নীলা খামৰ চিঠি (ৰাজু কলিতা)


মৰমৰ অনুৰাধা,
        বহুদিনৰ পিছত আজি আকৌ স্মৃতিৰ যন্ত্ৰণাত হাতত কলম তুলি লৈছো তোমালৈ বুলি ৷ সোঁৱৰণিৰ দলিচাত বহি, আজি হয়তো আকৌ তোমাকেই আমনি কৰিছো ৷ কেনে আছা তুমি ? কুশলে আছানে মোৰ মৰম বোৰ পাহৰি ?

       অনুৰাধা, সোঁৱৰণি বোৰৰ শেষ হোৱা হ'লে, মইও কিজানি পাৰিলোহেতেঁন তোমাৰ দৰে নতুন জীৱন আঁকোৱালি ল'ব ৷ কিন্তু কি কৰো, দৰিদ্ৰ জীৱনে অৰ্থৰ বিনিময়ত সুখ বোৰ বুটলি ল'ব নোৱাৰিলো ৷ শেষ আশা তথাপি তোমালৈকে আছিল ৷ তুমিও গ'লাগৈ বিলাসিতাৰ পত্নী হ'বলৈ আৰু মই ? মই যে আজিও নিসংগতাৰ সমাধিত এটুকুৰা জ্বলি ৰোৱা মম কেৱল জীয়াই আছো, জীয়াই থাকিব লাগে কাৰণেই ৷
      অনুৰাধা, তুমি হয়তো জানাই মই কান্দিবলৈ নিশিকিলোঁ কোনোদিন ৷ যদি কান্দিব পাৰিলো হয়, তুমিহীনতাৰ যন্ত্ৰণাবোৰ চকুৰ পানীৰে ধুই শেষ কৰিলো হয় ৷ এতিয়া কেৱল হাঁহি-হাঁহি দুৰ্ভগীয়া জীৱনৰ মৃত্যু কবৰ নিজৰ হাতেৰেই খান্দি গৈচো ৷ অৱশ্যে আজিও মই তুমিহীনতাত দেৱদাস হৈ পৰা নাই ৷ কিয়নো, তোমাক হৃদয় হীন নামেৰে কলংকিত কৰা অভিপ্ৰায় মোৰ নাই ৷
          আৰু নো কি লিখো ? পাগলৰ প্ৰলাপ বোৰ পঢ়ি তুমি হয়তো আমনি পাইছা ৷ সুখি হোৱা তুমি ৷ সুখেৰে থাকা ৷ ভগ্ন হিয়াই যাঁচিলো শেষত একাঁজলি মৰম-ভালপোৱা ৷ কেতিয়াবা হঠাতে মোলৈ মনত পৰিলে আকাশত ওলমি থকা জোনবাই জনীক সুধিবা মোৰ শেষ ঠিকনা
সীমনাত ,
তোমাৰেই পৰিতপ্ত
"___মই"

ঠিকনাঃ দোৰপাং