অসমীয়া জাতিঃ কিছু চিন্তা ( ড0 ভীমকান্ত বৰুৱা)

সাম্প্ৰতিক কালত অসমীয়া কোন এই প্ৰশ্নটোৱে বিভিন্ন সময়ত ৰাজনৈতিক জগত আৰু প্ৰচাৰ মাধ্যমত আলোচিত হৈছে ৷ আমাৰ মনত পৰা মতে, ১৯৭৯ চনত আৰম্ভ হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনতে এই প্ৰশ্নটো প্ৰথম অবতাৰণা হৈছিৱ আৰু এই বিষয়ক লৈ সংবাদ মাধ্যম সমূহত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল ৷ যুগ যুগ ধৰি অসমখনকে মোৰ বুলি ভাবি থকা আৰু অসমীয়া সংস্কৃতিৰ লগত বিলীন হৈ যাব খোজা সাধাৰণ ৰাইজৰ মাজত এই প্ৰশ্নটোৱে শংকা আৰু সন্দেহৰ সৃষ্টি কৰিছিল আৰু সেই সময়তেই আত্ম পৰিচয়ৰ সংকটত ভুগি আত্ম পৰিচয় বিচাৰি অসমৰ ক্ষুদ্ৰ নৃঃগোষ্ঠীবোৰে হাবাথুৰি খাইছিল ৷ সেই সময়তে আনকি সাম্প্ৰদায়িক শক্তি সমূহেও মূৰ দাঙি উঠিছিল ৷ ফলস্বৰূপে একে সময়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে নিৰ্লজ্জ সংঘটিত হৈছিল ৷
বহুতে ক'ব খোজে যে অসমত থাকি অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰা সকলেই অসমীয়া ৷ যদি সেয়াই সঁচা হয়, তেনেহ'লে দেখা যাব যে- অসমৰ ভৌগোলিক চাৰিসীমা সদায় একে অৱস্থাতে থকা নাই ৷ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ প্ৰথম দুটা দৰ্শক মানলৈকে অসমৰ ভৌগোলিক মানচিত্ৰখন যেনে আছিল, পৰৱৰ্তী কালছোৱাত সি সৰু হৈ গ'ল ৷ পূৰ্ব সাতভনীৰ ৰাজ্য বুজোৱা অসমখনত থকা সকলো মানুহকেই অসমীয়া শব্দটোৰে সাঙুৰিব লাগিব যদিহে সেইসময়ত অসমত বাস কৰা সকলোকেই অসমীয়া বুলি কোৱা হয়; কিন্তু কাৰ্যত সেয়া নহ'ল ৷ অন্যহাতেদি অসমীয়া ভাষা কোৱা সকলকেই যদি অসমীয়া বুলি কোৱা হয়, তেনেহ'লে সেই কথাওঁ বিচাৰ কৰি চাবলগীয়া ৷ কিয়নো অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী সমূহ যেনে- খামটি, চিংফৌ, নক্তে, পাচী, পাদাম, নিচি, আদী, হিলমিৰি, আপাটানি, গালং, ৱানচু ইত্যাদি জনগোষ্ঠীবোৰে সুন্দৰ অসমীয়া ভাষাত কথা ক'ব পাৰে ৷ তেওঁলোকে অসমীয়া ভাষাত কথা কয়, অসমীয়া ভাষা বুজি পায় ৷ ৰেডিঅ', টেলিভিচন ইত্যাদিত সম্প্ৰচাৰ হোৱা বিভিন্ন অনুষ্ঠান সমূহৰ জৰিয়তে জ্ঞান লাভ কৰে আৰু অসমীয়া গীত-নাট আদিৰ দৰে পৰিৱেশ্য কলাৰ যোগেদি আনন্দ উপভোগ কৰে, কিন্তু তেওঁলোকে নিজকে পৰিচয় দিওঁতে অৰুণাচলী বুলিহে পৰিচয় দিয়ে ৷ অসমীয়া বুলি পৰিচয় নিদিয়ে ৷ অসমীয়া ভাষা ক'ব পাৰিলেও তেওঁলোকৰ দুই এজনৰ বাহিৰে বাকীসকলে অসমীয়া আখৰ লিখিব নাজানে আৰু অসমীয়া বাতৰি কাগজ, কিতাপ আদিও পঢ়িব নাজানে ৷ অসমীয়া ভাষা ব্যৱহাৰ কৰা দেখি আপাতত তেওঁলোকক অসমীয়া যেন লাগিলেও অসমৰ ভৌগোলিক সীমাৰ ভিতৰত নপৰাৰ বাবে সেই মুঠি মানুহৰ পৰিচয় কিন্তু অসমীয়া হৈ নাথাকিল ৷ সেই পিনৰ পৰা চালে দেখা যায় যে- অসমত থাকি অসমীয়া ভাষা গ্ৰহণ কৰিলেই