছে ৷ যিজন মানুহে পৰ আপোন নাজানে কেৱল মৰম দিব জানে তেনে এজন মানুহক আপোনাৰ এনেকৈ ক'বলৈ নৈতিক অধিকাৰ নাই ৷"
চকীদাৰ জনে সেমেনা সেমেনি কৰি ক'লে - "প্ৰায়ে আলোচনা কৰা শুনো যে মানুহে আৰু নিজেও দেখিছোঁ ৷"
"আপুনি দেখাজনৰ ৰোগটো কাকতালীয় ভাবে মিলি যাব পাৰে, সেই বুলি এই বিজ্ঞানৰ যুগত আপুনি ৰোগ একোটাক পাপ-পুণ্যৰ লগত ৰিজাব নে ? আপোনালোকে চিন্তাত আধুনিক হ'বলৈ বহু বাকী ৷''
কৈয়ে তাই ঘৰলৈ খোজ ল'লে ৷ তাইৰ মৰমৰ, সন্মানৰ দেউতাক জনৰ প্ৰতি এনে মন্তব্য শুনি মনত খুব দুখ লাগিল ৷ বিচনাত পৰি ভাবিলে, তাই বাৰু মানুহজনক বৰ বেয়াকৈ ক'লে নেকি ! তেওঁলোক ৰোগৰ বিষয়ে অজ্ঞ বাবেই তেনেকৈ কৈ দিব পাৰে ৷ সেই বুলি তাই কোৱা উচিত নাছিল চাগে আপোনাৰো হ'ব লাগিছিল বুলি ৷ বহু সময় পাগুলি থাকি তাই নিজৰ কথাটো ভুল নহয় বুলি ভাবিবলৈ বহু যুক্তি পালে, কাৰণ সেই চকীদাৰ জনে দিন ৰাতি ঘৈণিয়েকক অমানসিক নিৰ্যাতন দিয়া, ল'ৰা-ছোৱালীক পঢ়িবলৈ টকা নিদি উপাৰ্জন কৰিবলৈ লগাই দিয়া, ওচৰ চুবুৰীয়া সকলোৰে লগত হাই-কাজিয়া কৰা, খোৱা সামগ্ৰি নিজলৈ আনি লুকাই খোৱাকে ধৰি নানানটা অমানৱীয় কাম কৰি থকা তাই দেখি আহিছে ৷ বুজাইছেও কেবাদিনো অলপ মৰমেৰে চলিবলৈ ৷ কিন্তু নাই, একো বিশেষ পৰিবৰ্তন নহ'ল মানুহজনৰ ৷
যোৱা দহ বছৰত চকীদাৰ জনে, তেওঁ কোৱাৰ দৰে ইমানবোৰ বেয়া কাম আৰু যদি তেওঁ পাপক মানে তেন্তে তেনে পাপ হাজাৰ গুণে, আন বহু মানুহতকৈ বেছি কৰিছে ৷ যদি পাপৰ ফলত কৰ্কত ৰোগ হয়, তেন্তে তেওঁৰ নম্বৰ কেতিয়াবাই আহিব লাগিছিল ৷ নাই তাই একোভুল কোৱা নাই ৷ ইয়াকে ভাবি তাইৰ বান্ধৱীৰ উদাৰমনা, পৰোপকাৰী দেউতাকলৈ অন্তৰেৰে
শ্ৰদ্ধা নিৱেদন কৰি তাই শুই পৰিল ৷
(সমাপ্ত)







