সম্পাদকীয়

            

            এই পৰিক্ৰমাটো সাধাৰণ যেন লাগিলেও ভবিষ্যতৰ এটা সপোন আৰু সকলোকে এক কৰি ৰখাৰ উপৰিও অসমীয়া ভাষা উন্নতিৰ এক প্ৰচেষ্টা বুলি ক'ব পাৰি । ই-আলোচনী এখন প্ৰকাশ কৰোতে কেতিয়াবা এক বিৰাট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় । কথাতেই আছে " ৰাইজে নখ জোকাৰিলে নৈ বয় " ঠিক তেনেকৈ কাৰোবাৰ সহায় অবিহনে এই অনলাইন আলোচনীসমূহ প্ৰকাশ কৰাও সহজ কথা নহয় । প্ৰকাশ কৰা সময়ত বহুটো তিতা মিঠা অভিজ্ঞতা পোৱা যায় তাৰোপৰি হতাশাতো ভুগিবলগীয়া হয় লেখা পোৱা নোপোৱাক লৈ । কিন্তু লক্ষ্য এটাই অসমীয়া ভাষা উন্নতি কৰাৰ ৷ বহু চেষ্ট, কষ্ট, ধ্যৰ্য বলত ফেচবুকৰ অনলাইন সাহিত্য চৰ্চাৰ অন্যতম জনপ্ৰিয় গোট সাময়িকী গোটৰ সহযোগত লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পাঠক সমাজ আৰু লেখক সমাজক আকৰ্ষণ কৰিব পৰাকৈ এই "বৰ্ণিল" ই-আলোচনীখন প্ৰকাশ কৰিছো ৷ আমি কিমান দূৰ সফল হৈছো বা ভাষাটোৰ বাবে কিমান কৰিছো বা ই-আলোচনীৰ জৰিয়তে অসমীয়া ভাষাটো কিমান প্ৰসাৰ কৰিছো সেয়া নিৰ্ভৰ কৰিব আপোনালোকৰ উৎসাহ-প্ৰেৰণা, সহায়-সহযোগিতা আৰু সু-দিহা পৰামৰ্শৰ জৰিয়তে ৷ শেষত এটা কথাই কওঁ আমাৰ এই জনা নজনা প্ৰচেষ্টাক সাহিত্যিক সকলে যাতে আদৰি লয় তাৰে কামনা কৰিছো ৷ আলোচনীখন প্ৰকাশ কৰোতে বহুতো ভুল-ত্ৰুতি ৰৈ গৈছে তাৰ বাবে আপোনালোকৰ আগত ক্ষমা বিচাৰিছো আৰু ভুল-ত্ৰুতি সমূহ দেখুৱাই আলোচনীখন আগুৱাই নিবৰ বাবে দিহা পৰামৰ্শ পাম বুলি আশা কৰিলো ৷

ধন্যবাদেৰে-

ডিম্পল গগৈ
৮৮৭৬৬৩১১২৬