কবিতাৰ পৃথিৱী (ভাস্কৰজ্যোতি গগৈ)


কবিতাৰ প্ৰেমিক মই
সাঁজিব খুজো
অন্য এক পৃথিৱী ।‌
কাব্যিকতাৰে কাটি থোৱা ভাস্কৰ্যৰ
কেঁচা তেজ
মোৰ দুচকুত ভাঁহে বাৰে বাৰে ।‌

শূন্যতাৰ জগতত শব্দৰে সৈ'তে
অনন্য যাত্ৰা মোৰ,
শব্দৰ জখলাৰে আকাশ বগাওঁ
বৰ্ণময়ী ঋতুত ৰহন সানো
তোমাৰ নামত লিখো শত-সহস্ৰ কবিতা ।‌