শৰত (পুলিন টায়ে)












তাইৰ সেমেকা খোজত

প্ৰাণ পাই উঠে এই সৃষ্টি ৷

সেমেকি উঠে এই ধৰা,

হালি-জালি নাচি উঠে কঁহুৱা বননি ৷

শেৱালিয়েও আমোল মোলাই

সুগন্ধিৰ পাখি মেলি উৰি ফুৰে আনন্দত ৷

তাইৰ পৰশত এচাতি এচাতি ব'লে ৰিব্ ৰিব্ মলয়া ৷

তাইৰ আগমনৰ আবেলিবোৰে

গহীন হৈ পৰে ৷

জোনাকেও ৰ'হ লাগি চাই ৰয় এপলক মৃদু দৃষ্টিৰে ।

ধৰাৰ বুকুলৈ নামি আহে

কিন কিন বৰষুণ ৷

নদীয়েও তাইৰ প্ৰেমত পৰি

মৌন হয় বয়,

পক্ষীবোৰে গীত যোৰে

সেমেকা সুৰত..........

এনেকৈ নামি আহে সেমেকা শৰত ৷