গৌৰৱৰ ৰেষ্টুৰেণ্টৰ পৰা দুজন মানুহ ওলাই আহিল আৰু পকি ফুতপাথৰ ওপৰত থিয় দিলেহি ৷ এজনৰ খোজ কিছু থৰক বৰক আৰু আনজনৰ খোজ সুস্থিৰ অৱস্থা ৷
- চোৱাচোন সেই দুজনলৈ- শ্ৰীমতী য়ে ক'লে ৷
আমি গাড়ীখনক সন্মুখৰ চিটত বহি আছিলো সেয়েহে হোটেলৰ সন্মুখৰ ভাগটো ভালকৈ দেখি আছিলো ৷
- আনদিনা ক্ৰীনতহে টি ভি চাই থাকা ৷ আজি লাইভ চোৱাচোন গম পাবা কি কি ঘটি থাকে বাহিৰত ৷ মই হাঁহি হাঁহি ক'লো ৷
- এহ! নেচালেহে পাৰিছো এনেকুৱা বোৰ ৷ তোমাকহে চাবলৈ কৈছো আমিটো জানোৱেই বাহিৰত কি কি ঘটি থাকে ৷
- হয় নেকি ?
- এহঃ পৰিলে পৰিলে........ ৷ শ্ৰীমতীয়ে মৃদু আৰ্তনাদ এটা কৰিলে ৷ মই সন্মূখলৈ চালো ৷ ফুতপাথত থকা মানুহজন ইতিমধ্যে পকী ৰাস্তালৈ নামি আহিছিল ৷ পকী ৰাস্তাটো ফুতপাথকৈ প্ৰায় দুই দেৰ ফুটমান তলত ৷ নামিবলৈ এঢলীয়াকৈ মাটিৰ গৰা এটা আছে ৷ বোধহয় সেইফালেদি নামি আহোতে কোনোবা এজন পৰিব ধৰিছিল ৷ যাক দেখি শ্ৰীমতীয়ে চিঞৰি দিছিল ৷ মই যেতিয়া চকু তোলো তেতিয়া ইতিমধ্যে থৰকবৰক আৰু সুস্থি থকা মানুহ দুজনে ৰাস্তাটো পাৰ হ'বলৈ বিচাৰিলে ৷ যেন এনে লাগিল থৰকবৰক কৈ থকা মানুহজন যাবলৈ বিচৰা নাই, তেনে লাগিল ৷ তেওঁ বাৰে বাৰে ঘূৰি কথা পাতিবলৈ লাগিল আৰু গৌৰৱৰ হোটেলৰ ফালে দেখুৱাই কিবা কোৱাত লাগিল ৷
- কি মানুহ অ' এইটো ৷ যাবই খোজা নাই দেখোন ৷ শ্ৰীমতীয়ে ক'লে ৷
আমি স্বাভাৱিকতে তাত ৰৈ থকা কথা নাছিলো ৷ শহুৰৰ ঘৰৰ পৰা পাছবেলা ওলাই আহিছিলো, ঘৰুৱা নগৰখন পাওঁতে গধূলি হ'ল ৷ ল'ৰা-ছোৱালীহালে চিকেন বিৰিয়ানি খাবলৈ মন কৰাত তাত ৰ'ব লগা হ'ল ৷ অলপ দূৰত মহাৰাজা হোটেল বিৰিয়ানি আৰু চিকেনৰ বাবে জনাজাত ৷ ল'ৰা-ছোৱালীহালে তালৈ গৈছে আৰু আমি এই সুবিধাজনক ঠাইত গাড়ীখন ৰাখি গাড়ীতে উঠি গৌৰৱৰ হোটেলক সন্মূখত তাঁহাতৰ বাবে অপেক্ষা কৰি আছোঁ ৷
