নীলাঞ্জনাৰ খংটো বেয়াকৈ উঠি আহিল সেই তাইক চাবলৈ আহিব খোজা ল'ৰাজনৰ ওপৰত ৷ দূৰ সম্পৰ্কীয় পেহীয়েক এজনীয় তাইৰ বাবে এজন সুশিক্ষিত, উচ্চ পদবী সম্পন্ন ল'ৰাৰ প্ৰস্তাৱ দিছে ৷ তাইৰো পঢ়া শুনা , চাকৰীৰ বাবে ইন্টাৰভিউ দি চাকৰী লোৱালৈ প্ৰেমৰ সময় নিমিলিল ৷ গতিকে ঘৰৰ পৰা ঠিক কৰা ল'ৰাৰ সৈতে বিয়াত সোমাব বুলি কথা দি দিলে ৷ এতিয়া প্ৰায়ে বহে তাইক চোৱাৰ মেলাখন ঘৰত ৷ অৱশেষত নানানটা কাৰণত অপছন্দৰ যুক্তি, কেতিয়াবা তাইৰ ঘৰৰ পৰা কেতিয়াবা ল'ৰাৰ ঘৰৰ পৰা ৷ বিৰক্ত হৈ তাই কৈ দিলে- "এইবোৰ বন্ধ কৰা ৷ ল'ৰালৈ ফটো পঠিয়াবা, দেখাত ভাল পালে বাহিৰত লগ কৰি কথা পাতিম তাৰ পিছত পচন্দ হ'লে ঘৰত আহিব ৷ একেখন নাটককে কিমান চাম, এইবাৰ পটভূমি সলাই চাওঁ ৷" সেই ভিত্তিতে এইবাৰ ঠিক কৰিবলৈ তায়ে আগভাগ ল'লে ৷ পেহীয়েকে ফোন নম্বৰ দিলে দুয়োকে দুয়োৰে ৷ প্ৰথম হোৱাটচ্ এপ তাৰ পিছত ভয়জ কল, তাৰ পিছত লগ কৰাৰ প্ৰস্তাৱ ৷ সকলো ঠিকেই আগবাঢ়িল ৷ লগ কৰাৰ ডেট প্লেচ সকলো ফিক্স ৷ লগ কৰাৰ আগদিনা নীলাঞ্জনালৈ ল'ৰাটোৰ এটা মেচেজ আহিল - "কাইলৈ সাজু হৈ আহিবা ৷ দিনটোৰ পুৰা সময় ল'ম ৷ প্ৰথমে বজাৰ তাৰ পিছত লান্স তাৰ পিছত মই বুক কৰি থোৱা হোটেলৰ কোঠাত দুঘন্টা নিবিৰে কটাম ৷ বিয়াৰ বাবে তাৰ পিছত যদি মনে কয় বিয়া ঠিক কৰি পেলাম ৷"
মেচেজটো পঢ়ি নীলাঞ্জনা বহু সময় বহি থাকিল৷ হোটেলৰ কোঠাত দুঘন্টা নিবিৰে কটোৱাৰ পিছত....... হে ঈশ্বৰ এইভাগ বিয়াৰ বেহা আৰু সাংঘাটিক চোন ৷ ভাবি ভাবি তাই মেচেজটোৰ ৰিপ্লাই এটাৰে ইতিৰেখা পেলাবলৈ লিখিলে - "তুমি দুঘন্টা নিবিৰ সময় কটাই সিদ্ধান্ত লোৱাৰ কথা কোৱাত মোৰ বেয়া লগা নাই, কিন্তু ঠাইখন 'হোটেলৰ কোঠা' বাবে মই কালিলৈ লগ নকৰাৰ কথা ভাবিলো ৷ মোৰ হৃদয়খন চৰণীয়া পথাৰ নহয়, মন গ'লেই এৰাল দিব নতুবা এৰি দিব কোনোবাই গৰু, ঘাঁহ খাই পথাৰৰ সেউজীয়া লুটি নি আন ঠাইলৈ ল'ৰ ধৰিব ঘাঁহ বিচাৰি ৷"
বিয়া নামৰ ৰচগোল্লাটোৰ ৰস খাবলৈ ইমান কঠিন জানি মনেৰে আজি বিয়াকে বিসৰ্জন দি দিওঁ বুলি শুক্ৰেশ্বৰ মন্দিৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ খটখটিটোতে বহি থাকোতে মূৰৰ ব্ৰহ্মতালু খন ডাঙৰকৈ ওলাই থকা এজন সদাসয়ে বহি থকা ঠাইতে মাৰিলে নহয় খুন্দা এটা ৷ তাই নপৰাকৈ কোনোমতে চম্ভালি মুখখন খঙেৰে ভৰাই মানুহদনলৈ চাই চিঞৰি উঠিল -" ঐ ৰোমিঅ মোকহে খুন্দা মাৰিব পাৰিলি নে ? "তাইৰ মাতত থতমত খাই
তাইলৈ চায়ে সিওঁ চিঞৰি উঠিল- "ঐ জুলিয়েট তোৰ ভাবনাতে বয়স পাৰ হ'ল, চকুৰ পাৱাৰ গ'ল, নুখুন্দিয়াই কি কৰিম ৷" কৈয়ে দুয়ো হাঁহিত ফাটি পৰিল ৷ সেয়া কলেজীয়া জীৱনত নীলাঞ্জনাৰ প্ৰেমত ডুবি থকা অৰ্ণৱ ৷ হাঁহি হাঁহিয়ে অৰ্ণৱে সুধিলে -"চিঙ্গল", তায়ো হাঁহি উত্তৰ
দিলে-"ইয়েচ" ৷ অৰ্ণৱে গহীন হৈ ক'লে- "মি টু,উইল ইউ মেৰি মি ?" তায়ো গহীন হৈ উত্তৰ দিবলৈ লৈ ভাবিলে এই বয়সত সময় নষ্ট নকৰাই ভাল আৰু কৈ দিলে -"ইয়েচ, আই উইল ৷" (সমাপ্ত)








