প্ৰেম (ইন্দুশ্ৰী শইকীয়া)


তুমি আহিলে উশাহবোৰ ঘন হয়
বুকুত ফুলিব ধৰে এজোপা খৰিকা জাঁই
যুৰীয়া শালিকাই কথা পাতে
"তুমি মোৰ -মই তোমাৰ"
শিতানৰ গাৰুৱে উমান পাই
মোৰ অব্যক্ত অনুভূতিৰ ৷

ঠিকনাঃ চিটিই, গোলাঘাট ৷