বহু সিদ্ধি আৰু সাধনাৰ বলত জীৱই এই বিনন্দীয়া পৃথিৱীত মনুষ্য জীৱন লাভ কৰিবলৈ সক্ষম হৈছে বুলি দাৰ্শনিক-পণ্ডিত সকলে মত ব্যক্ত কৰিছে ৷ গভীৰ জ্ঞান-সাধনা আৰু জীৱনজোৰা অভিজ্ঞতাৰে ব্যক্ত কৰা এই কথাখিনিত মনুষ্য জন্মৰ অন্তৰালত নিহিত হৈ থকা বিভিন্ন দিশৰ সম্ভেদ পাব পাৰি ৷ পৰম মংগলময়-সৰ্বশক্তিমান সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি হৈছে মানৱ জীৱন ৷ আন জীৱক নিদিয়া কিছু বিশেষ গুণ আৰু শক্তিও তেৰাই মানুহক দিছে আৰু ইয়াৰ বাবেই মানুহে এই পৃথিৱীত জীৱ শ্ৰেষ্ট হিচাপে আখ্যা লভিবলৈও সক্ষম হৈছে ৷ এতেকে, জীৱ শ্ৰেষ্ট মানুহেই এই পৃথিৱীখন সুন্দৰ ৰূপত গঢ়ি তুলিব লাগিব যাতে সকলোৱেই সুখ শান্তিৰে জীৱন কাল অতিবাহিত কৰিব পাৰে ৷
সৃষ্টিকৰ্তাই যিহেতু মানুহক জ্ঞান অন্বেষণৰ অনুপম শক্তি প্ৰদান কৰিছে; ভাল-বেয়া; উচিত-অনিচিত; ভুল-শুদ্ধ বিচাৰ কৰিবলৈ বিবেক দিছে; গতিকে মানুহে সেই শক্তিৰে সমাজখন, পৃথিৱীখন সুন্দৰ ৰূপত গঢ়ি তুলিব পাৰিব লাগে ৷ ইয়াৰ বাবে মানুহে অৱশ্যে অবিৰতভাৱে প্ৰচেষ্টা চলাই আহিছে আৰু ইয়াৰ ফলতেই সভ্যতা-সংস্কৃতিৰ উত্তৰণ ঘটি বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি ৷ বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ চৰম উন্নতিৰ অন্তৰালতো নিহিত হৈ আছে মানুহৰেই অৱদান ৷ এক কথাত এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম নাই বুলিয়েই ক'ব পাৰি ৷ ইয়াৰ বাবেই মানুহ শ্ৰেষ্ঠ ৷ সকলোৰে ওপৰত মানুহ ৷ কবি চণ্ডীদাসে সঠিকভাৱেই ব্যক্ত কৰিছে ৷ "সবাৰ ওপৰে মানুষ সত্য; ইহাৰ ওপৰে কেও নাই বুলি ৷" আকৌ এই পৃথিৱীত মানুহেই মানুহৰ লগ, সংগ সকলো বুলিও কোৱা হয় ৷ কোনোবাই মানুহৰ লগ-সংগ ত্যাগ কৰি অকলশৰে থাকিব পাৰিব বুলি দেখোন ভাবিবই নোৱাৰি ৷ মানুহে মানুহৰ লগতেই সমাজ পাতি বসবাস কৰিব লাগিব ৷ ইয়াকে কৰিবলৈ হ'লে মানুহে মানুহক বুজিব লাগিব, উপলব্ধি কৰিব লাগিব আৰু মানুহৰ মংগলৰ হকে কৰিবলগীয়া কামবোৰ কৰিবলৈ কেতিয়াও কোনো ক্ষেত্ৰতে কুণ্ঠাবোধ কৰিব নালাগিব ৷ আমাৰ কবিয়েও কৈছে নহয় - "কেৱল নিজৰ নিমিত্তে নহয় / আমাৰ জীৱন ভাই / পৰৰ কাৰণে কান্দিব পাৰিলে / কান্দোনতো সুখ পায় ৷"
পিছে উল্লেখিত ধৰণে জীৱনটো আগবঢ়াই নিবলৈ হ'লে সমাজৰ প্ৰতিজন মানুহেই কিছু আচাৰ-আচৰণ, বিধি-বিধান, ৰীতি-নীতি আদি মানি চলিবলগীয়া হয় ৷ এইবোৰ সঠিকভাৱে মানি চলিব পাৰিলেহে নিজৰ লগতে আনৰ আৰু সামগ্ৰিকভাৱে সমাজৰো মংগল হ'ব বুলি আশা কৰিব পাৰি ৷ আচাৰ-আচৰণত কৃতিত্ব লভিবলৈ হ'লে আনৰ মত-অভিমত, কথা-বতৰা, চিন্তা-চেতনা আদিৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব ৷ এই ক্ষেত্ৰত এদিনতে সফলতা লাভ কৰাটো কাৰোপক্ষেই সম্ভৱ নহয় ৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব অভ্যাসৰ লগতে প্ৰয়োজন হ'ব কিছু সাধনাৰো ৷ কাৰণ মানুহ মাত্ৰেই প্ৰত্যেকৰে থাকে স্বাভিমান আৰু থাকে এই 'ইগ' ৷ ইয়াৰ বাবেই বহুতেই আনৰ কথা-বতৰা, চিন্তা-ভাৱনা-অনুভূতি আদিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব নোৱাৰে ৷ কিন্তু সমাজত মিলিজুলি 'মানুহ' হিচাপে বসবাস কৰিবলৈ হ'লে মানুহ হিচাপে মানুহক ভাল পাবলৈ হ'লে সহমৰ্মিতা গুণৰ নিতান্তই প্ৰয়োজন আছে ৷ তদুপৰি সহমৰ্মিতাৰ লগতে সমানে প্ৰয়োজন হয় সহযোগিতা আৰু সহনশীলতাৰো ৷ কোনোক্ষেত্ৰতে যদি আনৰ প্ৰতি সহযোগিতা আগবঢ়োৱা নহয়, প্ৰয়োজন সাপেক্ষে যদি সহনশীলতাৰ মনোভাৱ প্ৰদৰ্শন কৰা নহয় তেন্তে আচাৰ-আচৰণত কৃতিত্ব লাভ কৰাটো কেতিয়াও সম্ভৱ নহ'ব ৷ অনেকক দৃষ্টিত বা বিচাৰ-বিবেচনাত সহমৰ্মিতা, সহযোগিতা, সহনশীলতা আদি ভীৰুতাৰ লক্ষণ হ'ব পাৰে কিন্তু গভীৰ উপলব্ধিৰে বিচাৰ বিবেচনা কৰি চালে এই কথা নিশ্চিতভাৱেই ক'ব পাৰি যে এইবোৰৰ অভাৱত মানৱ জীৱনত কেতিয়াও সফলতা লভিব নোৱাৰি ৷
আনৰ কথা-বতৰা প্ৰতি সহমৰ্মিতা প্ৰকাশৰ ক্ষেত্ৰত বিশিষ্ট চিন্তাবিদ লেছ গিবলিনৰ পৰামৰ্শাৱলী কেৱল প্ৰণিধানযোগ্যই নহয়, অনুকৰণীয় বুলিও বিবেচনা কৰিব পাৰি ৷ তেওঁৰ মতে, আনৰ কথাৰ প্ৰতি সন্মতি জনোৱাৰ এক মানসিকতা গঢ়ি তুলিব লাগে আৰু ক্ৰমশঃ ইয়াক এক অভ্যাসত পৰিণত কৰিব লাগে ৷ অযথা কাৰোৱেই লগত বাক-বিতণ্ডাত কেতিয়াও লিপ্ত হ'ব নালাগে ৷ কাৰোবাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিলে সেইটো গোপনে নাৰাখি তেওঁক জনোৱাৰো ব্যৱস্থা কৰিব লাগে ৷ একান্ত প্ৰয়োজনৰ ব্যতিৰেকে কাৰোবাৰ লগত কিবা ক্ষেত্ৰত মতৰ অমিল হ'লেও সেই বিষয়ে প্ৰকাশ কৰিব নালাগে ৷
মানুহ মাত্ৰেই ভুল হোৱাটো স্বাভাৱিক ৷ কিন্তু ভুল কৰি মিছা কথাৰে সেইটো অস্বীকাৰ কৰা বা তাৰ বাবে আনৰ ওপৰত দোষ জাপি দিবলৈ যোৱাটো অনুচিত ৷ তৰ্কত লিপ্ত হৈ মানুহৰ লগত থকা সম্পৰ্কত ব্যাঘ্যাত জন্মোৱাৰ পৰা সততে বিৰত থাকিব লাগে ৷ তৰ্কত জয়ী হৈ আজিলৈকে কোনেও বন্ধুৰ সংখ্যা বঢ়াব পৰা নাই ৷ কোনো কোনো লোকে কিবা কথাত হৈ হাল্লা কৰি তৰ্কত লিপ্ত হ'বলৈ আগবাঢ়ি আহিছে তেনেলোকৰ লগত তৰ্কত লিপ্ত নহৈ পৰাপক্ষত মোন হৈ থকাই শ্ৰেয় ৷ এনে কৰিলে দেখা যাব যে- লোকজন সময়ত নিজে নিজেই চেঁচা পৰি গৈছে ৷ স্বভাৱগত কাৰণতেই কিছু লোকে আনৰ লগত তেওঁলোকৰ মতৰ অমিল হোৱোটো মুঠেই সহ্য কৰিব নোৱাৰে ৷ এনে পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হ'লে পৰাপক্ষত কিবা প্ৰকাৰে হ'লেও তেনেলোকৰ প্ৰতি সহমত প্ৰকাশ কৰাটোৱেই বুদ্ধিমানৰ কাম হ'ব ৷ এই কথাবোৰ গভীৰভাৱে চিন্তা কৰি সেইমতে ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি চালে বাৰু কেনে হয় ?
দৰভাষঃ ৯৪৩৫৪৭৩৬০২








