জোনাকৰ সন্ধানত (পপী শইকীয়া)

শৰতৰ নিশা জোনৰ পোহৰে

ৰিঙিয়াই মাতিলে
পোহৰ চাবলৈ,


বাউলি হৈ দৌৰিলো
পোহৰৰ দিশত
গৈ-গৈ দেখা পালো
জোনটো ডাৱৰৰ মাজত
ক'ত বা হেৰাল !


জোনৰ অপেক্ষাত
ওৰেটো ৰাতি
উজাগৰি কটালো ,


দেখা পালো পূৱাৰ কিৰণ
কিৰণে ক'লে
জোন যদি চোৱা
অপেক্ষাৰে ৰৈ থাকা
সন্ধ্যা হোৱালৈ --

আৰু কিমানটা নিশা
কিমান জোন-বেলি
পাৰ কৰিম
এচেৰেঙাৰ পোহৰৰ বাবে --
( পোহৰ পিয়াসী
হেপাঁহ অভিলাষী
ধাৰাষাৰে বৈ আহক
পোহৰৰ নৱ জ্যোতি )
ঠিকনা: যোৰহাট মালৌ-আলি
8876077414