অনামিকা,
সৰ্ব প্ৰথমে মোৰ শতকোটি নমস্কাৰ গ্ৰহণ কৰিবা । অনুভৱে মনত বৰকৈ আমনি দিয়াত তোমালৈ একলম নিলিখাকৈ থাকিব নোৱাৰিলোঁ…… নাজানো তুমি এতিয়া ক'ত, কেনেকৈ আছা, তথাপি অনুভৱ কৰিছো তুমি নিশ্চয় কুশলে আছা । সঁচাকৈ জীৱনলৈ কেতিয়া, কেনেকৈ ধুমুহা আহে ক'বই নোৱাৰি অ'… কালিলৈকে মোৰ আপোন হৈ থকা তুমিজনী যে আজি আনৰ আপোন হ'বাগৈ তাক মই কল্পনাই কৰা নাছিলোঁ । সপোনবোৰ বাৰু এনেকৈয়ে ভাঙেনে? মোৰ ভুল ক'ত অনামিকা…? কি ভুলৰ শাস্তি দিবলৈ তুমি মোক নিঠৰুৱা কৰিলা…?
জানা অনামিকা,
মোৰ এখন সঁচা হৃদয় আছিল বাবেই মই তোমাক ভাল পাইছিলো প্ৰাণভৰি। মোৰ দৰে তোমাৰো জানো এখন হৃদয় নাছিল…? হৃদয়ে যদি হৃদয়ৰ ভাষা বুজি নাপাই তেন্তে কেনেকোৱা আছিল তোমাৰ হৃদয়খন…? তুমি হয়তো আধুনিকতাৰ পাছত দৌৰিলা আৰু মই সেই আদিম যুগৰ অকৰাটোৱেই হৈ থাকিলো…… মোৰ সৰলতাৰ সুযোগ লৈ তুমি যে এদিন মোক এনেকৈয়ে প্ৰতাৰণা কৰিবা,তাক ভাবিবই নহ'ল অ' ! সম্পৰ্কবোৰ যদি এনেকৈয়ে শেষ হৈ যায় তেনে কিয় গঢ়িব লাগে এনে মিছা সম্পৰ্ক…?কিয় লাগে এনে মিছা প্ৰেম,মিছা প্ৰেৰণা…? মইতো তোমাক হৃদয়ৰ পৰা ভাল পাইছিলোঁ… মোৰ সঁচা প্ৰেমৰ প্ৰতিদান তুমি কি দিলা…? দিলা মাথো এবুকু বিষাদ, আৰু দুখ-যান্তণাৰে ভৰপূৰ এটা ভৱিষ্যৎ বিহীন জীৱন।
জানা অনামিকা,
তুমি মোৰ বুকু উকা কৰি গুছি যোৱা দিনা বিচ্ছেদৰ বলিয়া বানে মোক জঠৰ কৰি পেলাইছিল ! তথাপি নিজকে স্বম্ভালি ৰাখিলোঁ বিপদৰ পৰা…! অনামিকা, এতিয়াৰে পৰা মই নিজক ভাল পাবলৈ শিকিছোঁ…… মই আকৌ প্ৰেমত পৰিবলৈ শিকিছো নিঃসঙ্গতাৰ । আজি মোৰ মন বান্ধি পণ কৰিছো… তুমি যি দৰে মোৰ অবিহনে সুখী হ'ব পাৰিছা ঠিক তেনেকৈয়ে ময়ো তোমাৰ অবিহনেই সুখী হ'ব পাৰিম। নিঃসংকোচে তোমাক বিদাই জনালোঁ মোৰ জীৱনৰ পৰা… তুমি সুখী হোৱা, ঠিক তোমাৰ মনে বিচৰাৰ দৰেই………! বাই বাই…
ইতি,
তোমাৰ অতীতৰ "জান"।
ঠিকনাঃ তিনিচুকীয়া (অসম) ।