এজন মানুহ কাউণ্টাৰত মেনেজাৰ লগত বহি আছিল ৷ দুয়োজনে সন্তৰ্পণে কিবা এটা কৰি আছিল ৷ মানুহ অহা যেন দেখিলে দুয়ো ভদ্ৰ হৈ বহি ৰৈছিল ৷ গ্ৰাহক আঁতৰিলেই ইফালে সিফালে চাই মেনেজাক ডেস্কৰ তললৈ মুৰ কৰি কিবা কৰিছিল ৷ মোৰ সুদীৰ্ঘ দিনৰ অভিজ্ঞতাৰ পৰা গম পালো যে তেওঁলোকে কি কৰিছে ৷
এনেসময়তে মানুহ দুজন ক্ৰমে সুস্থিৰ আৰু থৰক বৰক পুনৰ হোটেললৈ ঘূৰি আহিল ৷ মেনেজাৰ ফালে চাই হাঁহিলে আৰু ভিতৰলৈ গুচি গ'ল ৷ মেনেজাৰে ডিঙি মেলি ভিতৰলৈ চাই আঙুলি টোৱাই কিবা এটা ক'লে আৰু বয় এটা দৌৰি আহিল ৷
- বাপৰে, আচৰিত মানুহ দেখোন, নগ'লেই ৷ শ্ৰীমতীয়ে মন্তব্য দিলে ৷
ইতিমধ্যে বহুতো মানুহ অহা যোৱা চলিল ফুতপাথৰ ওপৰে ৷ কলেজীয়া ডেকা তিনিজন, পিছফালে লেপটপৰ বেগ লৈ কোম্পানীৰ ৰি-প্ৰেজেণ্টটিভ যেন লগা দুজন, আদহীয়া মানুহ সাতজন, ফিটফাট ড্ৰেচত পাঁচজন ডেকা হোটেলত সোমাল আৰু তিনিজন পেটুৱা মানুহ, দুটা চেঙেলীয়া, চাৰিজন সাধাৰণ চেহেৰাৰ আদহীয়া মানুহ ওলাল ৷
দহ মিনিট মানৰ পাছত আকৌ সুস্থিৰ আৰু থৰকবৰক কৈ থকা মানুহ দুজন ওলাই আহিল ৷ দেখিলো এইবাৰ থৰকবৰক জনৰ খোজ আৰু অধিক থৰকবৰক ৷ তেওঁ আঙুলি টোৱাই টোৱাই কিবা ক'বলৈ ধৰিছিল ৷ সুস্থিৰজনে তেওঁক ধৰি আনি পুনৰ পকী ৰাস্তাৰ পোৱালেগৈ ৷ সেইসময়ত এখন অ'টো আহি তাত ৰ'ল ৷ থৰকবৰকজনক সুস্থিৰ জনে ধৰি অ'টো পিছফালে উঠালে আৰু অ'টোৱালাক কিবা ক'লে ৷ অসোপা ধোঁৱা ওলিয়াই অ'টো খন গুচি গ'ল ৷ সুস্থিৰজনে অলপ সময় অ'টোখন যোৱা পিনে চালে আৰু পুনৰ হোটেলৰ ভিতৰত সোমাই মেনেজাৰৰ কাষত বহিলগৈ ৷
আমি কেৱল দেখি আছিলো, শুনা নাছিলো ৷ কাৰণ, আমাৰ গাড়ীৰ খিৰিকীৰ গ্লাছ বন্ধ কৰি থোৱা আছিল ৷ সেয়ে মিউট কৰি থোৱা টি•ভি• ৰ দৃশ্যাংশ চাই থকা যেন লাগিছিল ৷ থৰকবৰক কৰি থকা মানুহজন যোৱাৰ পাছতহে শ্ৰীমতীয়ে শান্তি পালে ৷
- বাপৰে কি মানুহ অ' এইবোৰ ৷ বৰ লেকেটা দেই ৷ সন্মান বোলা বস্তুটো নাই নি তাহাঁতৰ য'তে ত'তে খাই ডিং হা থাকে ৷
