আধুনিক অসমীয়া কবিতাত কেইগৰাকী মান কবিৰ কাব্য চিন্তা (সুৰজিতা সন্দিকৈ গগৈ)

অধ্যয়ন পুষ্ট মন আৰু সংবেদনশীল হৃদয়েৰে তেওঁৰ কাপৰ পৰা নিগৰিত কবিতাই আধুনিক কাব্য জগতখনিত অনন্য ৰূপে সমৃদ্ধ কৰি তুলিছে ৷ আংগিক আৰু বিষয়বস্তুৰ অভিনৱত্ব, ভাব আৰু ভাষাৰ অৰ্পূব সমাহাৰ, বৈচিত্ৰ্যপূৰ্ণ প্ৰকাশভংগী, সুন্দৰ চিত্ৰকল্পৰ নিৰ্মাণ তেওঁৰ সৃষ্টিকৰ্মৰ প্ৰধান বৈশিষ্ট্য ৷ আৱেগৰ জগতত জীৱনানন্দ আৰু খলিল জিব্ৰান আৰু আনফালে চিন্তা জগতত ৰবীন্দ্ৰনাথ, এলিয়ট, হুইটমেন, মায়াক'ভস্কি এই সকলৰ অনুপ্ৰেৰণা বিচাৰি গ'লে মুঠ বিচাৰ বিশ্লেষণত নৱকান্ত বৰুৱা দেৱৰ নিজস্ব বৈশিষ্ট্য সু-স্পষ্ট ৷ জীৱনৰ সৌন্দৰ্য্য, প্ৰেমৰ মাধুৰিমা, গভীৰ ইতিহাম চেতনা, মৃত্যৰ চেতনা, সমকাল চেতনা, নগৰীয়া জীৱনৰ নিসংগতা আদি বিষয়-বস্তুৰ সমাহাৰেৰে তেওঁ অসমীয়া কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰে ৷ ব্যক্তিগত অনুভূতিৰ গভীৰতা আৰু সু-স্পষ্ট সাহিত্যিক প্ৰমূল্য আৰু বচনভংগীৰ মৌলিকতাই কবি গৰাকীক আধুনিক কাব্য পৰম্পৰাত এগৰাকী দিগদৰ্শী কবি হিচাপে চিহ্নিত কৰিছে ৷ নৱকান্ত বৰুৱাই আধুনিক অসমীয়া কবিতাত প্ৰতীকবাদী আন্দোলন শক্তিশালী ৰূপত গঢ় দিছিল ৷ বুদ্ধিদীপ্ত প্ৰতীকি শব্দ প্ৰয়োগে নৱকান্ত বৰুৱাৰ কবিতাক বুদ্ধিদীপ্ততা প্ৰদান কৰিছে ৷ এনে প্ৰতীকি শব্দৰে তেওঁ কবিতাত অনেক চিত্ৰ-কল্পনাৰ ৰচনা কৰে ৷ নৱকান্ত বৰুৱাৰ কবিতাত বিষয়বস্তু বিবিধ ভাৱধাৰাৰে সমৃদ্ধ ৷ তেওঁ কবিতাৰ বিষয়বস্তুৰ এটা দিশত আমি দেখা পাওঁ বিষয়বস্তুৰ ব্যক্তিগত ভাৱ-চিন্তা আৰু আনটো দিশত দেখা পাওঁ দেশ-বিদেশৰ নানান চিন্তাধাৰা, বুৰঞ্জী, সভ্যতা, সংস্কৃতি আদিৰ সমাহাৰ ৷ আধুনিক অসমীয়া কবিকুলৰ প্ৰেৰণাৰ উৎস নৱকান্ত বৰুৱাই অসমীয়া কবিতাৰ প্ৰয়াস আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত বিশেষ ভাবে বৰঙণি যোগাই থৈ গৈছে ৷


