- হেল্ল নীলাভ নহয় জানো ?
- কোৱা অলকা ৷
- আপুনি মোক চিনি পায় নি ?
- পাওঁ....., তুমি অলকানন্দা নহয় জানো ৷
- মাতটো মোৰ চিনাকী যেন লাগিছে ৷ বাৰু, আপোনাৰ আজিৰ কাকতখনত এটা কবিতা প্ৰকাশ পাইছে ৷ কবিতাটো মোৰ চিনাকী দৰে লাগিল, যেন মোৰ এজন পুৰণি বন্ধুৱে লিখা আৰু কওঁকচোন আপুনি মোক কেনেকৈ চিনি পায় ?
- মই অনুসন্ধান অলকা ৷ নীলাভ নয়ন মই নিজৰ পৰা নিজক লুকুওৱাৰ এক প্ৰচেষ্টা ৷
- কি.....
অলপ ডাঙৰকৈ মাতটো ওলাল ৷
- অ' অলকা মই অনুসন্ধানে কৈছো ৷
- তুমি মোৰ নাম্বাৰটো এতিয়াও ছেভ কৰি ৰাখিছা ৷
- কিছুমান নাম্বাৰ ডিলিট কৰো বুলি ভাবিলেও কৰিব নোৱাৰি অলকা ৷ ফোন বুকৰ পৰা ডিলিট হ'ল সঁচা ৷ কিন্তু মনৰ মাজৰ পৰা নহ'ল আৰু নহয় ৷
- এৰা ময়ো পৰা নাই অনুসন্ধান ৷ তোমাৰ পুৰণি নাম্বাৰটো এতিয়াও আছে ৷ কিন্তু তুমি নাম্বাৰটো এৰি দিলা ৷ অলকাই আকৌ সুধিলে তুমি বাৰু কিয় ছদ্ম নামত লিখিবলৈ ল'লা ৷
- আকৌ তোমাক লগ নাপাবৰ বাবে কৰা এটা চেষ্টা মাথোঁ ৷ ক্ষোভত কৈ উঠিল অনুসন্ধানে ৷
- কেনে আছা তুমি ?
- গতানুগতিক ৷ দিন গৈছে আৰু ৰাতি হৈছে ৷ তুমি ?
- মোৰ একেই ৷ বিয়া কৰালা নি ?
- নাই, এনেকৈয়ে সুখত আছো ৷ মোৰ অপাৰ্থিৱ সত্ত্বা নিঃসংগতাই এতিয়া মোৰ লগৰী ৷ আৰু তুমি ?
বহুত কিবা কিবি কৈ দিব খুজিছিল অনুসন্ধানে ৷ ভাবিলে যদি কৈ দিয়ে তোমাৰ কেলৈনো বুলি সেয়েহে আৰু একো নক'লে ৷ মনৰ মাজত কিবা এটাই খুন্দা মাৰি ধৰিলে তাৰ ৷ সেই সময়ত অলকাইও কোনো উত্তৰ দিয়া নাছিল সেইফালৰ পৰা ৷ সি আকৌ ক'লে-
- তোমাক লগ পাই ভাল লাগিল ৷
- থেংক ইউ
- মষ্ট ৱেলকাম ৷
লগে লগে ফোনটো কাটি দিলে নীলাভ অনুসন্ধান কাশ্যপে আৰু কিবা এক অস্থিৰতাত কোঠাটোত পাইচাৰী কৰিবলৈ ধৰিলে ৷ হেৰাই যাব খুজিছিল তাৰ ভৰিৰ তলৰ মাটিবোৰ ৷ গীতাখন মেলি লৈ মনত অলপ শান্তি লভো বুলিও ৰৈ গ'ল সি ৷ ক্ষোভত যেন ফাটি গৈছে সি ৷ মুখমণ্ডলত ঘৃণাৰ চাপ ৷ মুখেৰে ভোৰভোৰাই উঠিল নিৰ্জন কোঠাটোত- বিশ্বাসঘাতক চাল্লা সব বিশ্বাসঘাতক ৷
কেনেকৈ এটা সম্পৰ্কক হঠাতে্ শেষ কৰি দিব পাৰে ৷ কেনেকৈ ইমান সোনকলে আপোন মানুহবোৰ পৰ হ'ব পাৰে বাৰু, কেৱল নিজৰ সুখৰ বাবে ইজনৰ কথা নাভাবি এষাৰ কথা কৈয়ে ইমানদিনীয়া এটা সম্পৰ্ক শেষ কৰি দিব পাৰে ৷ নাই আৰু কাকো বিশ্বাস কৰা নহ'ব ৷
