দুটা যুগৰ দুজন কবি (ড° আনন্দ বৰমুদৈ)

তীৰ্থনাথ শৰ্মাক অসমৰ মানুহে কবি হিচাপে চিনি নাপায় ৷ কাৰণ প্ৰথম তেখেতে যোৱা শতিকাৰ চল্লিছৰ দশকতে কবিতা লিখিছিল আৰু প্ৰায় ত্ৰিছ বছৰ কাল পাণ্ডুলিপিটো পেলাই থৈ দিছিল ৷ দুটামান কবিতা তেখেতৰ বন্ধু মাধৱ বেজবৰুৱা সম্পাদিত "বাঁহী"ত প্ৰকাশিত হৈছিল যদিও ছদ্মনামত হৈছিল ৷ সেয়েহে তৎকালীনভাৱে পাঠকে জনাৰ উপায় নাছিল যে তীৰ্থনাথ শৰ্মাই কবিতা লিখে ৷ লিখাৰ তিনিটা দশকৰ পাছত 'কাম-সেন্দূৰ' কবিতাৰ সংকলন হিচাপে ছপা হোৱাৰ সময়লৈ অসমীয়া কবিৰ কাব্যভাব আৰু নিৰ্মাণ কৌশল লৈ অনেক পৰিৱৰ্তন আহিল ৷ শৰ্মা নিজেও এই বিষযে সচেতন আছিল বাবে পাতনিত কৈছে যে 'কবিতাবিলাকে আজিকালিৰ এচাম কিজানি সুখ দিব নোৱাৰিব ৷'

আধুনিকতাবাদী কবিতাই যি দুটা বস্তুক কবিতাৰ পৰা প্ৰায় নিৰ্বাসন দিছিল সেই দুটা তাৰ্থনাথ শৰ্মাৰ কবিতাৰ কেন্দ্ৰত আছে ৷ সেই দুটা হ'ল- প্ৰকৃতি আৰু ঈশ্বৰ ৷ কবিয়ে প্ৰকৃতিৰ মাজত ঈশ্বৰৰ গৰিমা প্ৰতিফলিত হোৱা দেখা পায় ৷ পৰশুপাম, শ্ৰীকৃষ্ণ আদিক কবিয়ে কবিতাৰ বিষয়ো কৰিছে ৷

প্ৰকৃতিৰ ৰূপ-গুণ উদযাপন কৰাৰ লগতে কবি শৰ্মাই প্ৰকৃতিৰ লগত হৃগয়ৰ সংযোগ অনুভৱ কৰে ৷ জীৱন আৰু জগতক অখণ্ড ৰূপত কল্পনা কৰাৰ সাক্ষ্য নিয়ৰ-কণা, বিচিত্ৰ চীনা, সাৰ্থক-কণিকা হেৰুৱা ক্ষণ, পৰশুৰামৰ প্ৰতি আদি কবিতাত পৰিষ্কাৰ ৷

যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা তীৰ্থনাথ শৰ্মা কবি হিচাপে কিছু পৰিমাণে প্ৰভাৱিত হোৱাৰ বাবে 'কাম-সেন্দূৰ'ৰ ভালে সংখ্যক কবিতাত জীৱনৰ সাধাৰণ অৱস্থা কৰুণ বুলি ব্যক্ত হৈছে ৷ 'ব্যথাতুৰ বাটৰুৱালৈ' শীৰ্ষক কবিতাত কবিয়ে যেতিয়া বাটৰুৱাৰ মুখেৰে কোৱায় 'সুউ সুদূৰৰ ব্যথাৰ দেশ / তাতে মোৰ আদি অন্ত ৷' পাঠকে ড° বাণীকান্ত কাকতিৰ সাহিত্যত কৰুণ ৰস প্ৰবন্ধৰ আৰম্ভণিৰ বাক্যটোৰ কথা মনত পেলাব পাৰে যে চৈতন্যৰ উদয়ৰ পৰা অস্তলৈকে মানৱ জীৱন এক সুদীৰ্ঘ কাৰুণ্যৰ আধাৰ মাথোন ৷ ট্ৰেজিক দৃষ্টিভংগীত মানুহৰ আকাংক্ষা আৰু প্ৰাপ্তিৰ মাজত থকা ব্যৱধানে প্ৰাধান্য পায় ৷

