যৌতুক (অনুৰাগ শইকীয়া)


দুখীয়াৰ অবিৰত চকুলো
ধনীৰ ঠুনুকা অহংকাৰ ।

যাৰ বাবে সেন্দুৰ তেজ হয়
ভালপোৱা নিৰলে জ্বলে ।

লালসাৰ অত্যাচাৰ
মৰমৰ আত্মহত্যা
কেৱল ৰিপুৰ অভিসাৰ ।

দুখী হৈও সুখী
অপেক্ষাৰতা উৰ্মিলা।
আৰু সুখী
শিলা হৈয়ো অহল্যা ।

এনে এদিন আহিব
সৰল সেন্দুৰে কালী ৰূপ লৈ
বিনাশিব তোক
দুখী স্বপ্নই গাব
সুগন্ধি মানৱী গান ।