এই পৃথিৱীত মানুহেই হৈছে সর্বেসর্বা প্রাণী, যি আনৰ জীৱনক আনন্দ আৰু সুখময় কৰি তুলিব পাৰে । আপুনি ইমান সুখ আৰু আনন্দ আনৰ জীৱনক দিলে আপোনাৰ মৃত্যুত কোনেনো নেকান্দিব আপুনিয়েই কওকচোন বাৰু ? জীৱনটো বৰ কম । আজি জন্ম, অহাকালি কৈশোৰ, যৌৱন প্রাপ্ত আৰু তাৰ পাছত এদিন মৃত্যুৰ ফালে গমন কৰো । জীৱনত যিমানেই ধনী নহওক বা দুখীয়া হওক এদিন আমি মৰিব লাগিব । এয়াই প্রকৃতিৰ নিয়ম । জীয়াই থকাৰ সময়ত যিমানেই জাত-পাত, ধর্ম, উচ্চ-নীচ আদিক লৈ কাজিয়া-পেচাল নকৰো আমি মাটিৰ মানুহ আৰু মাটিৰ ধূলিৰ লগত মিলি যাব লাগিব ৷ তাৰ পিছত আমি মাটিৰ তলত সকলো সমান হম ৷ জন্মৰ সময়ত যেতিয়া কান্দি-কান্দি পৃথিৱীলৈ আহো তেতিয়া সকলোৱে হাঁহি থাকে আৰু আপোনাৰ মৃত্যুৰ সময়ত সকলোৱে কান্দি উঠে । জন্মৰ সময়ত সকলোৰ মুখত হাঁহি বিৰিঙাব পাৰি । কিন্তু এই হাঁহি অতি কম সময়ৰ বাবে আহে । যদি এই হাঁহিয়ে গোটেই জীৱন আনক সুখী কৰিব পাৰে তেন্তে ইয়াতকৈ আৰু কি লাগে ? আমাৰ জীৱনত বহুবাৰ বহুজনক প্রতিজ্ঞা দিছো । বিপদৰ সময়ত কেতিয়াবা কিছুমান মানুহক প্রতিজ্ঞা দিছো যে আপুনি নিচিন্ত মনৰে থাকক আপোনাক মই সহায় কৰিম । কিন্তু এনে প্রতিজ্ঞা আমি হৃদয়ত কিমান মনত ৰাখো ৷ কেতিয়াবা পালন কৰো ? আন কিছুমান আমি একেবাৰে পাহৰি যাওঁ ৷ কিয় পাহৰি যাওঁ আনক দিয়া এনে প্রতিজ্ঞা । এনে প্রতিজ্ঞাৰ মূল্য নাই নেকি ? যদি পাহৰিহে যাও তেন্তে আনক এনে আশা কিয় দিব লাগে ? এইটো নোহোৱা নহয় যে ব্যস্তততাৰ জীৱনত আমি সকলোবোৰ প্রতিজ্ঞা মনত ৰাখিব নোৱাৰো । আজিৰ যান্ত্রিকতাৰ যুগৰ নিগনী দৌৰত আমি এনেদৰে ভর্তি হৈছো যে সাধাৰণতে এনেবোৰ প্রতিজ্ঞা আমাৰ বাবে মূল্যহীন হৈ পৰে । কিন্তু যেতিয়া আপুনি এই প্রতিজ্ঞা ৰাখিব নোৱাৰে বা আপোনাৰ প্রতিজ্ঞা ভঙ্গ কৰে তেন্তে আপুনি ভাল বন্ধু এজন হেৰুৱাবলৈ ধৰে । কিয়নো যেতিয়াই এনে প্রতিজ্ঞা ভঙ্গ কৰে তেতিয়া বিশ্বাসৰ এনাজৰীডাল ভাঙে । এই বিশ্বাসৰ সমন্ধ ফাট মেলাৰ লগে লগে আমাৰ মাজৰ আত্মীয়তা নাইকিয়া হয় ৷ আত্মীয়তা দূৰ হোৱাৰ লগে লগে আমাৰ মাজৰ পৰা মৰম, প্রেম, ভালপোৱা, আদর্শ আদিবোৰ বিলুপ্ত হৈ যায় । বিপদ কাৰণো নাহে ? সহায় কাৰ প্রয়োজন নহয় ? সকলো মানুহৰে প্রয়োজন হৈ পৰে ৷ বিপদ কাৰ কেতিয়া আহে কোনেও নাজানে ? কাক কোনটো সময়ত কাৰ সহায়ৰ প্রয়োজন হৈ পৰে এই কথাও কোনো আগতীয়াকৈ ক'ব নোৱাৰে । এনে সময় সকলোৰে আহে ৷ লাহ-বিলাহৰ জীৱন নির্বাহ কৰি থকা জনৰো আহে ৷ এই বিপদৰ সময়ত আপুনি যদি আপোনজনক সহায় বা মৰমৰ মাত দিব নোৱাৰে তেন্তে আপুনি জীয়াই থকাৰ অর্থই বা কি ? সকলো মানুহে জীয়াই আছে ৷ জীয়াই থকাটো ডাঙৰ কথা নহয় । আপুনি কেনেকৈ জীয়াই আছে ? কিদৰে জীয়াই আছে ? এইয়া ডাঙৰ কথা ৷ সমাজৰ উন্নতিৰ বাবে কিমানখিনি অৰিহনা যোগাইছে । জীয়াই থাকোতে আনক যদি সমাজৰ উন্নয়নৰ পথত অলপমান সহায়ৰ হাতখন আগবঢ়াব নোৱাৰে তেন্তে আমি কাৰ বাবে আমি জীয়াই আছো । তেন্তে এনে জীৱন জীয়াই থকাৰ অর্থ যে মূল্যহীন । জীৱনটো আমি এনেদৰে উপভোগ কৰিব লাগে আপোনৰ মৃত্যুৰ পিছত সকলোৱে মনত ৰাখে যে মানুহজন সমাজৰ উন্নয়নৰ বাবে গোটেই জীৱনটো ত্যাগ কৰিলে । নিজৰ সুখ আনক বিলাই মানুহজন গুচি গ'লগৈ । এশজন মানুহে ত্যাগৰ কথা মনত নেপেলালেও আন দুজনে আপোনাৰ ত্যাগৰ কথা স্বীকাৰ কৰিব । এই দুজন মানুহে আন বহজন মানুহক উৎসাহ আৰু উদ্দীপনা যোগাব । এই কামেই সমাজক অন্য এক দিশত আগুৱাই লৈ যাব ৷ পৃথিৱীত বহু ধৰণৰ মানুহ বসবাস কৰে । ভাল-বেয়া ৷ এচাম দুখীয়া আৰু আন এচাম ধনিক শ্ৰেণীৰ । ধনীয়ে হওঁক বা দুখীয়াই হওঁক সকলোৱে জীয়াই আছে ৷ দুখীয়া শ্ৰেণীৰ মানুহখিনি দুবেলা-দুমুঠিৰ বাবে সংগ্রাম কৰিছে আৰু ধনীকে অধিক অর্থ লাভৰ বাবে সংগ্রাম কৰিছে । আপুনি ৰিক্সা চলাই বা হাল বাই জীৱন নির্বাহ কৰি আছে । পেট ভৰাই এমুঠি খাইছে, পৰিয়ালক খোৱাইছে । দুই-এটা কামো কৰিছে সমাজৰ বাবে। আপুনি সুখী আপোনাৰ জীৱনক লৈ । কিন্তু আপোনাৰ দৰে সুখী হ'ব পৰা নাই এচাম ধনীক । বিলাসী জীৱন প্রণালী আৰু ভোগবাদত আমি এনেদৰে নিমজ্জিত হৈ পৰিছো যে সমাজৰ উন্নয়নৰ কথা তেওঁলোকে চিন্তা নকৰে । সমাজৰ মংগলৰ বাবে চিন্তা কৰা মানে তেওঁলোকৰ বাবে সময় অপচয় ৷ কিন্তু ইমানবোৰ অর্থ উপার্জন কৰাৰ পিছতো আপোনাক যে কোনেও মনত নাৰাখে । এই পৃথিৱীত কোটিপটি মানুহ আছে কিন্তু আপোনাক কোনেনো চিনি পায় ? চিনিব কেনেকৈ নো
