জনপ্ৰিয় অভিনেত্ৰী স্বাগতা বৰুৱাৰ সাফল্যৰ যাত্ৰা (ফেচবুক মোৱাইল থিয়েটাৰ গ্ৰুপ ধৃতিমান শৰ্মা)

সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমান নাট্যজগতৰ জনপ্ৰিয় অভিনেত্ৰী স্বাগতা বৰুৱা । বিগত বৰ্ষৰ দৰে এইবৰ্ষটো দক্ষ অভিনয়েৰে উজলি উঠিছে । ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা/পৰিচালক চম্পক শৰ্মাদেৱৰ ৰচিত/পৰিচালিত চলিত নাট্যবৰ্ষৰ সৰ্বাধিক চৰ্চিত "নৰসিংহ" নাটকখনত এটি ঋণাত্মক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । সংলাপ প্ৰক্ষেপন, অভিনয়ৰ উন্নত মান, পেছাদাৰী অভিনয় শৈলীৰে বিগত বছৰবোৰতভাগ্যদেৱী, ৰাজশ্ৰী, বৃন্দাবন, বৰদৈচিলা আদি অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলত সৰ্বস্তৰৰ দৰ্শকক আকৃষ্ট কৰা স্বাগতা বৰুৱাই এইবাৰ "নৰসিংহ"ত দেখুৱালে নতুন চমক । ৰাজমুকুট থিয়েটাৰ প্ৰথম বৰ্ষৰ তিনিওখন নাটকতে তিনিটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকক দিলে নতুন স্বাদ ।
     অহা নাট্যবৰ্ষত তেখেত চুক্তিবদ্ধ হৈছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল "ইতিহাস থিয়েটাৰ"ৰ সৈতে । স্বাগতা বৰুৱাৰ দুৰ্দান্ত অভিনয়ৰ বাবে অপেক্ষা ভ্ৰাম্যমাণপ্ৰিয় দৰ্শকসকল ।

     অভিনেত্ৰী গৰাকি আগুৱাই যাওক ৷