অসমীয়া হ'ব এই কথাষাৰ সত্যাসত্য নাইকিয়া হৈ পৰে ৷ ইপিনে অসমীয়া সংস্কৃতিৰ এটা গোটা ৰূপ অৰ্থাত্ মূৰ্ত্ত ৰূপত থকা এটা গোটা বস্তু নহয় ৷ পূৰ্বে অসমত গোট খোৱা অষ্ট্ৰিক, মঙ্গোলয়ড, আলপাইন জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠা এটা সাংস্কৃতিক ধাৰণাহে মাথো ৷ সেয়ে অসমৰ বিভিন্ন নৃগোষ্ঠী সমূহৰ মাজত প্ৰচলিত সাংস্কৃতিক বৈশিষ্ট্য সমূহক উপেক্ষা কৰা অসমীয়া সংস্কৃতিৰ ধাৰণা কৰাটো টান ৷ অসমৰ সমূহ নৃগোষ্ঠীয় সংস্কৃতিক লৈহে যে অসমীয়া সংস্কৃতি গঢ় লৈছে সেই কথা চকুৰ আগত সদায় ৰাখিব লাগিব ৷ সেই ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ ধাৰণাটো যে চূণ-তেল ঘঁহি থোৱা এটা বালিৰ ঘৰ সেই কথা স্পষ্ট হৈ পৰে ৷ কোনোবা ডাঙৰ ধুমুহা আহিলে চূণ-তেল ঘঁহি থোৱা এই ঘৰটো থান-বান হৈ যায় ৷ আকৌ সকলোৰে সহযোগত ইয়াৰ নিৰ্মাণ হয় ৷ সেয়েহে অসমীয়া আৰু অসমীয়া সংস্কৃতিৰ কথা কওঁতে নিজকে অসমীয়া মানুহ বুলি ভাবি থকা কাৰো অন্তৰত যাতে আঘাত নালাগে তাৰ প্ৰতি সকলো সচেষ্ট হোৱাটো বাঞ্চনীয় ৷
অসমীয়া জাতি এদিনত গঢ় লৈ উঠা জাতি নহয় ৷ যুগ যুগ ধৰি এই অসম নামৰ ভূমি খণ্ডলৈ অন্ন-বস্ত্ৰ সন্ধানত প্ৰব্ৰজন কৰা বিভিন্ন প্ৰজাতিৰ নৃঃগোষ্ঠীয় লোকসকলৰ সামূহিক সমন্বয়ত অসমীয়া জাতি আৰু অসমীয়া ভাষা এটা গঢ় লৈ উঠিল ৷ প্ৰাক আহোম যুগৰ পৰা আৰম্ভ কৰি আহোম যুগলৈকে যিবোৰ মানুহ অসমলৈ আহিছিল বা অনা হৈছিল সেই মানুহ মুঠিৰ উল্লেখ বুৰঞ্জূবোৰত পোৱা যায় বা অন্য সাহিত্যবোৰতো পোৱা যায় ৷ স্বৰূপতে ক'বলৈ গ'লে পূৰ্বে থান-বান হৈ থকা অসমীয়া জাতিটোক সাত ৰাজ মাৰি এক ৰাজ কৰোৱাত আহোম স্বৰ্গদেউ সকলেই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ৷ এই থান-বান হৈ থকা সমাজখনক একগোট কৰাৰ বাবে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ শংকৰদেৱৰ বাবেও পথ সুগম হৈ পৰিল ৷ কালক্ৰমত বৃটিছসকল অহাৰ পাছত অসমৰ ৰাজনৈতিক জীৱনলৈ যিদৰে পৰিৱৰ্তন আহিল ঠিক তেনেদৰে সামাজিক-সাংস্কৃতিক জীৱনলৈও পৰিৱৰ্তন আহিল ৷ অসমত চাহ খেতি কৰিবৰ কাৰণে থলুৱা শ্ৰমিক নাপাই বৃটিছসকলে উৰিষ্যা, বিহাৰ, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যৰ পৰা বিভিন্ন লোক অসমলৈ আমদানি কৰে ৷ ফলস্বৰূপে সেই মানুহ মুঠিও অসমৰ সমাজ জীৱনৰ অংগ হৈ পৰে ৷ স্বাভাৱিকতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত খিলঞ্জীয়া লোকসকলৰ লগতে থলুৱা মুছলমান, নেপালী, চাহ জনগোষ্ঠী আদি সকলোৰে সমন্বয়ত অসমীয়া জাতি গঠন হৈছে ৷ পাৰস্পৰিক সাংস্কৃতিক সহিষ্ণুতা আৰু ধৰ্মীয় সহিষ্ণুতাৰে জাতিটোক আগবঢ়াই নিয়াত সকলোৰে ব্যক্তিগত পৰ্যায়ত অথবা সামাজিক পৰ্যায়ত দায়িত্ব নিশ্চয় আছে ৷ তেহে সকলোৱেই মনে প্ৰাণে 'অসমীয়া' হ'বৰ বাবে সুযোগ বিচাৰি পাব ৷