মই একে নক'লো ৷ কাৰণ ক'লে বিপদ আছে ৷ আদৰ্শবাদী পত্নীসকলৰ এইবোৰ আদৰ্শৰ বিৰুদ্ধে মাত নমতাই শ্ৰেয় ৷ তাতে যোৱা নিশা শহুৰৰ ঘৰত যিহে হৈছিল ৷ শ্ৰীমতীৰ দদায়েকক ল'ৰা এজনে আমাক যোৱা গম পাই আহিছিল আৰু এঘণ্টামান কথা পতাৰ পাছত সি কৈছিল - "ভিনি আমি কিবা অলপ ধৰো আহক ৷ মই লৈ আহিছো একেবাৰে বুলি কৈ চিঞৰিব ধৰিলে - বাইদেউ..... অ' বাইদেউ গিলাছ দুটা লৈ আহ ৷''
মই কিবা কোৱাৰ আগতেই চিলনী অহাদি ভিতৰৰ পৰা উৰি আহি শ্ৰীমতীয়ে ক'লে- নাই নাই ভিনিয়েৰে সেইবোৰ নাখায় নহয় ৷
ভায়েক অবাক ৷ তাৰ পাছত বায়েকক বুজালে ৷ - একো নহয় দে বাইদেউ ৷ শহুৰবাৰীলৈ আহিছে অলপ ফুৰ্টি কৰক ৷
বায়েকে নামানি বৰঞ্চ ভায়েকক বুজোৱাত লাগিল ৷ মোৰ দন কৰাৰ ইচ্ছা নগ'ল ৷ সেয়েহে মই একো মাত নামাতিলো ৷ অৱশেষত খুলশালীটোৱে শাহু আইকে গিলাচ এটা দি ধৰিলে - দে বৰমা তই মই ধৰো অলপমান ৷ ভিনিয়ে নাখায় যদি উপায় নাই ৷ শাহু আই হাঁহিলে ৷ তাৰ পাছত শ্ৰীমতী বকবকনিৰ মাজত খুলশালী আৰু শাহুআই গিলাচ তুলি ল'লে ৷
নিশা শুবৰ সময়ত শ্ৰীমতীক ক'লো-
- তুমি তাক তেনেকৈ ক'ব নালাগিছিল ৷ সি বেয়া পাইছে চাগে ৷
- তাৰমানে তোমাৰ খোৱাৰ মন ৷
- মানে খোৱা নোখোৱাটো পাছৰ কথা কিন্তু কোৱাৰ ষ্টাইলটো অলপ মোলায়েম হ'ব লাগিছিল ৷
- এহ ! হয় নেকি কেনেকৈ কোৱা হ'লে ভাল আছিল ? - এই ধৰা, কুকুৰে কামোৰাৰ বেজী লৈ আছো বা ডাক্টৰে মানা কৰিছে তেনে জাতীয় ৷
- শ্ৰীমতীয়ে ধমক দি ক'লে- বাজে কথা বাদ দিয়া ৷ নোখোৱা মানুহে যেতিয়া নাখাওঁ বুলি কয় তেতিয়া কোনোবাই বেয়া পালেও পাওঁক ৷ এতিয়া শুই থাকা, কাইলৈ পুৱাই ঘৰলৈ যাব লাগিব ৷ ইয়াত বেছি দিন থাকিলে তোমাৰ দিগদাৰ আছে ৷
মই অৱশ্যে এইবিধ নধৰা নহয় কিন্তু চেগাচোৰোকাকৈ পাৰ্টি, পিকনিক ইত্যাদিত লোৱা হয় অকণমান ৷ শ্ৰীমতী লগত থাকিলে লোৱা নহয় ৷ মিছামিছি কন্দল কোনে চপাই লয় ৷
কিন্তু সঁচাকৈয়ে শ্ৰীমতীৰ ওচৰত মই ধৰা পৰা নাইনে ? মোৰ বিশ্বাস নহয় ধৰা নাই পৰা বুলি ৷ কিন্তু মুখ ফুলাই আজিলৈকে একো কোৱা নাই আৰু মইয়ো যিমান পাৰো মুখৰ গোন্ধ নাইকিয়া কৰি, কথা আৰু ভৰিৰ স্থিতাৱস্থা বাহাল কৰি ভদ্ৰলোকৰ দৰেই ঘৰলৈ আহোঁ ৷
