কোনে জানে কোনে বুজে
শেষ পৰিণতি,
জীয়াই থকাৰ বেলাত
মায়াবী সংসাৰৰ মোহত বন্দী,
মায়াবী সংসাৰৰ মোহত বন্দী,
এজাক ফুলৰ চুপহিৰ দৰে
ৰঙীন যেন লগা চৌপাশ,
সময় জানো হয়
জীৱনৰ শেষ পৰিণতিক জানিবৰ,
মধুৰ ভাবে বৈ থকা দিনবোৰৰ মাজত
সদায় মন ব্যাকুল হৈ থাকে
সদায় মন ব্যাকুল হৈ থাকে
জীৱনৰ আনন্দক প্ৰাণ কৰি কৰি,
যদিও চিৰন্তন সত্য মৃত্যু
কিন্তু কোনোৱে স্বীকাৰ নকৰে
শেষ পৰিণতি কাৰ কি?
মাথো জীয়াই থকাৰ তাৰনাত
অনুভৱী মনত আনন্দলৈ,
অনুভৱী মনত আনন্দলৈ,
কৰি যায় জীৱনৰ সকলো
ৰঙীন অভিনয়,
হৈ থাকক যি হ'ব লাগে
জীৱনৰ শেষ পৰিণতি
জীৱনৰ শেষ পৰিণতি
হাঁহি আছো আৰু হাঁহি মাজেৰে
জীয়াই থকাৰ বাসনা ৷
জীয়াই থকাৰ বাসনা ৷