অসমীয়া সাহিত্য জগতৰ এগৰাকী সফল আৰু জনপ্ৰিয় কবি ৰূপে খ্যাত নৱকান্ত বৰুৱাদেৱৰ ১৯৫১ চনত প্ৰথম কাব্যপুথি 'হে অৰণ্য হে মহানগৰ' প্ৰকাশ পায় ৷ কাব্য গ্ৰন্থ খনিৰ পটভূমিত আছে কলিকতাৰ দৰে মহানগৰীত উপলব্ধি কৰা নিসংগতা আৰু ব্যক্তিত্বৰ স্বীকৃতিহীনতাৰ যন্ত্ৰণা ৷ ইয়াৰ যোগেদিয়েই অসমীয়া কাব্য প্ৰৱাহৰ সুঁতি সলনি হয় ৷ ইয়াৰ পৰৱৰ্তী কাব্য সংকলন কেইখন হৈছে 'এটি দুটি এঘাৰটি তৰা' (১৯৫৭), 'যতি আৰু কেইটামান স্কেছ (১৯৬০), সম্ৰাট (১৯৬২), ৰাৱণ (১৯৬৩), মোৰ আৰু পৃথিৱীৰ (১৯৭৩), ৰত্নাকৰ (১৯৮৬), এখন স্বচ্ছ মুখাৰে (১৯৬০), দলঙত তামীঘৰা (১৯৯৯), সূৰ্যমূখীৰ অংগীকাৰ (১৯৯০), নৱকান্ত বৰুৱাৰ কবিতাৱলী (১৯৯৮), ৰাতি জিলমিল তৰা জিলমিল ইত্যাদি ৷ এই আটাইকেইখন কাব্য সংকলনৰ মাজেদি প্ৰকাশ পাইছে ব্যক্তিগত আৰি সমষ্টিগত মানবীয় জিজ্ঞাসাৰ অনন্য ৰূপ ৷ একেধাৰে কবি, ঔপন্যাসিক, শিশু-সাহিত্যিক আৰু গীতিকাৰ হিচাপে সুপৰিচিত সাহিত্যিক জনাই কবিতাৰ উপৰিও দুখন উপন্যাস, গীত আৰু শিশু-সাহিত্যও ৰচনা কৰি থৈ গৈছে ৷ আৰম্ভণিতে বৰুৱাদেৱে কবিতাৰ অনুবাদ, কবিতাৰ আলোচনী আৰু ছন্দাসিক ৰূপেৰে তেওঁ অসমীয়া কাব্য জগতলৈ বহুমূলীয়া বৰঙণি দি থৈ গৈছে ৷
'জীৱনৰ কবি' নৱকান্ত বৰুৱাৰ কবিতাত পৰিব্যাপ্ত হৈ উঠিছে বিশ্বৰ সমগ্ৰ মানুহৰ ইতিহাস একে বুলি কৰা আন্তৰিক উপলব্ধি ৷ তেওঁৰ কাব্য-চিন্তাৰ মাজত প্ৰকাশ পাইছে সকলো ধৰ্ম, দৰ্শন আৰু মতবাদৰ প্ৰতি থকা উদাৰনেতিক সহনশীলতা ৷
নৱকান্ত বৰুৱাৰ কবিতাত আমি দেখা পোৱা অন্যতম বৈশিষ্ট্য হৈছে ভাৰতীয় দৰ্শনৰ জন্মান্তৰবাদ, জাতিষ্মৰ, ঈশ্বৰবাদ, চিৰসুন্দৰৰ উপস্থিতি এইবোৰৰ ভুমুকি ৷ বৰুৱাদেৱৰ কবিতাত দেখা পাওঁ আন এক বৈশিষ্ট্য ৷ এইয়া হৈছে বৌদ্ধ দৰ্শনৰ প্ৰতি থকা আকৰ্ষণ ৷ তেওঁৰ বহুকেইটা কবিতাত বৌদ্ধ দৰ্শনৰ প্ৰতি থকা আৱেগৰ আভাষ দেখা গৈছে ৷     (আগলৈ)