লগে লগে অনুসন্ধানে মেছেদ কৰিলে তাৰ বন্ধ কেইজনলৈ ৷ বন্ধু মানে তাৰ পাঁচজন বন্ধু ৷ 'জীৱনত বোলে এজন বন্ধুৱেই যথেষ্ট ৷ দুজন হ'লে বেছি হয় আৰু তিনিজন থকাটো অসম্ভৱ' বুলি কোৱা কথাষাৰ মুঠেই বিশ্বাস নকৰে সি ৷
- অলকাই ফোন কৰিছিল ৷
-তই কি ক'লি বন্ধুহতঁৰ ৰিপ্লায় ৷
- ভালেই আছো বুলি ক'লো ৷ বিশেষ একো নক'লো ৷ মনটোও উদাস উদাস লাগিল ৷
- ডণ্ট মাইণ্ড য়াৰ ৷
আৰু বহুত কথাই পাতিলে বন্ধুবৰ লগত ৷ দুজনে ধমকিও দিলে ৷
অলকা হৈছে তাৰ প্ৰেয়সী ৷ সম্পূৰ্ণ নাম অলকানন্দা বৰুৱা ৷ শদিয়াত ঘৰ ৷ ঘৰত মাক, এজন ককাইয়েক, এগৰাকী বায়েক আৰু দেউতাক ঢুকাল ৷ এদিন অনুসন্ধানৰ 'অনুভৱ' নামৰ কবিতাটো এখন কাকতত ফোন নাম্বাৰ সহ প্ৰকাশ পাইছিল আৰু অলকাই সেই কবিতা পঢ়ি ভাল লগাত তালৈ ফোন কৰিছিল আৰু অলকাই আছিল তাৰ প্ৰথম পাঠকৰ ফোন আছিল ৷
- হেল্ল....... অনুসন্ধান কাশ্যপ হয়নে ?
- হয় আপুনি কোনে কৈছে ?
- মই অলকানন্দা ৷ ঘৰ শদিয়াত ৷ আজি আপোনাৰ কবিতা এটা প্ৰকাশ পাইছে অনুভৱ নামেৰে ৷ কবিতাটো পঢ়ি বহুত ভাল লাগিল ৷
- ধন্যবাদ ৷
সেয়াই আৰম্ভণি আছিল ৷ তাৰ পাছত ক্ৰমাৎ বন্ধুত্ব আৰু শেষত বন্ধুত্বৰ পৰা প্ৰেম ৷
যোৱা বছৰ ভূপেন হাজৰিকা শেষকৃত্যৰ দৃশ্য অসমৰ সকলো টি ভি চেনেলে লাইভ টেলিকাষ্ট কৰিছিল আৰু সেই দৃশ্য চাই থাকোতেই হঠাত্ ঢলি পৰিছিল হাৰ্টৰ অসুখত ভুগি থকা অলকাৰ দেউতাক ৷ কাষত থকা অলকাই কিংকৰ্তব্যবিমূঢ় হৈ ককায়েক আৰু বায়েকক চিঞৰিছিল ৷ দেউতাকক হস্পিটেললৈ এম্বুলেঞ্চত পঠিয়াই ডায়েল কৰিছিল অনুসন্ধানৰ নাম্বাৰটোত ৷ এজনী কণমানি ছোৱালীৰ দৰে উচুপি উঠিছিল অনুসন্ধানৰ আগত আৰু অনুসন্ধানে তিনিদিনৰ কেজুৱেল লীভৰ এপলিকেচন দি ৰাওনা হৈছিল শৰত ফুলৰ দেশলৈ, তাৰ প্ৰেয়সী অলকাৰ কাষলৈ ৷ অলকাই পূৰ্বতে দিয়া ঠিকনা মতে তাৰ ঘৰটো উলিওৱাত কোনো অসুবিধা নহ'ল লাহে লাহে সি গেট খুলি সোমাই গ'ল ৷ চোতালত বহুত মানুহ কোনোবা এজনে তাক অলকা কাষলৈ লৈ গ'ল ৷ ইতিমধ্যে দেউতাকৰ মৃতদেহ আহি চোতাল পাইছেলহি ৷ ককায়েকে ধূতি পিন্ধি চেলেং গামোছা লৈ সাজু হৈছিল মুখাগ্নি কৰিবলৈ আৰু সি অলকা চকুলো চাব নোৱাৰি সিও খোজ ল'লে শ্মশানৰ দিশে ৷ তিলনিৰ পাছত সি গুচি আহিছিল যোৰহাটলৈ ৷ থাকিবলৈ মন থাকিলেও কৰ্তব্যৰ তাড়ণাত পৰি সি গুচি আহিছিল ৷ মাকৰ শ্ৰাদ্ধৱৈ যাব নোৱাৰিলেও প্ৰতিদিনে খবৰ ল'বলৈ পাহৰা নাছিল সি ৷
হঠাত্ এদিন অলকাই তাক আচৰিত কৰি ক'লে যে ককাইয়েকে তাই বিয়াৰ ঠিক কৰিছে আৰু ইমান দিনৰ সম্পৰ্ক এটা থকাৰ পাছতো অলকাই ককায়েকৰ কথা মানি লৈছিল ৷
একো ক'ব পৰা নাছিল অনুসন্ধানে ৷ মূক হৈ গৈছিল সি, দুভৰি জথৰ হোৱাৰ দৰে একে ঠাইতে ৰৈ গৈছিল ৷ বধিৰো হৈছিল ৷ কাৰণ ডিচকাণেক্ট হোৱা ফোনটো কাণত লগাই থৈছিল ৷ লগে লগে যেন তাৰ জীৱনৰ ৰঙিল কৃষ্ণচূড়া জোপাৰ সেউজীয়া পাতবোৰ হালধীয়া নোহোৱাকৈয়ে জৰজৰকৈ সৰু পৰিছিল আৰু এজন ব্যৰ্থ প্ৰেমিকৰ দৰে এখিলা দুখিলাকৈ বুটলি লিখি পেলাইছিল জীৱনৰ অন্যতম সম্বন্ধ নামৰ কবিতা ৷ আৱিস্কাৰ কৰিছিল পৃথিৱীৰ কোনো সম্বন্ধইয়ে স্থায়ী নহয় সেই কথাষাৰ ৷
ভাগি পৰিছিল সি ৷ প্ৰেমত প্ৰতাৰিত হোৱাতকৈ বিশ্বাসঘাতকতাক সহজে মানি ল'ব পৰা নাছিল তাৰ সৃষ্টিশীল মনটোৱে ৷ সি আন্ধাৰ ভাল ভালপোৱা হ'ল ৷ ভালপোৱা হ'ল তাৰ অপাৰ্থিৱ সত্ত্বা নিসংগতা ৷ এইক্ষেত্ৰত চিন্তিত হৈছিল তাৰ বন্ধুমহল ৷ ছাঁৰ দৰে লাগি থকা তাৰ বন্ধ চন্দ্ৰ, গৌৰৱ, দিগন্ত, অজিত আৰু যদুমণিয়ে লাগিল তাক বুজনি দিবলৈ ৷ এদিন সফল হ'ল বন্ধুমহল ৷ হাঁহিবলৈ পাহৰা বন্ধুজনে হঁহা দেখি আৰি সিহঁতৰ আড্ডাত ভাগ লোৱাত দেখি আনন্দিত হ'ল সিহঁত ৷ সিহঁতৰ পবিত্ৰ সম্পৰ্কত ঘূণে নধৰিবলৈ কিমান যে কষ্ট নকৰে সিহঁতে ৷ সিহঁতৰ মৰম লগা উৎপতীয়া বন্ধ অনুসন্ধান আকৌ আগৰ দৰে হৈ উঠিল ৷
হঠাত্ অহা ফোনটোৱে অনুসন্ধানক আকৌ ব্যথিত কৰিলে ৷ কিয় ফোন কৰিলে অলকাই ৷ মইটো তাই অবিহনে সুখী ৷ আচলতে মই ভুল কৰিলো ৷ এটা ছদ্মনামেৰে দুচকুত দুহাত দি পৃথিৱীখনৰ পৰা নিজকে লুকুৱাব খুজিছিলো ৷ কিন্তু নিজৰ পৰা নিজক লুকুৱাব পাৰি জানো ৷ অতীতৰ এটা স্মৃতিয়ে আকৌ নীলাভ নয়নৰ সাজযোৰ সলকাই অনুসন্ধান কাশ্যপৰ সাজযোৰ পিন্ধাই দিলে ৷ জীৱনৰ প্ৰথম প্ৰেমত প্ৰতাৰিত হৈ কোনো দিন বিয়া নকৰোৱা সিধান্ত লোৱা অনুসন্ধান আজি অস্থিৰ ৷ কি কৰিব বাৰু এতিয়া সি নে অলকালৈ আকৌ এটা ফোন কৰিব নেকি ? নে এটা নতুন নামৰ সাজ পিন্ধি সলাই পেলাব তাৰ এই নাম্বাৰটো ৷ (সমাপ্ত)