আপুনি যে সমাজৰ বাবে একো কাম কৰা নাই । গতিকে ইমানবোৰ অর্থ উপার্জন কৰিও আপোনাৰ জীৱন একেবাৰে মূল্যহীন হৈ পৰে ৷ জীয়াই থাকিবৰ বাবে জীৱন নামৰ প্ৰতিযোগিতাত এনেকৈ ব্রতী হৈ পৰিছো যে আমি পাহৰি পেলাইছো পৰস্পৰৰ প্রতি থকা সহমর্মিতা আৰু সহানুভুতিবোৰ । সমন্ধয়ৰ এনাজৰীৰ শিকলিডালৰ বান্ধোন ছিঙি গৈছে । আপোনজনৰ মৃত্যুত খবৰ ল'বলৈ আমাৰ সময় নাই ৷ সময় কেনেকৈ থাকিবনো ? আপোনাৰ হৃদয়ত যে লাহে লাহে আৱেগ অনুভূতিবোৰ মামৰৰ ৰঙে যে খাইছে । সৰু সৰু কাম হ'লেও আপুনি কিছুমান কাম কৰিব পাৰে । অকল ৰাজনীতি কৰিয়েই ডাঙৰ আৰু মহৎ হ'ব নোৱাৰি । কিছুমান সৰু বুলি ভবা কাম সমাজৰ বাবে এক মহৎ দান হ'ব পাৰে । কিছুমান সৰু কাম যেনে ভোকত লঘোনে থকাজনক অলপ খাদ্য, পিয়াহত থকা জনক পানী, থাকিবলৈ আশ্রয় দান, ঠাণ্ডাত কঁপি থকা মানুহজনক কাপোৰ, ৰাস্তাৰ দাঁতিত পৰি মৃত্যুৰ স'তে যুঁজি থকাজনক সহায়ৰ হাত আৰু দুখৰ সময়ত হাঁহি বিৰিঙাব পাৰিলে জীৱন অধিক অর্থপূর্ণ হৈ পৰে । এনে কিছুমান সৰু কামৰ যোগেদিও দেখিব যে সমাজৰ অলপ পৰিৱর্তন হৈছে ৷ আপুনিও দেখিব যে এনে কামে আপোনাকো অধিক সুখী কৰি তুলিছে আৰু জীৱনটো অধিক সুখী হৈ পৰিছে ৷ দুখৰ সময়ত যদি নিজৰ আপোনজনক মুখত হাঁহি বিৰিঙাব নোৱাৰো তেন্তে আমি কাৰ বাবে জীয়াই আছো । আপুনি যদি ওচৰ-চুবুৰীয়া বা সমাজৰ দুখৰ সময়ত এষাৰি মৰমৰ মাত দিব নোৱাৰে তেন্তে মৃত্যুত আপোনাৰ মৃত্যুত কোনেনো কান্দিব ? সৰু কামেই হওঁক কিন্তু সমাজৰ উন্নয়নৰ বাবে কাম কৰিলে কোনেনো আপোনাৰ অৱদান পাহৰিব ? তেন্তে আজিৰ পৰা এনে কাম কৰক যাতে সকলোৱে ক'ব লাগিব যে গোটেই জীৱন আনক সহায়ৰ হাত আগবঢ়াই নিজে খালী হাতেৰে গুচি গ'লগৈ ৷ আপুনিয়েই কওঁকচোন তেন্তে এনে এজন মানুহৰ মৃত্যুত কোনেনো কান্দি নুঠিব ?








