আহক, এদিনৰ বাবে (ৰূপম কুমাৰ শৰ্মা)













আহক,

এদিনৰ বাবে প্ৰেমিক হৈ চাওঁ

পাহৰি যাওঁ পৃথিৱীৰ ঘৃণা

প্ৰতিকুলতো

আকৰ্ণ বিস্তৃত কৰোঁ

হাঁহিৰ কপৌফুলীয়া দিগন্ত

এদিনৰ বাবে গণিতজ্ঞহৈ

হিচাপ কৰি উলিয়াওঁ

দুখৰ আকাশত তৰাৰ পৰিসংখ্যা

সমিলমিলেৰে এদিনৰ বাবে

চিত্ৰকৰহৈ আঁকো আহক

এক মিচিকি মনালিচা

এদিনৰ বাবে প্ৰেমিকহৈ চাওঁ

পাহৰি যাওঁ পৃথিৱীৰ ঘৃণা ৷