তীৰ্থনাথ শৰ্মাৰশৰ্মাৰ 'কাম-সেন্দূৰ' শীৰ্ষক সংকলনৰ প্ৰথম কবিতাটোৰ শিৰোনাম 'কাম-সেন্দূৰ' ৷ কাম-সেন্দূৰেৰে ফোট লোৱাজনৰ দৃষ্টিত 'সুখৰ দুখৰ নাথাকি চিন/জীৱনে মৰণে একাকাৰ ৰূপ ল'ব ৷' কামনা, বাসনা আৰু আকাংক্ষাৰ পৰাই যন্ত্ৰণাৰো উৎপত্তি হয় ৷ কবিয়ে 'কাম-সেন্দূৰ'ৰ কবিতা সমূহত বুদ্ধৰ দৰে আকাংক্ষাৰ পৰা মুক্ত হোৱাৰ উপদেশ দিয়া নাই, কিন্তু ব্যক্তিয়ে ব্ৰহ্মাণ্ডত নিজৰ সঠিক স্থান নিৰূপণ কৰি সঠিক সম্পৰ্কত জীয়াই থকাৰ ওপৰত গুৰুত্ব দিছেঃ 'সুৰভি একণ যাৰ জীৱনৰ মূল/তাকে নিবেদন কৰি বিদায় বেলিকা/ফুলেও লভিলে তাৰ সাৰ্থক কণিকা ৷'

'নিৰাশা-নিৰঞ্জন' কবিতাত কাৰুণ্যক জীৱনৰ স্থায়ী অৱস্থা আৰু ঈশ্বৰ আখ্যা দিয়া হৈছেঃ 'এই জীৱনত/নিৰাশ পৰম ধন/নিৰাশাৰ নাই হৰণ-ভগন/নিৰাশা-নিৰঞ্জন ৷'

'কাম-সেন্দূৰ'ৰ একাধিক কবিতাত কবিয়ে দক্ষতাৰে ৰূপক আৰু চিত্ৰকল্প নিৰ্মাণ কৰিছে ৷ 'নিষ্কাম কামনা'ৰ পৰা উদাহৰণ এটা ল'ব পাৰিঃ 'নিচেই কাষতে লৈয়ো লাহি নৈখনি/বালিচৰে বাট চায়/তৃষাত পৰাণ যায় যায় ৷' নৈখন আৰু বালিচৰে জীৱনৰ এটা শ্লেষাত্মক পৰিস্থিতিৰ ৰূপক হৈছে ৷

সংকলনখনত বিচিত্ৰ চিন্তা, ভাব, অনুভূতি আৰু পৰিৱেশ-পৰিস্থিতিক মূৰ্ত কৰা হৈছে ৷ এটা আমোদজনক কবিতা 'জয় মহাদেউ' ৷ এই ধৰণৰ কবিতা অসমীয়াত নাই বুলিবই পাৰি ৷ মহাদেউ নামৰ ষাঁড় এটাক কেন্দ্ৰ কৰি একেদায়ে আমোদজনক আৰু গম্ভীৰ পৰিস্থিতিক কাব্যিক দক্ষতাৰে বৰ্ণনা কৰা হৈছে ৷ সংকলনত সন্নিৱিষ্ট 'মাধৱৰ মাক' আন এটা কাহিনীধৰ্মী আমোদজনক কবিতা ৷ কবিতাটো আপাততঃ ৰগৰ যেন লাগিলেও গম্ভীৰ অভিজ্ঞতাৰ নিষ্ঠাৱান চিন্তাও কবিতাটোত প্ৰকাশ পাইছে ৷ (আগলৈ)