বতাহজাকে হুৰাই থৈ গ'ল
দুখৰ চৰাইজাক উন্মুক্ত হৈ পৰিল
অনিচ্ছাসত্বেও দাহ কৰা সপোনবোৰ
বিষাদ গাঁথাই জীৱনৰ শেষ কথা নহয়,
তথাপিও সময়ে কঢ়িয়াই
জুনুকাৰ দৰে বাজি থাকে
বেদনাৰ গান এটা
অনুভৱৰ অলিয়ে গলিয়ে
দুখৰ ভায়লিন বজাই
বহি থাকো স্বপ্নৰ সমাধিত
সুৰাৰ দৰে পি আছো দুখবোৰ
দিন আৰু ৰাতি
সময়ৰ কঠিন হাঁতোৰা স্পৰ্শত
মই এতিয়া,
শোকগ্ৰস্ত নিৰৱ প্ৰস্তৰ মূৰ্ত্তি ।








