বন্ধুত্ব ( শিল্পীকা ৰাজগুৰু)












(১)

এখনি পথাৰৰ  পকনিয়াত বহি
টাঙগুটি এটাই সিঁয়াৰিলে বিলাতী ক'কটোক
ধপধপাই উৰি গ'ল হাৰুৱা কপৌজনী
বিলাতী ক'কটোৱে ছটফটাব ধৰিছিল
উজানত ভাহি অহা কান্ধুলি-বৰালিটোৰ দৰেই
টাঙগুটিটোৱে মৰমতে যাঁচিলে
এবাতি জোনাক সনা হালধীয়া আপঙ

২

গৰা খহিছে,
দিহিঙৰ গৰা খহিছে
দোপালপিটা বাৰিষাৰ
আবতৰীয়া জীয়া ঢল নামিছে
অযুতটি সুৰুযকণা ভক্ষণ কৰি
বান হৈ পৰিছে অসুৰ
সৌৱাচোন কলৰ ভূঁৰখনিত
কলৰ ভূঁৰখনিত
কোনে জ্বলাইছে
আশাৰ লণ্ঠনটি
লণ্ঠনটিৰ পোহৰৰ মমতাত
বানৰো অস্পষ্ট ক্ৰন্দন

৩
গোপনে জ্বলিছে মন জুইকুৰা
বনজুইৰ দৰেই
হঠাত্‌ মোৰ চাৰিওটা কোঠালি খুলি
ভঙা হৃদয় দুৱাৰ খনিৰ ফাকেদি
বিশ্বাসৰ হাতখনি ওলাই আহিল !
হাতখনিয়ে বোলে
মোকে খামুচি ধৰা
এখানি শীৰণ শুভ্ৰ হাত
মোৰ স্বৰগগামী আইতাৰ
দৰেই
ঠিকনাঃ জয়সাগৰ ৷