স্মৃতি ৰোমন্থণ বাদ দি মই সন্মুখলৈ চালো ৷ মেনেজাৰ ওচৰত সেই তিনিজনেই বাহাল ৷
ইফালে শ্ৰীমতীয়ে ঘৰত খোৱাৰ কথা কৈছে, মই অবাক হ'লো ৷ যিগৰাকী মানুহ এই অভ্যাসৰ ঘোৰ বিৰোধী, সেই মানুহ গৰাকীয়ে ঘৰত খোৱাৰ কথা কৈছে ৷ মই বিবুধি হ'লো ৷ আঁৰ চকুৰে শ্ৰীমতীলৈ চালো তেওঁ তেতিয়া ফোন লগাই কৈ আছে- তহঁতৰ আহিব হ'ল নে ? ইমান দেৰি লাগে নে বিৰিয়ানী আনোতে ৷
হঠাতে মৰম লাগি গ'ল শ্ৰীমতীলৈ ৷ তেতিয়াহ'লে ঘৰত চেষ্টা এটা কৰি চাব পাৰি ৷ পাৰ্টিত, পিকনিকত, বিহুত লুকাই লুকাই খোৱাৰ সলনি ঘৰতে অলপ অচৰপ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰি ৷ কিন্তু মোৰ নিজৰে সন্দেহ হ'ল ৷ সফল নহম কিজানি ৷ নিতান্তাই কথাৰ লগৰ কথা এটাহে চাগৈ উচ্চাৰণ কৰিছিল ৷
এনেতে এটা ডাঙৰ আৰু এটা সৰু পেকেট লৈ ল'ৰা ছোৱালী হাল ঘূৰি আহিল ৷
চিধাই ঘৰ পালোহি ৷ বিৰিয়ানী চাৰিটা আৰু তণ্ডুৰি ফ্ৰাইটো শ্ৰীমতীয়ে হটকেছত ভৰাই ডাইনিং টেবুলত থ'লে ৷ মই কাষতে বহি টি• ভি• টো খুলিলো ৷
-তহঁতে হাত-মুখ ধুই লগৈ ৷ দহ মিনিটমানৰ পাছত ডাইনিং টেবুললৈ আহিবি ৷ শ্ৰীমতীয়ে ল'ৰা-ছোৱালী দুটাক আদেশ দিলে ৷ সিহঁতেওঁ নিজৰ নিজৰ কোঠালৈ গুচি গ'ল ৷
তুমি ডাইনিংত বহাচোন
শ্ৰীমতীয়ে মোক আদেশ দিলে ৷
মই আচৰিত হৈ শ্ৰীমতীলৈ চালো আৰু ক'লো- সিহঁত দুটাও আহক ক' একেলগে খাম ৷
- মুখত ৰহস্য ময় হাঁহি মাৰি আপুনি বহকচোন আগতে ৷
মই বিবুধি হ'লো ৷
শ্ৰীমতীয়ে ঘৰৰ পৰা অনা বেগটো ভিতৰৰ পৰা বটল এটা ওলিয়াই আনি টেবুলত থ'লে ৷ পাতল কমলা ৰঙৰ পানীৰে ভৰ্তি এটা বটল ৷
- বিহুতে বনোৱা, মায়ে ডাঙৰ জোৱায়েকলৈ বুলি আহোতে দি পঠাইছে ৷
কি কথা মই চকুৰে ধোঁৱা-কোৱা দেখিলো ৷ মোৰ চকুৰ আগেৰে অলপ সময়ৰ আগতে গৌৰৱ হোটেলৰ আগত দেখা থৰকবৰক৷ অস্থিৰ খোজ কঢ়া মানুহ দুটা পাৰ হৈ যোৱা যেন লাগিল ৷ চকু দুটা মোহাৰি আকৌ ভালকৈ চালো ৷ দেখিলো, শ্ৰীমতীয়ে পাকঘৰৰ পৰা দুটা গিলাচ উলিয়াই আনিছে ৷
(সমাপ্ত)








