নীলা খামৰ চিঠি (ৰাজু কলিতা)



মৰমৰ "অনু"
সময়ৰ বুকুচাত ভটিয়াই যোৱা বৰ্ষৰ স্মৃতি বোৰ বুকুত খামুচি তোমালৈ নৱ বৰ্ষৰ ওলগ জনোৱাৰ হেঁপাহত হাতত কলম তুলি লৈছো ৷ যদিও জানো, পৃথিৱীৰ পৰিধিৰ সীমনাত তোমাৰ বাবে এইবোৰ সাধু এতিয়া ৷ ঋতুৰ আঁচলত ধৰি নামি অহা শীতৰ সেমেকা ৰাতি বোৰত কলিজাটো চিকুটি, ওঁঠত বেদনাৰে ভৰা হাঁহি এটি লৈ কিমান দিন জী থাকিম মোৰ কল্পনাৰ বাহিৰত ৷
অনু, আত্মহত্যাৰ অপচেষ্টাত ভাৰাক্ৰান্ত মনে কিদৰে জনাওঁ তোমাক মোৰ বতৰা ? প্ৰতিশ্ৰুতিৰ অলেখ দিৱস উদযাপন কৰি কৰি জীয়াই থকাৰ যি কথা দিছিলো, সেয়া চোন সময় আৰু স্মৃতিৰ নিষ্ঠুৰ অত্যাচাৰে শেষ কৰি আহিছে ৷ নিয়তি ঢ়ৌৱে কোঙা কৰা জীৱনত তোমাৰ মৰমে আজিও দিয়ে জীয়াবলৈ প্ৰেৰণা ৷ আশা বোৰে বুকুত গুজৰি গুমৰি নমাই আনে দুচকুৰে চকুলো প্লাৱন ৷ হেৰুৱা দিনবোৰ খুচৰি খুচৰি ভটিয়াই যাওঁগৈ তোমাৰ সমাধিৰ কাষলৈ নতুবা নদীৰ ঘাটলৈ ৷ মলয়াৰ সুহুৰিত কহুঁৱা বোৰে উন্মাদ হৈ নচাৰ পৰত তোমালৈ বৰকৈ মনত পৰে অ' ৷ যাওঁ বুলিয়েই গুচি গ'লা অনন্ত দূৰলৈ ৷ উপহাৰ দি মাথো এটি নিটুল আঁউসি ৷

অনু, অনুভৱী শব্দৰ মালা গাঁঠি তোমালৈ একলম লিখাৰ যি অভ্যাস আছিল, তাক বুকুৰ একোণত আলফুলে কবৰ দিছো ৷ তথাপি প্ৰতিশ্ৰুতি ৰক্ষা কৰি মৰি মৰি জীয়াই থাকিম আজীৱন ৷
ইতি
তোমাৰেই চিৰকালৰ 
"মই"