জীৱনৰ অৰ্থ বিচাৰি
তমসাত ভৰি পৰা গধূলি
বেলি ফুলৰ দৰে মুখনিত
সদায় নিশা ফুলি উঠে নিয়ৰৰ মুকুতা……
দুপৰৰ বৰ্ণিল হাঁহি
বুকুত খামুচ মাৰি বগুৱা বাই
বুকুত খামুচ মাৰি বগুৱা বাই
বিষাদৰ দীঘল হাত
দুচকুত সপোনৰ হালধীয়া বুবুৰণি
বুকুত অলেখ আশা
দূৰণিত সপ্তৰঙী সপোন
দুচকুত সপোনৰ হালধীয়া বুবুৰণি
বুকুত অলেখ আশা
দূৰণিত সপ্তৰঙী সপোন
মই নিঃসহায়
মিছা হাঁহিৰ অলেখ প্ৰতিশ্ৰুতি
সপোনবোৰ হালধীয়ষ ফাকু
উৰি যায় শূন্যত
মিছা হাঁহিৰ অলেখ প্ৰতিশ্ৰুতি
সপোনবোৰ হালধীয়ষ ফাকু
উৰি যায় শূন্যত
যান্ত্ৰণাৰে ভৰা যাত্ৰা মোৰ
মৰুভূমিত মৰিচিকা খেদি
যেন মই তৃষ্ণাতুৰ বেদুইন
যেন মই তৃষ্ণাতুৰ বেদুইন







