নীলা খামৰ চিঠি (পাপুলী নেওগ)


মৰমৰ পাপু,
        তোমাক মৰমৰ বুলি কোৱাৰ অধিকাৰ আজি মোৰ নাই তথাপিও ক'লো । নেদেখা জনে তোমাক হয়তো কুশলে ৰাখিছে । আজি ৩০ ছেপ্তেম্বৰ তোমাৰ জন্মদিন নহয় তুমি চাগৈ নামঘৰত চাকি বন্তি জ্বলাইছা মইও জ্বলাইছো তোমাৰ হৈ । তুমি কুশলে থাকিবলৈ । তুমি হয়তো ভাৱিছা মই হয়তো পাহৰি যাম তোমাৰ জন্মদিনৰ কথা কিন্তু কেনেকৈ পাহৰো কোৱা ? যাৰ নাম এবাৰ হৃদয়ৰ মণিকোঠাত খোদিত কৰি ল'লো তেওঁক জানো পাহৰিব পাৰি ? তুমিতো জানাই জীৱনৰ সকলো মৰম ভালপোৱা মই তোমাক দিছিলো । তুমিওতো লৈছিলামোৰ মৰম বোৰ কিন্তু এনেকৈ যে এৰি যাব মই সপোনতো ভবা নাছিলো । কি যে হৈ গ'ল নহয় ? বিচ্ছেদৰ সেই ৰাতিতোৰ কথা মনলৈ আহিলে আজিও বুকু কপি উঠে মোৰ । বুকুৰ কোনোবা এটা কোণত শূলে বিন্ধা দি বিন্ধে । তুমি ঠিকেই কৈছিলা সেই যে ৰাধা কৃষ্ণৰ কথা আমাৰো তেনে হৈ গ'ল অ'

       অহ্ তোমাৰ বিয়াৰ খবৰতো পাইছো । তুমি হয়তো মনে বিচৰা দৰেই তোমাৰ পত্নী পালা । তুমি সুখী হোৱা । মোৰ শুভকামনা থাকিল । এই তুমি কিন্তু পোহৰ আৰু অনুভৱৰ কথা নাপাহৰিবা । কেতিয়াবা ভাবো মই চাগে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলো । মোৰ নো ভুল ক'ত হ'ল পাপু আজিও নক'লা । কি ভুলৰ শাস্তি দিলা মোক আজিও নাজানোঁ , মোৰ এই কথা অবুজ সাঁথৰ হৈ ৰ'ল । পাপু তোমাক বহু কথা ক'বলৈ থাকি গ'ল মোৰ । তোমাক এবাৰ ল'গ পোৱাৰ ইচ্ছাও থাকিল মোৰ । সকলো আশা হয়তো মনৰ মাজতেই ৰ'ব মোৰ ।

      পাপু আৰু নিলিখো দিয়া । এইখনয়ে তোমালৈ মোৰ শেষ চিঠি । কাৰণ, এতিয়াৰ পৰা তুমি নহয় তোমালোক হ'লা । মোৰ কথাবোৰ জানিলে পত্নীয়ে হয়তো তোমাক ভুল বুজিব । মই নিবিচাৰোঁ মোৰ বাবে তুমি কষ্ট পোৱা । মই সদায় বিচাৰো তুমি সুখী হোৱা আৰু কেতিয়াও আমনি নিদিও তোমাক । কিন্তু এটা কথা শুনি যোৱা মই আজিও ভালপাওঁ তোমাক আৰু পাই ৰ'ম মোৰ মৃত্যুৰ মুহূৰ্তলৈকে ।

প্ৰান্তত 
মুন
( এটা সঁচা প্ৰেম কাহিনীৰ আত ধৰি এই নীলা খামৰ চিঠি )

ঠিকনাঃ শিৱসাগৰ