বিশ্বনাথ কলেজৰ ডেকা-গাভৰু সকল
তোমালোক সঁচাকৈয়ে ভাগ্যৱান
প্ৰতিদিনে পুৱাই অন্য নহ'লেও
কৃষ্ণচূড়া জোপাই
এমোকোৰা মিঠা হাঁহিৰে
সকলোকে সম্ভাষণ জনায়
দিনটোলৈ দেহ-মন জুৰ পেলায় ।
এমোকোৰা মিঠা হাঁহিৰে
সকলোকে সম্ভাষণ জনায়
দিনটোলৈ দেহ-মন জুৰ পেলায় ।
বিশ্বনাথ কলেজৰ কৃষ্ণচূড়া জোপা
তুমি যুগে যুগে ফুলি থাকা
তোমাৰ বাবে ক'ত জন বলিয়া
তুমি যুগে যুগে ফুলি থাকা
তোমাৰ বাবে ক'ত জন বলিয়া
প্ৰতিদিনে তোমাৰ কাষেৰে
এজাক ৰাংঢালী পখিলাই
খিলখিলাই হাঁহি পাৰ হৈ যায়
তোমাৰ আঁৰে আঁৰে থকা
ডেকা সকলে পখিলা জাকক
জুমি জুমি চায়
তোমাৰ হাঁহিত ক'তজন বলিয়া
তোমাৰ প্ৰেমত পৰে প্ৰতিজন
প্ৰেমিক -প্ৰেমিকা
তোমাক সাক্ষী কৰি
কত প্ৰেমিক - প্ৰেমিকাই
প্ৰতিশ্ৰুতি ৰাখে.. ভাঙে
তুমি মাথোঁ মৌন শ্ৰোতা
এজাক ৰাংঢালী পখিলাই
খিলখিলাই হাঁহি পাৰ হৈ যায়
তোমাৰ আঁৰে আঁৰে থকা
ডেকা সকলে পখিলা জাকক
জুমি জুমি চায়
তোমাৰ হাঁহিত ক'তজন বলিয়া
তোমাৰ প্ৰেমত পৰে প্ৰতিজন
প্ৰেমিক -প্ৰেমিকা
তোমাক সাক্ষী কৰি
কত প্ৰেমিক - প্ৰেমিকাই
প্ৰতিশ্ৰুতি ৰাখে.. ভাঙে
তুমি মাথোঁ মৌন শ্ৰোতা
বিশ্বনাথ কলেজৰ কৃষ্ণচূড়া জোপা
সিদিনা মই তোমাৰ কাষেৰে
পাৰ হৈ যাওঁতে
মনে মনে ময়ো
সিদিনা মই তোমাৰ কাষেৰে
পাৰ হৈ যাওঁতে
মনে মনে ময়ো
তোমাৰ প্ৰেমত পৰিছিলোঁ
এবাৰ হ'লেও
এবাৰ হ'লেও
তোমাক স্পৰ্শ কৰি চাইছিলো
তোমালৈ চাই
মিচিকিয়াই হাঁহিছিলো
এটি দুটি
মনৰ ভাৱ বিনিময় কৰিছিলোঁ
তুমি মাথোঁ
মৌন হৈ মোলৈ চাই আছিলা
তোমালৈ চাই
মিচিকিয়াই হাঁহিছিলো
এটি দুটি
মনৰ ভাৱ বিনিময় কৰিছিলোঁ
তুমি মাথোঁ
মৌন হৈ মোলৈ চাই আছিলা
বিশ্বনাথ কলেজৰ কৃষ্ণচূড়া জোপা
তুমি প্ৰতিজন ডেকা -গাভৰুৰ হিয়াৰ আমঠু হৈ
বুকুৱে বুকুৱে শিপাই থাকা .......
তুমি প্ৰতিজন ডেকা -গাভৰুৰ হিয়াৰ আমঠু হৈ
বুকুৱে বুকুৱে শিপাই থাকা .......
ঠিকনাঃ বালিপৰা







