কবিতা (মীৰা তামাং)













ইয়াৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হ’ব

দুৰ্গম হাবি জংঘল কাটি কাটি
খুপি খুপি পৰ্বতৰ এঢলীয়াত খোজ দিম
সাৱধানে ৷

মোৰ অভ্যন্তৰৰ অনুশীলন
শৈশৱৰ পৰাই
হাতত পুতলা লৈ দৰা কইনা খেলা বয়সত

মই দুখৰ শব্দৰে খেলি পাকৈত যুদ্ধা ৷

নিজকে দুখৰ সতে যাপন কৰিবলৈ
গঢ় দিলো অনায়াসে
এয়াই মোৰ বৰ্নময় জীৱন পৰিধি ৷

মানুহবোৰৰ ধাৰণাত মোৰ খেদ নাই ৷
বহুবোৰ অবান্তৰ আলাপ মই কাণ দিয়া নাই
কাৰণ মই নিজকে গঢ়ি তুলিছো
এক অৰ্থবহ জীৱনৰ বাবে ৷

ফুল তৰা লৈ ৰ লাগি চোৱা বয়সত
মই ঘাঁহনিত বহি কবিতা লিখিছো
আনৰ বাবে চিন্তা কৰিছো
বৰষুণৰ আকুল আহবান কৰিছো ৷

দ কৈ সাঁচ বহা শৈশৱৰ খেলাত
নিজকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছো ৷
হিংসা, দ্বেষ, ঘৃণাৰে ভৰা পৃথিৱীখনত
শান্তি বিচাৰি হাবাথুৰি নাখাবা
মোৰ মাতৃত্বত ভৰসা কৰা
মাতৃত্বৰে মহীয়ান মই তোমাক নিৰাশ নকৰো ৷
পৃথিৱী সুন্দৰ কৰা মানসেৰে
মোৰ দুচকুত অলেখ সপোন
এয়েতো জীৱন৷
এয়েতো সপোন ৷

ঠিকনাঃ ৰাজগড়
জিলাঃ ডিব্রুগড়