ৰঙৰ পৃথিৱীখনৰ এটি
স্নিগ্ধ চিত্ৰ আঁকি দিছিল
এটি মিঠা সপোনে
সেউজীয়াবোৰে বাস কৰিব
হেঁপাহৰ স'তে দিনবোৰ বিগত কৰি
জোনাকী মেল বহিব
মৰমৰ জোলোঙাত ঠাই পোৱা
ৰূপালী অনুভৱ
মৰমৰ জোলোঙাত ঠাই পোৱা
ৰূপালী অনুভৱ
আনন্দ মাজত জীয়াই থকা
চিনকী দিব সপোন
চিনকী দিব সপোন
এক অনুভৱি চৰিত্ৰ
যি জীৱনটো সকলো ৰহস্যক
পৰিচয় দিয়ে
যি জীৱনটো সকলো ৰহস্যক
পৰিচয় দিয়ে
সুপ্ত অৱস্থাত আহি
জগাই তুলে এপাহি
সুগন্ধি ফুলৰ অনুভূতি
জগাই তুলে এপাহি
সুগন্ধি ফুলৰ অনুভূতি
তোমাৰ বাবেই ৰঙীন হৈ
উঠে জীৱনৰ ইতিবৃত্ত
উঠে জীৱনৰ ইতিবৃত্ত
তুমি অদৃশ্য আত্মা
তোমাৰ পৰিচয় সকলোৰে হৃদয়ত
মাথো সাঁজি লোৱা অমৃত ছটিয়াই
তোমাৰ হেঁপাহৰ জোখেৰে ।
তোমাৰ পৰিচয় সকলোৰে হৃদয়ত
মাথো সাঁজি লোৱা অমৃত ছটিয়াই
তোমাৰ হেঁপাহৰ জোখেৰে ।
ঠিকনাঃ দুলীয়াজান







